--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিৰোধী পক্ষই ভাগৱতে প্রধানমন্ত্রী মোদীক লক্ষ্য কৰি এই মন্তব্য দিয়া বুলি অভিযোগ কৰাৰ পাছতে আৰ এছ এছে নিজৰ প্ৰতিক্রিয়া প্রকাশ কৰিছে।

ডিজিটেল ডেস্ক : 'নেতাসকলে ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ পাছত ৰাজনীতিৰ পৰা অৱসৰ ল'ব লাগে।৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পাছত নেতাসকলে আনক কাম কৰাৰ সুযাগ দিব লাগে।' ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে ৯ জুলাইত কৰা এই মন্তব্যই দেশৰ ৰাজনীতিত পুনৰ আলোড়ন সৃষ্টি কৰিছে।


ৰাম জন্মভূমি আন্দোলনৰ নেতা মৰ'পণ্ট পিংলেক লৈ লিখা এখন গ্ৰন্থৰ উন্মোচন কৰি দিয়া ভাষণত তেওঁ এনেদৰে কয়। ভাগৱতে কয়, 'আপোনাক যেতিয়া ৭৫ বছৰ সম্পূর্ণ হোৱা উপলক্ষত শ্বল পিন্ধোৱা হয়, তেতিয়া বুজি পাব যে আনক সুযোগ দিয়াৰ সময় হৈছে। আপুনি একাষৰীয়া হৈ যোৱা ভাল। 'মৰ'পণ্ট পিংলে: দ্য আর্কিটেক্ট অব্ হিন্দু ৰিছাৰ্জেন্স' নামৰ গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত ভাগৱতে নেতাজনৰ বিষয়ে উল্লেখ কৰি আৰ এছ এছৰ জ্যেষ্ঠ নেতাজনৰ বিনম্রতা, দূৰদৰ্শিতা আৰু জটিল বিষয়ক সহজ ভাষাত বুজাই দিয়াৰ অনন্য ক্ষমতাক স্মৰণ কৰে।


ভাগৱতে পিংলেৰ বিষয়ে উল্লেখ কৰি কয়, 'এবাৰ আমি তেওঁক কৈছিলোঁ- এতিয়া আৰাম কৰক। তেতিয়াও তেওঁ 'মই বহুত কাম কৰিলোঁ' বুলি কোৱা নাছিল। কোনোবাই তেওঁৰ কামৰ প্ৰশংসা কৰিলে তেওঁ হাঁহি হাঁহি সেই বিষয়টো তল পেলাইছিল।' ভাগৱতে কয় যে পিংলেৰ বয়স ৭৫ বছৰ হোৱাৰ সময়ত তেওঁলোক বৃন্দাবনত আছিল। তাত সমগ্র দেশৰে সংঘৰ নেতা-কর্মীসকল উপস্থিত আছিল।


এই বিষয়ে উল্লেখ কৰি ভাগৱতে কয়, 'এটা বৈঠকত শেষাদ্রীজীয়ে কৈছিল, 'আজি আমাৰ মৰ'পণ্ট ডাঙৰীয়াৰ ৭৫ বছৰ সম্পূৰ্ণ হ'ল আৰু তেওঁক শ্বল পিন্ধোৱা হৈছে।' ইয়াৰ পাছত পিংলেক তেওঁৰ মন্তব্য আগবঢ়াবলৈ কোৱা হৈছিল। তেতিয়া পিংলে ডাঙৰীয়াই কয়, '৭৫ বছৰ বয়সত শ্বল পিন্ধোৱাৰ অৰ্থ মই জানো। ইয়াৰ অৰ্থ হ'ল আপোনাৰ বয়স হৈছে, আপুনি আঁতৰি দিয়ক, এতিয়া আনসকলক কাম কৰিবলৈ দিয়ক।' ভাগৱতে অতি কৌশলেৰে বর্ষীয়ান ৰাজনৈতিক নেতাসকলক লক্ষ্য কৰি দিয়া এই মন্তব্যক লৈ দেশৰ ৰাজনৈতিক মহলত প্রতিক্রিয়াৰ সৃষ্টি হৈছে। ভাগৱতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ইংগিত কৰি এই মন্তব্য দিয়া বুলি বিৰোধী পক্ষই কয়। উল্লেখযোগ্য যে অহা ১১ ছেপ্টেম্বৰত ভাগৱতে আৰু ১৭ ছেপ্টেম্বৰত প্রধানমন্ত্রী মোদীয়ে ৭৫ বছৰত ভৰি দিব। ভাগৱতৰ মন্তব্যৰ পাছতে কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে কয়, 'বেচেৰা পুৰষ্কাৰজীৱী প্রধানমন্ত্রী। ই কেনেধৰণৰ ঘৰলৈ প্ৰত্যাৱৰ্তন। ঘৰলৈ উভতি অহাৰ সময়তে সৰসংঘচালকে তেওঁ মনত পেলাই দিয়ে যে অহা ১৭ ছেপ্টেম্বৰত তেওঁ ৭৫ বছৰীয়া হ'ব।' ৰমেশে পুনৰ কয়, 'প্রধানমন্ত্রীয়েও তেওঁক ক'ব পাৰে যে অহা ১১ ছেপ্টেম্বৰত তেওঁৰো বয়স ৭৫ বছৰ হ'ব। এপাট শৰ দুটা লক্ষ্য।' উল্লেখযোগ্য যে প্রধানমন্ত্রীয়ে পাঁচখন দেশত কৰা ভ্রমণ সামৰি কালি স্বদেশলৈ উভতি আহে। ৰমেশে ইয়াকে প্রধানমন্ত্ৰীয়ে ঘৰলৈ উভতি অহা বুলি কৈছে। ইফালে শিৱ সেনাৰ উদ্ধৱ থাকৰে গোটৰ নেতা সঞ্জয় ৰাউতে কয়, 'প্রধানমন্ত্রী মোদীয়ে আদৱানি, মুৰলী মনোহৰ, যশোৱন্ত সিঙৰ দৰে জ্যেষ্ঠ নেতাসকলক বলপূর্বকভাৱে অৱসৰ গ্ৰহণ কৰোৱাইছিল। এতিয়া মোদীয়ে নিজে সেইটো পালন কৰে নে নকৰে সেয়া চাবলগীয়া হ'ব।'


ইফালে বিৰোধী পক্ষই ভাগৱতে প্রধানমন্ত্রী মোদীক লক্ষ্য কৰি এই মন্তব্য দিয়া বুলি অভিযোগ কৰাৰ পাছতে আৰ এছ এছে নিজৰ প্ৰতিক্রিয়া প্রকাশ কৰিছে। আৰ এছ এছে কয় যে সৰসংঘচালক মোহন ভাগৱতে এই মন্তব্য দিছিল সংঘৰ বিচাৰক মৰ'পণ্ট পিংলেৰ ৭৫ বছৰীয়া জন্মদিনত তেওঁ দিয়া ভাষণৰ প্ৰসংগত, কিন্তু কংগ্রেছ আৰু ইয়াৰ সহযোগী দল শিৱ সেনাই (ইউ বি টি) ইয়াৰ ভুল অর্থ ব্যাখ্যা কৰি ৰাজনীতি কৰিবলৈ বিচাৰিছে। আৰ এছ এছে স্পষ্টভাৱে কয় যে ভাগৱতে এই মন্তব্য দিছিল কেৱল পিংলেৰ প্ৰসংগতহে। ইয়াৰ পৰিৱৰ্তে আন কোনো কথাৰ সৈতে এই মন্তব্যৰ কোনো সম্পর্ক নাই।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক