ডিজিটেল ডেস্কঃ কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এইবেলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল প্ৰথমে আংশিকভাৱে মুকলি হ'ব বুলি সদৰী কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড০ সোণালী ঘোষে।
আজি কাজিৰঙাত থকা বন বিভাগৰ পৰমান্দন লাহন প্ৰেক্ষাগৃহত জীপ চাফাৰী সন্থা,হোটেল এণ্ড ৰিজৰ্ট এছচিয়েচন,টুৰিষ্ট গাইড সন্থাৰ লগতে কাজিৰঙাৰ স্থানীয় দল সংগঠনৰ সৈতে মত বিনিময় কৰে বন বিভাগৰ বিষয়াৰ দলে।
উল্লেখ্যে উদ্যান মুকলিৰ লগতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ বিশেষ কাৰ্যসূচীৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই।
এইবাৰ বাগৰি বনাঞ্চল প্ৰথমে মুকলি কৰা হ'ব যদিও দলং নিৰ্মাণ কৰি থকাৰ বাবে কঁহৰা বনাঞ্চল মুকলি কিছু পলম হ'ব। উল্লেখ্যে যে ২০২৫-২৬ পৰ্যটন বৰ্ষত বহু নতুনত্ব থাকিব বুলিও উল্লেখ কৰে সোণালী ঘোষে। কাইলৈ উদ্যান মুকলি অনুষ্ঠানত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,সাংসদ কামাখ্যা প্ৰসাদ তাচা,মন্ত্ৰী অজন্তা নেওগ,অতুল বৰা,কেশৱ মহন্ত উপস্থিত থাকিব।