--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এছ অ' পি অনুসৰি এতিয়াৰে পৰা ব্যৱসায়ীৰ হাতত গাহৰি ক্ৰয় কৰা বিল আৰু জি এছ টিৰ বিল থকাটো বাধ্যতামূলক

ডিজিটেল ডেস্ক : অসমত ছোৱাইন ফ্লুৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে দেওবাৰে অসমলৈ গাহৰিৰ আমদানি আৰু বিক্ৰীৰ ক্ষেত্ৰত বিশেষ এছ অ' পি জাৰি কৰিছে। অসম তথা উত্তৰ-পূবত হোৱা ছোৱাইন ফ্লুৰ ভয়াৱহতা ৰোধ কৰাৰ বাবে ৰাজ্যৰ পশুপালন আক পশু চিকিৎসা বিভাগে এই এছ অ' পি জাৰি কৰিছে।


এছ অ' পি অনুসৰি এতিয়াৰে পৰা ব্যৱসায়ীৰ হাতত গাহৰি ক্ৰয় কৰা বিল আৰু জি এছ টিৰ বিল থকাটো বাধ্যতামূলক কৰা হৈছে। আনহাতে বিক্ৰীৰ বাবে অনা প্রতিটো গাহৰিৰ স্বাস্থ্য পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু পৰীক্ষাৰ চার্টিফিকেট ব্যৱসায়ীয়ে প্রদর্শন কৰিব লাগিব।


কিন্তু গাহৰিৰ স্বাস্থ্য পৰীক্ষাৰ চাৰ্টিফিকেট এসপ্তাহৰ পাছত অবৈধ হৈ পৰিব। অর্থাৎ প্রতি সপ্তাহত গাহৰিৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগিব। আনহাতে বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত গাহৰি কঢ়িয়াই অনা স্কলো বাহন আন্তঃৰাজ্যিক সীমান্ত পৰীক্ষা চকীত পৰীক্ষা কৰা হ'ব।


মুখ্যতঃ শ্ৰীৰামপুৰ, কোকৰাঝাৰ, বক্সিৰহাট, ধুবুৰী, বর্ণিহাট, কামৰূপ (ম), আমগুৰি আৰু শিৱসাগৰত পৰীক্ষা কৰা হ'ব। সীমান্ত পৰীক্ষা চকীৰ উপৰি বিভিন্ন স্থানত পৰীক্ষাৰ সময়ত ছোৱাইন ফ্লুৰ বীজাণু ধৰা পৰিলে গাহৰিবোৰ মাৰি পেলোৱা হ'ব।


এতিয়াৰে পৰা ৰাজ্যত নিশা গাহৰি কঢ়িওৱাটো নিষিদ্ধ কৰা হৈছে। অসমত প্ৰৱেশ কৰাৰ সময়ত সীমান্ত পৰীক্ষা চকীত গাহৰিৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব আৰু এই পৰীক্ষাত নিগেটিভ পোৱা গ'লেহে অসমত প্ৰৱেশ কৰাৰ লগতে ৰাজ্যৰ ভিতৰত গাহৰি পৰিবহণ কৰিবলৈ দিয়া হ'ব। পৰীক্ষা সম্পূর্ণ নোহোৱালৈকে গাড়ী সীমান্ততে ৰৈ থাকিব লাগিব। প্রাথমিক পৰীক্ষাৰ সময়ত গাহৰিৰ শৰীৰত ছোৱাইন ফ্লুৰ লক্ষণ পোৱা গ'লে লগে লগে কুৱাৰাইণ্টাইন কৰা হ'ব।


আনহাতে তেনে গাহৰিৰ নমুনা খানাপাৰাত থকা পৰীক্ষাগাৰত আৰ টি পি চি আৰ পৰীক্ষা কৰা হ'ব। এই পৰীক্ষাত নিগেটিভ পোৱা গ'লেহে গাহৰিক ৰাজ্যৰ ভিতৰত প্ৰৱেশ কৰাৰ অনুমতি প্রদান কৰা হ'ব। এই পৰীক্ষাত পুনৰ পজিটিভ আহিলে সেই গাহৰিবোৰ মাৰি পুতি পেলোৱা হ'ব। তেনে পৰিস্থিতিত ক্রেতা, বিক্রেতা বা পৰিবহণ কোনো পক্ষকে ক্ষতিপূৰণ প্ৰদান কৰা নহ'ব। আনহাতে এই আৰ টি পি চি আৰ পৰীক্ষা ব্যয়বহুল হোৱাৰ উপৰি কেইবাদিনো সময়ৰ প্রয়োজন হয়। তেনে পৰিপ্ৰেক্ষিতত কুৱাৰাইণ্টাইন কৰাৰ সময়ত গাহৰিৰ দানা প্রদান, ঔষধ প্রদান আৰু পৰীক্ষাৰ ব্যয় গাহৰি যোগান ধৰোঁতা প্রতিষ্ঠান বা ক্রেতা প্রতিষ্ঠান বা পৰিবহণ সংস্থাই বহন কৰিব লাগিব।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি