--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই ভিডিঅ’টোকে লৈ বিজেপিৰ মহিলা কাৰ্যকৰ্তাগৰাকীয়ে এতিয়া ৰাষ্ট্ৰীয় মহিলা আয়োগৰ কাষ চাপিছে

ডিজিটেল ডেস্কঃ গোৱালপাৰাত উচ্ছেদপীড়িত মহিলাৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি এতিয়া বিপদত বিধায়ক অখিল গগৈ । এগৰাকী অচেতনপ্ৰায় মহিলাক স্পৰ্শ কৰাৰ বাবে অভিযোগ উত্থাপন এগৰাকী মহিলাৰ।


নাং লাকী গগৈ নামৰ বিজেপিৰ মহিলা কাৰ্যকৰ্তাগৰাকীয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰত দাখিল কৰিছে গোচৰ । উল্লেখ্য যে ধুবুৰীৰ চাপৰত চৰকাৰে চলোৱা বিশাল উচ্ছেদ অভিযানৰ পিছত ঘৰ-বাৰী হেৰুৱাই পেলোৱা লোকসকলৰ অস্থায়ী আশ্ৰয়স্থলীত খবৰ লৈছিল বিধায়ক অখিল গগৈয়ে ৷


সেই স্থানতে তেওঁ বিভিন্নজনক সাৱটি ধৰি সহমৰ্মিতা প্ৰকাশ কৰিছিল । ইয়াৰ মাজতে এগৰাকী বয়সস্থ মহিলাক কপালত বিধায়ক গগৈয়ে চুমা খোৱা এখন ফটো আৰু এগৰাকী শোকত বাগৰি পৰি থকা মহিলাক মূৰটো আনি নিজৰ কোলাত তুলি লোৱা দৃশ্যৰ এটি চুটি ভিডিঅ’ সামাজিক মাধ্যমত চৰ্চালৈ আহে ৷ এই ভিডিঅ’টোকে লৈ বিজেপিৰ মহিলা কাৰ্যকৰ্তাগৰাকীয়ে তৰিলে গোচৰ ।



অৱশ্যে এই প্ৰসংগত বৰ্তমানলৈ অখিল গগৈয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । অখিল গগৈৰ বিৰুদ্ধে তেওঁ নিজৰ যুক্তি সামাজিক মাধ্যমত এইদৰে প্ৰকাশ কৰিছে — “ছ’চিয়েল মিডিয়াত viral ভিডিঅ' এটাত অখিল গগৈৰ অনুচিত আৰু অতি বিৰক্তিকৰ কাৰ্য দেখা পাই তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰিছোঁ । ভিডিঅ’টোত অখিল গগৈয়ে এগৰাকী অৰ্ধচেতন / অচেতন মহিলাক কোলাত টানি আনি স্পৰ্শ কৰি থকা দেখা গৈছে । এটা কথা স্পষ্ট যে মহিলাগৰাকী কোনো সন্মতি দিব পৰা অৱস্থাত নাই ।


এনে আচৰণ গভীৰভাৱে চিন্তনীয় আৰু সম্ভাব্য অপৰাধমূলক প্ৰকৃতিৰ । সেই বাবে মই আয়োগক অনুৰোধ জনাইছো যে বিষয়টো গুৰুত্ব সহকাৰে লৈ ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰক, জড়িত মহিলাগৰাকীৰ ন্যায় নিশ্চিত কৰক, অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া আৰম্ভ কৰক ।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ