--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • টোকোলাই চাহ গৱেষণা প্রতিষ্ঠানলৈ মূল পুঁজি যোগানকাৰী অনুষ্ঠান ভাৰতীয় বৈজ্ঞানিক আৰু ঔদ্যোগিক গবেষণা অনুষদ চমুকৈ চিএছ আই আৰ (CSIR) ১৯৮৯ চনত পুঁজি যোগানৰ পৰা আঁতৰি যায়

ডিজিটেল ডেস্ক : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদ আহৰণৰ জৰিয়তে দেশৰ বিভিন্ন ৰাজ্যৰ অর্থনীতি সবল হোৱাৰ লগতে তেনে ৰাজ্যত সংস্থাপনৰ ভিন্ন বাট মুকলি হৈ আহিছে।


দেশে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰাই অপ্রিয় হ'লেও সত্য যে দিল্লীত থকা বিভিন্ন সময়ৰ চৰকাৰসমূহৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলকেন্দ্ৰিক অবজ্ঞা, অৱহেলাৰ সমান্তৰালভাৱে বঞ্চনাৰ প্ৰতিফলন বর্তমান সময়ত শতবর্ষ অতিক্ৰম কৰা বিশ্বপ্রসিদ্ধ টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ বেলিকাও প্রকট হৈ পৰিছে।


সম্প্রতি টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানটোৰ দুৰৱস্থা আৰু এই দিশত কেন্দ্ৰীয় চৰকাৰৰ অমনোযোগিতাৰ ফলত গৱেষণা প্রতিষ্ঠানটোৱে সম্মুখীন হোৱা সমস্যাৰ সন্দৰ্ভত 'দৈনিক জনমভূমি'ৰ তৰফৰ পৰা ইতিমধ্যে অনুসন্ধান কৰিবলৈ গৈ টোকোলাইৰ পৰিচালনাত থকা কর্তৃপক্ষ আৰু চাহলবীৰ কুটিল ষড়যন্ত্রত কেনেদৰে গৱেষণা প্ৰতিষ্ঠানটো ক্ৰমাৎ অচল হৈ পৰাৰ অৱস্থালৈ গতি কৰিছে সেই দিশবোৰো পোহৰলৈ আহিছে।


উল্লেখযোগ্য যে টোকোলাই চাহ গৱেষণা প্রতিষ্ঠানলৈ মূল পুঁজি যোগানকাৰী অনুষ্ঠান ভাৰতীয় বৈজ্ঞানিক আৰু ঔদ্যোগিক গবেষণা অনুষদ চমুকৈ চিএছ আই আৰ (CSIR) ১৯৮৯ চনত পুঁজি যোগানৰ পৰা আঁতৰি যায়। ইয়াৰ বিপৰীতে ১৯৯০ চনৰ পৰা ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রালয়ে ভাৰতীয় চাহ ব'ৰ্ডৰ যোগেদি টোকোলাই চাহ গৱেষণা প্রতিষ্ঠানলৈ ৫টা শিতানত বার্ষিক বাজেটৰ ৪৯ শতাংশ ধন দিয়াৰ ব্যৱস্থা কৰে। চাহ ব'ৰ্ডৰ যোগেদি আগবঢ়োৱা ৫টা শিতান হৈছে দৰমহা, ভবিষ্যনিধি, গ্রেচ্যুইটি, মেডিকেল আৰু প্ৰশিক্ষণ।


একাদশ পঞ্চ বার্ষিক পৰিকল্পনা কালত প্রয়াত জননেতা দুলাল চন্দ্ৰ বৰুৱাৰ প্ৰচেষ্টাত এই ধনৰ পৰিমাণ ৮০ শতাংশলৈ বৃদ্ধি কৰা হৈছিল। কিন্তু দ্বাদশ পঞ্চ বার্ষিক পৰিকল্পনাৰ সময়ত চাহ ব'ৰ্ডৰ তদানীন্তন অধ্যক্ষ ভানুৰ দিনত এই ধন পুনৰ ৪৯ শতাংশলৈ কমাই দিয়া হয়। অন্যহাতে, ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ পৰা চাহ ব'ৰ্ডলৈ দিয়া গৱেষণা আৰু উন্নয়ন শিতানৰ ধন টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ পৰা চান কাঢ়ি চাহ ব'র্ডে দার্জিলিঙত স্থাপন কৰা নিজাববীয়া গৱেষণাগাৰলৈ আবণ্টন দিয়া ব্যৱস্থাটোৱেও টোকোলাইক অধিক আর্থিক সংকটৰ মুখলৈ ঠেলি দিয়ে।


ইয়াৰ পাছতেই টোকোলাইলৈ দিব লগা ৪৯ শতাংশ ধনৰ ঠাইত বছৰি মাত্ৰ চাৰে দহ কোটি টকাহে চাহ ব'ৰ্ডৰ পৰা অহা নিয়ম প্রযোজ্য হৈ আহিছে। ইফালে টোকোলাই চাহ গৱেষণা প্রতিষ্ঠানলৈ অহা সংকট তথা প্রত্যাহ্বানৰ সময়ত টোকোলাই এমপ্লয়িজ ইউনিয়নৰ প্রতিনিধি দলে ইতিপূর্বে তিনি-চাৰিবাৰকৈ দিল্লীলৈ গৈ বিভাগীয় কেন্দ্রীয় মন্ত্ৰীক সাক্ষাৎ কৰাত টোকোলাইৰ মৰ্যাদা তথা গৌৰৱ অক্ষুণ্ণ ৰখাৰ বাবে যাৱতীয় সকলোখিনি কৰা হ'ব বুলি আশ্বাস লাভ কৰিছিল যদিও মূৰকত আশ্বাস আশ্বাস হৈয়ে ৰ'ল।


তেনেদৰে যোৰহাটৰ প্ৰাক্তন সাংসদ তথা প্রয়াত কেন্দ্রীয় মন্ত্রী বিজয় কৃষ্ণ সন্দিকৈৰ উদ্যোগত টোকোলাইক 'Institute of National Importance'ৰূপে ঘোষণা কৰাৰ প্ৰস্তুতি চলিছিল যদিও মূৰকত সেয়াও হৈ নুঠিল। প্রসংগক্রমে উনুকিয়াব পাৰি যে ১৯৮০-৮১ৰ সময়ছোৱাত টোকোলাইৰ সঞ্চালক ড° এন কে জৈনৰ উদ্যোগত টোকোলাইক CSIRৰ অধীনলৈ নিয়াৰ প্রস্তুতি প্রায় সম্পূৰ্ণ হৈছিল যদিও চাহলবীৰ ষড়যন্ত্ৰত সেইটোও হৈনুঠিল।


পৰিণতিত সঞ্চালক ড° জৈনক পদত্যাগ কৰিবলৈহে বাধ্য কৰোৱা হ'ল। এনেদৰে টোকোলাইৰ পৰিচালনাত থকা কর্তৃপক্ষ আৰু চাহলবীৰ কুটিল ষড়যন্ত্ৰত পুঁজিৰ যোগান ভিন্ন দিশত হ্ৰাস কৰাৰ ফলত গৱেষণা প্রতিষ্ঠানটো বৰ্তমান সময়ত গভীৰ আৰ্থিক সংকটৰ গৰাহত পৰিছে। পৰিণতিত অৱসৰ পোৱা বিজ্ঞানী-কৰ্মচাৰীৰ ঠাইত নতুন কৰ্মচাৰী নিয়োগ নকৰাৰ ফলত দ্রুতগতিত কমি গৈছে কৰ্মচাৰীৰ সংখ্যা আৰু বন্ধ হৈ পৰিছে কৃষি পৰিসংখ্যা আৰু টা টেষ্টিঙৰ দৰে দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ। তেনেদৰে অৱসৰ গ্ৰহণ কৰা বিজ্ঞানী-কর্মচাৰীয়েও তেওঁলোকৰ অৱসৰকালীন প্রাপ্য ধন এতিয়াও সম্পূর্ণৰূপে আদায় পাবলৈ সক্ষম হোৱা নাই।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী