--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গৰুবাট মৌজাৰ বৃহত্তৰ অঞ্চলটোৰ কৃষকে আজিও একমাত্ৰ বতৰৰ ওপৰতে নিৰ্ভৰ কৰি কৰিব লগা হৈছে কৃষি কৰ্ম

ডিজিটেল ডেস্কঃ দেশে স্বাধীনতা লাভ কৰা সাতটা দশক পাৰ হৈ আঠটা দশক হ'বৰ হ'ল । সুদীৰ্ঘ এই সময়চোৱাত বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়ন হ'ল । যাৰ ফলত মানুহে এতিয়া অসাধ্যকো সাধ্য কৰি তুলিব পৰা হ'ল । কিন্তু কামপুৰৰ দক্ষিণ কপিলীপাৰৰ কৃষকক যেন ঢুকি পোৱা নাই উন্নয়ন আৰু প্ৰযুক্তি বিদ্যাই ।


কিয়নো গৰুবাট মৌজাৰ বৃহত্তৰ অঞ্চলটোৰ কৃষকে আজিও একমাত্ৰ বতৰৰ ওপৰতে নিৰ্ভৰ কৰি কৰিব লগা হৈছে কৃষি কৰ্ম । বৰষুণ পৰিলেহে আঘোণৰ পথাৰ সোণোৱালী হয় আৰু বৰষুণ নপৰিলে পথাৰ চণে ৰয় ।


বৰষুণৰ অভাৱত কামপুৰৰ কপিলীপাৰৰ বহু কৃষকে আজিও ৰুব পৰা নাই আশাৰ খেতি ডৰা ।কোনো কোনো কৃষকে বাওঁ সিচাৰ লগতে ভূঁই ৰুইছিল যদিও সেয়া বৰ্তমান প্ৰচণ্ড ৰ'দত শুকাই ফাট মেলি গৈছে । উপায়হীন হৈ বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষক সকলে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে । প্ৰশ্ন হয়, ৰাজ্যত বিয়াগোম জলসিঞ্চন বিভাগ এটা থকাৰ পাছতো আজিৰ দিনত একমাত্ৰ বতৰৰ ওপৰত ভৰষা কৰি খেতি কৰিব লগা হৈছে কিয় ? চহা কৃষক ৰাইজে পথাৰত কৃষিকৰ্ম কৰিব পৰাকৈ পানী যোগানৰ এক সুব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে কৃষক ৰাইজে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ