--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এছ অ' পি অনুসৰি এতিয়াৰে পৰা ব্যৱসায়ীৰ হাতত গাহৰি ক্ৰয় কৰা বিল আৰু জি এছ টিৰ বিল থকাটো বাধ্যতামূলক

ডিজিটেল ডেস্ক : অসমত ছোৱাইন ফ্লুৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে দেওবাৰে অসমলৈ গাহৰিৰ আমদানি আৰু বিক্ৰীৰ ক্ষেত্ৰত বিশেষ এছ অ' পি জাৰি কৰিছে। অসম তথা উত্তৰ-পূবত হোৱা ছোৱাইন ফ্লুৰ ভয়াৱহতা ৰোধ কৰাৰ বাবে ৰাজ্যৰ পশুপালন আক পশু চিকিৎসা বিভাগে এই এছ অ' পি জাৰি কৰিছে।


এছ অ' পি অনুসৰি এতিয়াৰে পৰা ব্যৱসায়ীৰ হাতত গাহৰি ক্ৰয় কৰা বিল আৰু জি এছ টিৰ বিল থকাটো বাধ্যতামূলক কৰা হৈছে। আনহাতে বিক্ৰীৰ বাবে অনা প্রতিটো গাহৰিৰ স্বাস্থ্য পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু পৰীক্ষাৰ চার্টিফিকেট ব্যৱসায়ীয়ে প্রদর্শন কৰিব লাগিব।


কিন্তু গাহৰিৰ স্বাস্থ্য পৰীক্ষাৰ চাৰ্টিফিকেট এসপ্তাহৰ পাছত অবৈধ হৈ পৰিব। অর্থাৎ প্রতি সপ্তাহত গাহৰিৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগিব। আনহাতে বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰাৰ সময়ত গাহৰি কঢ়িয়াই অনা স্কলো বাহন আন্তঃৰাজ্যিক সীমান্ত পৰীক্ষা চকীত পৰীক্ষা কৰা হ'ব।


মুখ্যতঃ শ্ৰীৰামপুৰ, কোকৰাঝাৰ, বক্সিৰহাট, ধুবুৰী, বর্ণিহাট, কামৰূপ (ম), আমগুৰি আৰু শিৱসাগৰত পৰীক্ষা কৰা হ'ব। সীমান্ত পৰীক্ষা চকীৰ উপৰি বিভিন্ন স্থানত পৰীক্ষাৰ সময়ত ছোৱাইন ফ্লুৰ বীজাণু ধৰা পৰিলে গাহৰিবোৰ মাৰি পেলোৱা হ'ব।


এতিয়াৰে পৰা ৰাজ্যত নিশা গাহৰি কঢ়িওৱাটো নিষিদ্ধ কৰা হৈছে। অসমত প্ৰৱেশ কৰাৰ সময়ত সীমান্ত পৰীক্ষা চকীত গাহৰিৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব আৰু এই পৰীক্ষাত নিগেটিভ পোৱা গ'লেহে অসমত প্ৰৱেশ কৰাৰ লগতে ৰাজ্যৰ ভিতৰত গাহৰি পৰিবহণ কৰিবলৈ দিয়া হ'ব। পৰীক্ষা সম্পূর্ণ নোহোৱালৈকে গাড়ী সীমান্ততে ৰৈ থাকিব লাগিব। প্রাথমিক পৰীক্ষাৰ সময়ত গাহৰিৰ শৰীৰত ছোৱাইন ফ্লুৰ লক্ষণ পোৱা গ'লে লগে লগে কুৱাৰাইণ্টাইন কৰা হ'ব।


আনহাতে তেনে গাহৰিৰ নমুনা খানাপাৰাত থকা পৰীক্ষাগাৰত আৰ টি পি চি আৰ পৰীক্ষা কৰা হ'ব। এই পৰীক্ষাত নিগেটিভ পোৱা গ'লেহে গাহৰিক ৰাজ্যৰ ভিতৰত প্ৰৱেশ কৰাৰ অনুমতি প্রদান কৰা হ'ব। এই পৰীক্ষাত পুনৰ পজিটিভ আহিলে সেই গাহৰিবোৰ মাৰি পুতি পেলোৱা হ'ব। তেনে পৰিস্থিতিত ক্রেতা, বিক্রেতা বা পৰিবহণ কোনো পক্ষকে ক্ষতিপূৰণ প্ৰদান কৰা নহ'ব। আনহাতে এই আৰ টি পি চি আৰ পৰীক্ষা ব্যয়বহুল হোৱাৰ উপৰি কেইবাদিনো সময়ৰ প্রয়োজন হয়। তেনে পৰিপ্ৰেক্ষিতত কুৱাৰাইণ্টাইন কৰাৰ সময়ত গাহৰিৰ দানা প্রদান, ঔষধ প্রদান আৰু পৰীক্ষাৰ ব্যয় গাহৰি যোগান ধৰোঁতা প্রতিষ্ঠান বা ক্রেতা প্রতিষ্ঠান বা পৰিবহণ সংস্থাই বহন কৰিব লাগিব।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা