--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • খাদ্যৰ সন্ধানত নিশা হ'লে জনাঞ্চললৈ ওলাই আহে বনৰীয়া হাতীৰ বৃহৎ জাক।

ডিজিটেল ডেস্কঃ  বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস।  বাক্সাৰ বাগানপাৰাৰ বৰিকাদঙাত বনৰীয়া হাতীৰ বৃহৎ জাকে তাণ্ডৱ চলায়।


খাদ্যৰ সন্ধানত নিশা হ'লে জনাঞ্চললৈ ওলাই আহে বনৰীয়া হাতীৰ বৃহৎ জাক।


স্থানীয় ৰাইজ আৰু বনবিভাগে জুই জ্বলাই হাতী খেদি পঠিওৱাৰ চেষ্টা কৰে।


উজাগৰী নিশা লঘোনে কটাই এনেদৰে বনবিভাগৰ সৈতে হাতী খেদিছে গঞা ৰাইজে।


ইতিমধ্যে বনৰীয়া হাতীয়ে তহিলং কৰিছে ঘৰ-দুৱাৰ, পাক ঘৰৰ চাউল, ভড়ালৰ ধানকে ধৰি তামোল আৰু কলগছৰ বাগান।


কৃষক ৰাইজে ৰোপণ কৰা ধানখেতি গচকি নষ্টি কৰি পেলাইছে হাতীৰ বৃহৎ জাকটোৱে।


ভাৰত-ভূটান সীমান্তত বনাঞ্চল বেদখল হোৱাৰ বাবে এইদৰে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ঢাপলি মেলিছে বনৰীয়া হাতীয়ে।


এতিয়া প্ৰশ্ন হয় সীমান্ত অঞ্চলত কেতিয়া ৰোধ হ'ব হাতী-মানুহৰ সংঘাত। বিভাগীয় কৰ্তৃপক্ষই কিয় ৰোধ কৰিব পৰা নাই বনৰীয়া হাতীৰ তাণ্ডৱ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ