--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২৫ চনত ২৩খন দেশজুৰি চলোৱা সমীক্ষাৰ প্ৰতিবেদনত এই কথা প্রকাশ পায় যে ভাৰতৰ ৭৪ শতাংশ লোকে ইয়াৰ গণতান্ত্রিক ব্যৱস্থাক লৈ সুখী

ডিজিটেল ডেস্কঃ দেশৰ গণতান্ত্রিক ব্যৱস্থাক লৈ ৭৪ শতাংশ ভাৰতীয়ই সন্তুষ্টি প্ৰকাশ কৰিছে। বিশ্বজনীন নেতা হিচাপে অগ্ৰসৰ হোৱাৰ সময়তে এই বিষয়ত জনসাধাৰণৰ অনুমোদন লোৱাৰ উদ্দেশ্যৰে চলিত সপ্তাহত পিউ গবেষণা কেন্দ্রই চলোৱা সমীক্ষাৰ এখন প্রতিবেদন প্রকাশ কৰে।


২০২৫ চনত ২৩খন দেশজুৰি চলোৱা সমীক্ষাৰ প্ৰতিবেদনত এই কথা প্রকাশ পায় যে ভাৰতৰ ৭৪ শতাংশ লোকে ইয়াৰ গণতান্ত্রিক ব্যৱস্থাক লৈ সুখী। গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি জনোৱা অধিক অনুমোদনৰ বাবে ভাৰত বিশ্বৰ শীর্ষ দেশ হিচাপে পৰিগণিত হৈছে।


আনহাতে, জাপানত গণতান্ত্রিক ব্যৱস্থাৰ প্রতি জনসাধাৰণে আটাইতকৈ কম সন্তুষ্টি ব্যক্ত কৰে। দেশখনৰ কেৱল ২৪ শতাংশ লোকেহে জাপানৰ গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি সন্তুষ্টি ব্যক্ত কৰে। এই প্রতিবেদনখনত দেশসমূহৰ জনতাৰ অসন্তুষ্টিৰ মূল কাৰকসমূহৰ বিষয়ে অন্বেষণ কৰা হয়।


বিশেষকৈ উচ্চ উপাৰ্জনকাৰী দেশসমূহত গণতান্ত্রিক ব্যৱস্থাসমূহৰ প্ৰতি জনসাধাৰণৰ অসন্তুষ্টিৰ বিষয় অনুধাৱন কৰাৰ বাবে এই সমীক্ষা চলোৱা হৈছিল। ভাৰতৰ গণতান্ত্রিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ প্রতি ইয়াৰ জনসাধাৰণে সন্তুষ্টি ব্যক্ত কৰে।


আনহাতে, ফ্রান্স, গ্রীচ, ইটালি, জাপান আৰু দক্ষিণ কোৰিয়াৰ দৰে দেশে দুয়োটা দিশতে অসন্তুষ্টি ব্যক্ত কৰে । ইয়াৰ পৰা পৰিগণিত হৈছে যে বিশ্বজুৰি গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি হতাশাৰ সৃষ্টি হৈছে। আনহাতে, ২০১৭ চনত চলোৱা এনেধৰণৰ সমীক্ষাত ৪৯ শতাংশ বয়স্ক লোকে গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি অনীহা দেখুৱাইছিল।


বিশ্বৰ দেশসমূহত কভিড-১৯ মহামাৰী হোৱাৰ পাছতেই দেশসমূহৰ গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা কমি যোৱা পৰিলক্ষিত হৈছে। দেশসমূহৰ গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি অসন্তুষ্টি দেখুওৱা দেশসমূহৰ ভিতৰত গ্ৰীচৰ ৮১ শতাংশ লোকে আৰু জাপানৰ ৭৫ শতাংশ লোকে গণতান্ত্রিক ব্যৱস্থাৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰে।


আনহাতে, দক্ষিণ কোৰিয়াৰ ৭১ শতাংশ লোকে তেওঁলোকৰ দেশৰ গণতান্ত্রিক ব্যৱস্থাক লৈ অসন্তুষ্টি ব্যক্ত কৰে। পিউ গৱেষণা কেন্দ্ৰই কয় যে এই অসন্তুষ্টিৰ মাত্ৰাই দেশসমূহৰ গণতান্ত্রিক প্ৰমূল্যক অৱনমিত নকৰে। কিন্তু গৱেষণাটোত দেখুওৱা হৈছে যে বিশ্বজুৰি এতিয়াও গণতান্ত্রিক ব্যৱস্থা যে চৰকাৰখনৰ শাসন ব্যৱস্থাত এটা উত্তম পদ্ধতি সেইটো বিশ্লেষণ কৰা হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
AIত দক্ষতাৰ অভাৱ; ৮০০০ কৰ্মচাৰীক ছাটাই কৰিব METAই
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ
মাজুলীৰ দক্ষিণপাট সত্ৰত ৰঙালী বিহু উদযাপন: সত্ৰাধিকাৰৰ শুভেচ্ছা আৰু পৰম্পৰাগত 'মালা সেৱা' সম্পন্ন