--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সাংসদগৰাকীয়ে লগতে কয় যে অসমৰ কয়লাৰ এই অবৈধ ব্যৱসায়ৰ দুর্নীতিয়ে দিল্লী আৰু তেলেংগানাৰ বৃহৎ সুৰা কেলেংকাৰিকো চেৰ পেলাব।

ডিজিটেল ডেস্কঃ অসমত চলি থকা অবৈধ কয়লা খনন আৰু ছিণ্ডিকেটৰ বিষয়টো বুধবাৰে লোক সভাত উত্থাপন কৰে বিৰোধী উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে।


ৰাজ্যখনত অবৈধভাৱে কয়লা খনন আৰু ছিণ্ডিকেট চলি থকাৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰ অৱগত নে বুলি প্রশ্ন উত্থাপন কৰি তেওঁ কয় যে যোৱা ২৫ এপ্রিলত ই ডিয়ে (Enforcement Directorate) এক প্রেছ বিজ্ঞপ্তি জাৰি কৰিছিল। য'ত তেওঁলোকে অসম আৰু মেঘালয়ৰ ১৫টাকৈ স্থানত তালাচী অভিযান চলোৱাৰ কথা উল্লেখ কৰিছিল।


উক্ত প্রেছ বিজ্ঞপ্তিতে তেওঁলোকে স্পষ্টকৈ কৈছিল যে অসম আৰু মেঘালয়ৰ অবৈধ কয়লাৰ ছিণ্ডিকেট চলি আছে। য'ত বৈধ কয়লা খনিৰ নামৰ বহু ভুৱা বিল বনাই কৰ ফাঁকি দি একাংশই কোটি কোটি টকাৰ মুনাফা লুটি আছে। এই ক্ষেত্রত বিভাগীয় ম্যালয়ে কি ব্যৱস্থা গ্রহণ কৰিছে বুলি প্রশ্ন তুলি গগৈয়ে লগতে কয় যে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ অনুসন্ধানকাৰী সংস্থাৰ তৰফৰ পৰা কিয় কোনো তদন্ত আৰম্ভ কৰা নাই সেয়া ৰহস্যৰ বিষয়। কেৱল অভিযান চলাই ধন জব্দ কৰিয়েই দায়িত্ব আৰু বিষয়টো সমাপ্ত কৰিলে নেকি বুলিও প্রশ্ন তোলে গগৈয়ে। তেওঁৰ মতে এনে গুৰুতৰ দুৰ্নীতিৰ বিষয়টোৰ সন্দর্ভত বিভাগীয় মন্ত্ৰ্যালয়ৰ মৌনতা কেৱল হতাশাজনকেই নহয়, ই দুর্নীতি- অন্যায়ক প্রশ্রয় দিয়াৰ দৰেই হৈছে।


সাংসদগৰাকীয়ে লগতে কয় যে অসমৰ কয়লাৰ এই অবৈধ ব্যৱসায়ৰ দুর্নীতিয়ে দিল্লী আৰু তেলেংগানাৰ বৃহৎ সুৰা কেলেংকাৰিকো চেৰ পেলাব। এনে এক বিয়াগোম দুর্নীতিৰ লগত জড়িতসকলৰ বিৰুদ্ধে অনতিপলমে কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাৰ দ্বাৰা উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰিব লাগে। অন্যথা গণতান্ত্রিক ব্যৱস্থা আৰু দায়বদ্ধতাৰ প্ৰতি জনগণৰ বিশ্বাস নোহোৱা হৈ পৰিব।


সাংসদগৰাকীয়ে স্পষ্টভাবে কয় যে এই বিষয়টো কেৱল মাত্র কয়লাৰ লগতে জড়িত নহয়, ইয়াৰ লগত চৰকাৰৰ দায়বদ্ধতাৰ প্ৰশ্নও জড়িত আছে। প্রকৃত সত্যক অস্বীকাৰ কৰাৰ পৰিৱৰ্তে স্বীকাৰ কৰি বিহিত ব্যৱস্থা গ্রহণ কৰাটো চৰকাৰৰ কৰ্তব্য আৰু দায়িত্ব


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ