--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এখন দেশত পৰিয়াল বা ব্যক্তিসকলৰ মাজত কিদৰে সমানভাৱে আয়, সম্পত্তি আৰু উপভোগ (কনজাম্পশ্যন) বিতৰণ হয় সেই কথা জনাত গিনি সূচকাংকই সহায় কৰে

ডিজিটেল ডেস্কঃ ২০১১-১২ আৰু ২০২২-২৩ চনৰ ভিতৰত ভাৰতত অর্থনৈতিক বৈষম্য উল্লেখযোগ্যভাবে হ্রাস পাই ভাৰত বিশ্বৰ চতুৰ্থ বৈষম্যহীন দেশত পৰিগণিত হৈছে।


বিশ্ব বেংকৰ এখন প্রতিবেদনত এই কথা কোৱা হৈছে। যোৱা দশকটোত চৰকাৰে লোৱা বিভিন্ন পদক্ষেপ আৰু আঁচনিৰ বাবেই এই বৈষম্য হ্ৰাসৰ পাইছে বুলি চৰকাৰে কয়। বৈষম্যহীনতাৰ পৰিমাপ নিৰ্ণয় কৰা গিনি ইনডেক্স (সূচকাংক) স্ক'ৰৰ মতে বৈষম্যহীনতাৰ শীৰ্ষত আছে শ্লোভাক প্রজাতন্ত্র, শ্লোভেনিয়া আৰু বেলাৰুছ।


আনহাতে বৈষম্যহীনতাত ভাৰতৰ স্থান চীন, আমেৰিকা আৰু ব্রিটেইনতকৈ উন্নত। বিশ্ব বেংকৰ বিজ্ঞপ্তি মতে, '...ভাৰতৰ গিনি ইনডেক্স (সূচকাংক) হৈছে ২৫.৫ আৰু ভাৰত হৈছে শ্লোভাক প্রজাতন্ত্র (২৪.১), শ্লোভেনিয়া (২৪.৩) আৰু বেলাৰুছৰ (২৪.৪) পাছতে বিশ্বৰ চতুর্থ আটাইতকৈ বৈষম্যহীন দেশ।'


এখন দেশত পৰিয়াল বা ব্যক্তিসকলৰ মাজত কিদৰে সমানভাৱে আয়, সম্পত্তি আৰু উপভোগ (কনজাম্পশ্যন) বিতৰণ হয় সেই কথা জনাত গিনি সূচকাংকই সহায় কৰে। ইয়াত শূন্যৰ পৰা ১০০ লৈ থাকে। সূচকাংক শূন্য মানে নিখুঁত বৈষম্যহীনতা। আনহাতে ১০০ সূচকাংক মানে এজন লোকৰ হাতত সকলো আয়, সম্পত্তি আৰু উপভোগৰ সুবিধা আছে আৰু বাকীবোৰৰ নাই।


সেয়ে গিনি সূচকাংক বেছি মানে সেই দেশত অধিক বৈষম্য থকা। এই গিনি সূচকাংকত চীনৰ নম্বৰ হৈছে ৩৫.৭ আৰু আমেৰিকাৰ ৪১.৮। ১৬৭খন দেশৰ তথ্য প্ৰকাশ কৰা বিশ্ব বেংকৰ প্রতিবেদনৰ মতে ভাৰত 'মধ্যমীয়াভাৱে নিম্ন' (গিনি সূচকাংক ২৫-৩০) বৈষম্যৰ শ্ৰেণীত পৰিছে। বিশ্বৰ ৩০ খন দেশ 'মধ্যমীয়াভাৱে নিম্ন' বৈষম্যৰ শ্ৰেণীত পৰিছে। সেইবোৰৰ ভিতৰত আইচলেণ্ড, নৰৱে', ফিনলেণ্ড আৰু বেলজিয়াম আছে। এই শ্রেণীত উন্নয়নশীল অর্থনীতিৰ দেশ পোলেণ্ড আৰু চহকী ৰাষ্ট্ৰ সংযুক্ত আৰব আমীৰশ্বাহীও আছে। ২০১১ চনত ভাৰতৰ সূচকাংক আছিল ২৮.৮ আৰু ২০২২ চনত ই ২৫.৫ হয়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ