--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই ভিডিঅ’টোকে লৈ বিজেপিৰ মহিলা কাৰ্যকৰ্তাগৰাকীয়ে এতিয়া ৰাষ্ট্ৰীয় মহিলা আয়োগৰ কাষ চাপিছে

ডিজিটেল ডেস্কঃ গোৱালপাৰাত উচ্ছেদপীড়িত মহিলাৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি এতিয়া বিপদত বিধায়ক অখিল গগৈ । এগৰাকী অচেতনপ্ৰায় মহিলাক স্পৰ্শ কৰাৰ বাবে অভিযোগ উত্থাপন এগৰাকী মহিলাৰ।


নাং লাকী গগৈ নামৰ বিজেপিৰ মহিলা কাৰ্যকৰ্তাগৰাকীয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰত দাখিল কৰিছে গোচৰ । উল্লেখ্য যে ধুবুৰীৰ চাপৰত চৰকাৰে চলোৱা বিশাল উচ্ছেদ অভিযানৰ পিছত ঘৰ-বাৰী হেৰুৱাই পেলোৱা লোকসকলৰ অস্থায়ী আশ্ৰয়স্থলীত খবৰ লৈছিল বিধায়ক অখিল গগৈয়ে ৷


সেই স্থানতে তেওঁ বিভিন্নজনক সাৱটি ধৰি সহমৰ্মিতা প্ৰকাশ কৰিছিল । ইয়াৰ মাজতে এগৰাকী বয়সস্থ মহিলাক কপালত বিধায়ক গগৈয়ে চুমা খোৱা এখন ফটো আৰু এগৰাকী শোকত বাগৰি পৰি থকা মহিলাক মূৰটো আনি নিজৰ কোলাত তুলি লোৱা দৃশ্যৰ এটি চুটি ভিডিঅ’ সামাজিক মাধ্যমত চৰ্চালৈ আহে ৷ এই ভিডিঅ’টোকে লৈ বিজেপিৰ মহিলা কাৰ্যকৰ্তাগৰাকীয়ে তৰিলে গোচৰ ।



অৱশ্যে এই প্ৰসংগত বৰ্তমানলৈ অখিল গগৈয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । অখিল গগৈৰ বিৰুদ্ধে তেওঁ নিজৰ যুক্তি সামাজিক মাধ্যমত এইদৰে প্ৰকাশ কৰিছে — “ছ’চিয়েল মিডিয়াত viral ভিডিঅ' এটাত অখিল গগৈৰ অনুচিত আৰু অতি বিৰক্তিকৰ কাৰ্য দেখা পাই তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰিছোঁ । ভিডিঅ’টোত অখিল গগৈয়ে এগৰাকী অৰ্ধচেতন / অচেতন মহিলাক কোলাত টানি আনি স্পৰ্শ কৰি থকা দেখা গৈছে । এটা কথা স্পষ্ট যে মহিলাগৰাকী কোনো সন্মতি দিব পৰা অৱস্থাত নাই ।


এনে আচৰণ গভীৰভাৱে চিন্তনীয় আৰু সম্ভাব্য অপৰাধমূলক প্ৰকৃতিৰ । সেই বাবে মই আয়োগক অনুৰোধ জনাইছো যে বিষয়টো গুৰুত্ব সহকাৰে লৈ ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰক, জড়িত মহিলাগৰাকীৰ ন্যায় নিশ্চিত কৰক, অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া আৰম্ভ কৰক ।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ