--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এখন দেশত পৰিয়াল বা ব্যক্তিসকলৰ মাজত কিদৰে সমানভাৱে আয়, সম্পত্তি আৰু উপভোগ (কনজাম্পশ্যন) বিতৰণ হয় সেই কথা জনাত গিনি সূচকাংকই সহায় কৰে

ডিজিটেল ডেস্কঃ ২০১১-১২ আৰু ২০২২-২৩ চনৰ ভিতৰত ভাৰতত অর্থনৈতিক বৈষম্য উল্লেখযোগ্যভাবে হ্রাস পাই ভাৰত বিশ্বৰ চতুৰ্থ বৈষম্যহীন দেশত পৰিগণিত হৈছে।


বিশ্ব বেংকৰ এখন প্রতিবেদনত এই কথা কোৱা হৈছে। যোৱা দশকটোত চৰকাৰে লোৱা বিভিন্ন পদক্ষেপ আৰু আঁচনিৰ বাবেই এই বৈষম্য হ্ৰাসৰ পাইছে বুলি চৰকাৰে কয়। বৈষম্যহীনতাৰ পৰিমাপ নিৰ্ণয় কৰা গিনি ইনডেক্স (সূচকাংক) স্ক'ৰৰ মতে বৈষম্যহীনতাৰ শীৰ্ষত আছে শ্লোভাক প্রজাতন্ত্র, শ্লোভেনিয়া আৰু বেলাৰুছ।


আনহাতে বৈষম্যহীনতাত ভাৰতৰ স্থান চীন, আমেৰিকা আৰু ব্রিটেইনতকৈ উন্নত। বিশ্ব বেংকৰ বিজ্ঞপ্তি মতে, '...ভাৰতৰ গিনি ইনডেক্স (সূচকাংক) হৈছে ২৫.৫ আৰু ভাৰত হৈছে শ্লোভাক প্রজাতন্ত্র (২৪.১), শ্লোভেনিয়া (২৪.৩) আৰু বেলাৰুছৰ (২৪.৪) পাছতে বিশ্বৰ চতুর্থ আটাইতকৈ বৈষম্যহীন দেশ।'


এখন দেশত পৰিয়াল বা ব্যক্তিসকলৰ মাজত কিদৰে সমানভাৱে আয়, সম্পত্তি আৰু উপভোগ (কনজাম্পশ্যন) বিতৰণ হয় সেই কথা জনাত গিনি সূচকাংকই সহায় কৰে। ইয়াত শূন্যৰ পৰা ১০০ লৈ থাকে। সূচকাংক শূন্য মানে নিখুঁত বৈষম্যহীনতা। আনহাতে ১০০ সূচকাংক মানে এজন লোকৰ হাতত সকলো আয়, সম্পত্তি আৰু উপভোগৰ সুবিধা আছে আৰু বাকীবোৰৰ নাই।


সেয়ে গিনি সূচকাংক বেছি মানে সেই দেশত অধিক বৈষম্য থকা। এই গিনি সূচকাংকত চীনৰ নম্বৰ হৈছে ৩৫.৭ আৰু আমেৰিকাৰ ৪১.৮। ১৬৭খন দেশৰ তথ্য প্ৰকাশ কৰা বিশ্ব বেংকৰ প্রতিবেদনৰ মতে ভাৰত 'মধ্যমীয়াভাৱে নিম্ন' (গিনি সূচকাংক ২৫-৩০) বৈষম্যৰ শ্ৰেণীত পৰিছে। বিশ্বৰ ৩০ খন দেশ 'মধ্যমীয়াভাৱে নিম্ন' বৈষম্যৰ শ্ৰেণীত পৰিছে। সেইবোৰৰ ভিতৰত আইচলেণ্ড, নৰৱে', ফিনলেণ্ড আৰু বেলজিয়াম আছে। এই শ্রেণীত উন্নয়নশীল অর্থনীতিৰ দেশ পোলেণ্ড আৰু চহকী ৰাষ্ট্ৰ সংযুক্ত আৰব আমীৰশ্বাহীও আছে। ২০১১ চনত ভাৰতৰ সূচকাংক আছিল ২৮.৮ আৰু ২০২২ চনত ই ২৫.৫ হয়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক