--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে চৰ্চালৈ অহা বিভিন্ন বিষয় সন্দর্ভত আজি প্রকাশ কৰি কণ্ঠশিল্পী মানস ৰবীনে কয় যে জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ তেওঁৰ হাতত আছে।

ডিজিটেল ডেস্কঃ অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁৰ মৃত্যুৰ বাবে জগৰীয়াসকলক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন হৈ থকাৰ সময়তে এইবাৰ তেওঁৰ কষ্টোপার্জিত ধন আত্মসাতৰ গুৰুতৰ অভিযোগো উত্থাপন হৈছে। তেওঁৰ এতিয়াৰ আৰু পূৰ্বৰ মেনেজাৰদ্বয়ে তেওঁৰ বৃহৎ ধন আত্মসাৎ কৰাৰ উপৰি সৃষ্টিকৰ্মৰ পৰা অহা ধন হৰণলুকী কৰিবলৈ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। এনে সময়তে জুবিন গাৰ্গৰ ধন মেনেজাৰে আত্মসাৎ কৰাৰ প্রমাণ লগত থকাৰ বিস্ফোৰক দাবী কৰিছে জুবিন গাৰ্গৰ বহু সৃষ্টিৰ সংগী তথা জনপ্রিয় কণ্ঠশিল্পী মানস ৰবীনে। 


জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে চৰ্চালৈ অহা বিভিন্ন বিষয় সন্দর্ভত আজি প্রকাশ কৰি কণ্ঠশিল্পী মানস ৰবীনে কয় যে জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ তেওঁৰ হাতত আছে। জুবিনৰ বন্ধু মানস ৰবীনে তেওঁৰ হাতত থকা প্ৰমাণ তদন্তকাৰী চি আই ডিক দিবলৈ সাজু আছে বুলিও প্রকাশ কৰে। 


তেওঁ কয় যে জুবিন গাৰ্গৰ ধন আত্মসাতৰ অভিযোগ পূর্বে বহুবাৰ পাইছিলোঁ। কিন্তু বিশ্বাস কৰা নাছিলোঁ, কিন্তু এতিয়া কথাবোৰ সঁচা প্রমাণ হ'বলৈ ধৰিছে। মোৰ ওচৰত ইয়াৰ এটা নিশ্চিত প্রমাণ আছে। তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দুটা দিশ চাব লাগিব বুলি উল্লেখ কৰি প্ৰথমটো মৃত্যুৰ ৰহস্য উদঘাটন আৰু দ্বিতীয়তে অর্থনৈতিক লেনদেনৰ খেলিমেলি বুলি কয়। 


জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত অর্থনৈতিক লেনদেনৰ বিষয় আছে নেকি তাৰো তদন্ত কৰাৰ বাবে তেওঁ আহ্বান জনায়। ইফালে শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰা সন্দর্ভত তেওঁ প্রতিক্রিয়া প্রকাশ কৰি কয় যে তেওঁক ব্লেকলিষ্ট কৰাত হয়তো মহন্ত পৰিয়ালে বেয়া পাইছে, কিন্তু সমগ্র অসমবাসীয়ে ভাল পাইছে। লক্ষণীয়ভাৱে জুবিন গাৰ্গৰ এটা প্রতিমূর্তি মাদাম টুছ' সংগ্রহালয়ত প্রতিষ্ঠা কৰাৰ পোষকতা কৰি তেওঁ কয় যে দেশ-বিদেশৰ বিখ্যাত ব্যক্তিসকলক তাত স্থান দিয়া হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁক শেষ শ্রদ্ধা জনাবৰ বাবে সমৱেত হোৱা মানুহৰ সংখ্যাই অভিলেখ সৃষ্টি কৰাৰ কথা ওলাইছে। যদি এয়া সত্য হয় তেনেহ'লে মাদাম টুছ' সংগ্ৰহালয়ত তেওঁৰ প্ৰতিমূর্তি স্থাপন কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষই বিশেষভাৱে পদক্ষেপ লোৱা উচিত। তেওঁ ব্যক্তিগতভাৱে বন্ধু জুবিন গাৰ্গৰ স্মৃতিত তেওঁক শেষ শ্রদ্ধা জনোৱাৰ সময়ত অসমৰ ৰাইজে দিয়া সকলো জাতি-জনগোষ্ঠীৰ গামোচাৰে এখন বৃহৎ চিলা প্রস্তুত কৰি লাচিত ঘাটত উৰুওৱাৰ ঘোষণা কৰে। 


জুবিন গাৰ্গে চিলাৰ দৰে উৰি থাকিবলৈ ভাল পাইছিল বাবে এই সিদ্ধান্ত লোৱা বুলিও তেওঁ কয়। শ্রদ্ধাঞ্জলি অনুষ্ঠানত লাভ কৰা গামোচাৰ এটা অংশৰে এই চিলাখন প্ৰস্তুত কৰাৰ কথা ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা বুলি প্রকাশ কৰে। 


অৱশ্যে এনেদৰে ৰাইজে মৰম কৰি দিয়া একাংশ গামোচা জুবিন গাৰ্গৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰা হ'ব বুলিও তেওঁ প্রকাশ কৰে। আনহাতে সিদ্ধার্থ শৰ্মাৰ হাতত বর্তমান থকা জুবিন গাৰ্গৰ অৰ্থনৈতিক লেনদেনৰ সকলো নিয়ন্ত্ৰণ পৰিয়ালৰ হাতলৈ আনিব লাগে বুলিও কণ্ঠশিল্পী মানস ৰবীনে কয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ