--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সাংসদগৰাকীয়ে লগতে কয় যে অসমৰ কয়লাৰ এই অবৈধ ব্যৱসায়ৰ দুর্নীতিয়ে দিল্লী আৰু তেলেংগানাৰ বৃহৎ সুৰা কেলেংকাৰিকো চেৰ পেলাব।

ডিজিটেল ডেস্কঃ অসমত চলি থকা অবৈধ কয়লা খনন আৰু ছিণ্ডিকেটৰ বিষয়টো বুধবাৰে লোক সভাত উত্থাপন কৰে বিৰোধী উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে।


ৰাজ্যখনত অবৈধভাৱে কয়লা খনন আৰু ছিণ্ডিকেট চলি থকাৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰ অৱগত নে বুলি প্রশ্ন উত্থাপন কৰি তেওঁ কয় যে যোৱা ২৫ এপ্রিলত ই ডিয়ে (Enforcement Directorate) এক প্রেছ বিজ্ঞপ্তি জাৰি কৰিছিল। য'ত তেওঁলোকে অসম আৰু মেঘালয়ৰ ১৫টাকৈ স্থানত তালাচী অভিযান চলোৱাৰ কথা উল্লেখ কৰিছিল।


উক্ত প্রেছ বিজ্ঞপ্তিতে তেওঁলোকে স্পষ্টকৈ কৈছিল যে অসম আৰু মেঘালয়ৰ অবৈধ কয়লাৰ ছিণ্ডিকেট চলি আছে। য'ত বৈধ কয়লা খনিৰ নামৰ বহু ভুৱা বিল বনাই কৰ ফাঁকি দি একাংশই কোটি কোটি টকাৰ মুনাফা লুটি আছে। এই ক্ষেত্রত বিভাগীয় ম্যালয়ে কি ব্যৱস্থা গ্রহণ কৰিছে বুলি প্রশ্ন তুলি গগৈয়ে লগতে কয় যে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ অনুসন্ধানকাৰী সংস্থাৰ তৰফৰ পৰা কিয় কোনো তদন্ত আৰম্ভ কৰা নাই সেয়া ৰহস্যৰ বিষয়। কেৱল অভিযান চলাই ধন জব্দ কৰিয়েই দায়িত্ব আৰু বিষয়টো সমাপ্ত কৰিলে নেকি বুলিও প্রশ্ন তোলে গগৈয়ে। তেওঁৰ মতে এনে গুৰুতৰ দুৰ্নীতিৰ বিষয়টোৰ সন্দর্ভত বিভাগীয় মন্ত্ৰ্যালয়ৰ মৌনতা কেৱল হতাশাজনকেই নহয়, ই দুর্নীতি- অন্যায়ক প্রশ্রয় দিয়াৰ দৰেই হৈছে।


সাংসদগৰাকীয়ে লগতে কয় যে অসমৰ কয়লাৰ এই অবৈধ ব্যৱসায়ৰ দুর্নীতিয়ে দিল্লী আৰু তেলেংগানাৰ বৃহৎ সুৰা কেলেংকাৰিকো চেৰ পেলাব। এনে এক বিয়াগোম দুর্নীতিৰ লগত জড়িতসকলৰ বিৰুদ্ধে অনতিপলমে কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাৰ দ্বাৰা উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰিব লাগে। অন্যথা গণতান্ত্রিক ব্যৱস্থা আৰু দায়বদ্ধতাৰ প্ৰতি জনগণৰ বিশ্বাস নোহোৱা হৈ পৰিব।


সাংসদগৰাকীয়ে স্পষ্টভাবে কয় যে এই বিষয়টো কেৱল মাত্র কয়লাৰ লগতে জড়িত নহয়, ইয়াৰ লগত চৰকাৰৰ দায়বদ্ধতাৰ প্ৰশ্নও জড়িত আছে। প্রকৃত সত্যক অস্বীকাৰ কৰাৰ পৰিৱৰ্তে স্বীকাৰ কৰি বিহিত ব্যৱস্থা গ্রহণ কৰাটো চৰকাৰৰ কৰ্তব্য আৰু দায়িত্ব


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল