--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২৫ চনত ২৩খন দেশজুৰি চলোৱা সমীক্ষাৰ প্ৰতিবেদনত এই কথা প্রকাশ পায় যে ভাৰতৰ ৭৪ শতাংশ লোকে ইয়াৰ গণতান্ত্রিক ব্যৱস্থাক লৈ সুখী

ডিজিটেল ডেস্কঃ দেশৰ গণতান্ত্রিক ব্যৱস্থাক লৈ ৭৪ শতাংশ ভাৰতীয়ই সন্তুষ্টি প্ৰকাশ কৰিছে। বিশ্বজনীন নেতা হিচাপে অগ্ৰসৰ হোৱাৰ সময়তে এই বিষয়ত জনসাধাৰণৰ অনুমোদন লোৱাৰ উদ্দেশ্যৰে চলিত সপ্তাহত পিউ গবেষণা কেন্দ্রই চলোৱা সমীক্ষাৰ এখন প্রতিবেদন প্রকাশ কৰে।


২০২৫ চনত ২৩খন দেশজুৰি চলোৱা সমীক্ষাৰ প্ৰতিবেদনত এই কথা প্রকাশ পায় যে ভাৰতৰ ৭৪ শতাংশ লোকে ইয়াৰ গণতান্ত্রিক ব্যৱস্থাক লৈ সুখী। গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি জনোৱা অধিক অনুমোদনৰ বাবে ভাৰত বিশ্বৰ শীর্ষ দেশ হিচাপে পৰিগণিত হৈছে।


আনহাতে, জাপানত গণতান্ত্রিক ব্যৱস্থাৰ প্রতি জনসাধাৰণে আটাইতকৈ কম সন্তুষ্টি ব্যক্ত কৰে। দেশখনৰ কেৱল ২৪ শতাংশ লোকেহে জাপানৰ গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি সন্তুষ্টি ব্যক্ত কৰে। এই প্রতিবেদনখনত দেশসমূহৰ জনতাৰ অসন্তুষ্টিৰ মূল কাৰকসমূহৰ বিষয়ে অন্বেষণ কৰা হয়।


বিশেষকৈ উচ্চ উপাৰ্জনকাৰী দেশসমূহত গণতান্ত্রিক ব্যৱস্থাসমূহৰ প্ৰতি জনসাধাৰণৰ অসন্তুষ্টিৰ বিষয় অনুধাৱন কৰাৰ বাবে এই সমীক্ষা চলোৱা হৈছিল। ভাৰতৰ গণতান্ত্রিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ প্রতি ইয়াৰ জনসাধাৰণে সন্তুষ্টি ব্যক্ত কৰে।


আনহাতে, ফ্রান্স, গ্রীচ, ইটালি, জাপান আৰু দক্ষিণ কোৰিয়াৰ দৰে দেশে দুয়োটা দিশতে অসন্তুষ্টি ব্যক্ত কৰে । ইয়াৰ পৰা পৰিগণিত হৈছে যে বিশ্বজুৰি গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি হতাশাৰ সৃষ্টি হৈছে। আনহাতে, ২০১৭ চনত চলোৱা এনেধৰণৰ সমীক্ষাত ৪৯ শতাংশ বয়স্ক লোকে গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি অনীহা দেখুৱাইছিল।


বিশ্বৰ দেশসমূহত কভিড-১৯ মহামাৰী হোৱাৰ পাছতেই দেশসমূহৰ গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা কমি যোৱা পৰিলক্ষিত হৈছে। দেশসমূহৰ গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি অসন্তুষ্টি দেখুওৱা দেশসমূহৰ ভিতৰত গ্ৰীচৰ ৮১ শতাংশ লোকে আৰু জাপানৰ ৭৫ শতাংশ লোকে গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰে।


আনহাতে, দক্ষিণ কোৰিয়াৰ ৭১ শতাংশ লোকে তেওঁলোকৰ দেশৰ গণতান্ত্রিক ব্যৱস্থাক লৈ অসন্তুষ্টি ব্যক্ত কৰে। পিউ গৱেষণা কেন্দ্ৰই কয় যে এই অসন্তুষ্টিৰ মাত্ৰাই দেশসমূহৰ গণতান্ত্রিক প্ৰমূল্যক অৱনমিত নকৰে। কিন্তু গৱেষণাটোত দেখুওৱা হৈছে যে বিশ্বজুৰি এতিয়াও গণতান্ত্রিক ব্যৱস্থা যে চৰকাৰখনৰ শাসন ব্যৱস্থাত এটা উত্তম পদ্ধতি সেইটো বিশ্লেষণ কৰা হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ