ডিজিটেল ডেস্কঃ বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস। বাক্সাৰ বাগানপাৰাৰ বৰিকাদঙাত বনৰীয়া হাতীৰ বৃহৎ জাকে তাণ্ডৱ চলায়।
খাদ্যৰ সন্ধানত নিশা হ'লে জনাঞ্চললৈ ওলাই আহে বনৰীয়া হাতীৰ বৃহৎ জাক।
স্থানীয় ৰাইজ আৰু বনবিভাগে জুই জ্বলাই হাতী খেদি পঠিওৱাৰ চেষ্টা কৰে।
উজাগৰী নিশা লঘোনে কটাই এনেদৰে বনবিভাগৰ সৈতে হাতী খেদিছে গঞা ৰাইজে।
ইতিমধ্যে বনৰীয়া হাতীয়ে তহিলং কৰিছে ঘৰ-দুৱাৰ, পাক ঘৰৰ চাউল, ভড়ালৰ ধানকে ধৰি তামোল আৰু কলগছৰ বাগান।
কৃষক ৰাইজে ৰোপণ কৰা ধানখেতি গচকি নষ্টি কৰি পেলাইছে হাতীৰ বৃহৎ জাকটোৱে।
ভাৰত-ভূটান সীমান্তত বনাঞ্চল বেদখল হোৱাৰ বাবে এইদৰে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ঢাপলি মেলিছে বনৰীয়া হাতীয়ে।
এতিয়া প্ৰশ্ন হয় সীমান্ত অঞ্চলত কেতিয়া ৰোধ হ'ব হাতী-মানুহৰ সংঘাত। বিভাগীয় কৰ্তৃপক্ষই কিয় ৰোধ কৰিব পৰা নাই বনৰীয়া হাতীৰ তাণ্ডৱ।