--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি কাজিৰঙাত থকা বন বিভাগৰ পৰমান্দন লাহন প্ৰেক্ষাগৃহত জীপ চাফাৰী সন্থা,হোটেল এণ্ড ৰিজৰ্ট এছচিয়েচন,টুৰিষ্ট গাইড সন্থাৰ লগতে কাজিৰঙাৰ স্থানীয় দল সংগঠনৰ সৈতে মত বিনিময় কৰে বন বিভাগৰ বিষয়াৰ দলে।

ডিজিটেল ডেস্কঃ কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এইবেলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল প্ৰথমে আংশিকভাৱে মুকলি হ'ব বুলি সদৰী কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড০ সোণালী ঘোষে।


আজি কাজিৰঙাত থকা বন বিভাগৰ পৰমান্দন লাহন প্ৰেক্ষাগৃহত জীপ চাফাৰী সন্থা,হোটেল এণ্ড ৰিজৰ্ট এছচিয়েচন,টুৰিষ্ট গাইড সন্থাৰ লগতে কাজিৰঙাৰ স্থানীয় দল সংগঠনৰ সৈতে মত বিনিময় কৰে বন বিভাগৰ বিষয়াৰ দলে।


উল্লেখ্যে উদ্যান মুকলিৰ লগতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ বিশেষ কাৰ্যসূচীৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই।


এইবাৰ বাগৰি বনাঞ্চল প্ৰথমে মুকলি কৰা হ'ব যদিও দলং নিৰ্মাণ কৰি থকাৰ বাবে কঁহৰা বনাঞ্চল মুকলি কিছু পলম হ'ব। উল্লেখ্যে যে ২০২৫-২৬ পৰ্যটন বৰ্ষত বহু নতুনত্ব থাকিব বুলিও উল্লেখ কৰে সোণালী ঘোষে। কাইলৈ উদ্যান মুকলি অনুষ্ঠানত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,সাংসদ কামাখ্যা প্ৰসাদ তাচা,মন্ত্ৰী অজন্তা নেওগ,অতুল বৰা,কেশৱ মহন্ত উপস্থিত থাকিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ