--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুখ্যমন্ত্ৰীক সংগ দিয়ে এ এম টেলিভিছনৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণ, প্রাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰু, কাৰ্যবাহী সম্পাদক দেৱজিত ভূঞা আৰু দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে

ডিজিটেল ডেস্ক : জনমভূমি পৰিয়াল প্রাগ পৰিয়ালৰ সহযোগী হোৱাৰ পাছত দেওবাৰে প্ৰথমবাৰলৈ দৈনিক জনমভূমিৰ কাৰ্যালয়লৈ আগমন ঘটে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ।


'প্রাগ নিউজ'ৰ ৰূপালী জয়ন্তী বর্ষ উপলক্ষে পুনৰ নিৰ্মাণ কৰা 'প্রাগ টাৱাৰ', নৱনির্মিত অত্যাধুনিক ষ্টুডিঅ' আৰু মুখ্য দ্বাৰ মুকলিৰ পাছত 'দৈনিক জনমভূমি'ৰ কাৰ্যালয়লৈ অহা মুখ্যমন্ত্ৰীক কাকতখনৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে এখন গামোচা আৰু ফুলৰ তোৰাৰে আদৰণি জনায়। কম সময়ৰ বাবে দৈনিক জনমভূমিৰ কাৰ্যালয়ত পদার্পণ কৰা মুখ্যমন্ত্রী ড° শৰ্মাই জনমভূমিৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু ছেলফি উঠে। যথেষ্ট বন্ধুত্বপূর্ণ মুখ্যমন্ত্ৰীৰ ব্যৱহাৰে সকলোকে উজ্জীৱিত কৰে।


মুখ্যমন্ত্ৰীক সংগ দিয়ে এ এম টেলিভিছনৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণ, প্রাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰু, কাৰ্যবাহী সম্পাদক দেৱজিত ভূঞা আৰু দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে। ড° হিমন্ত বিশ্ব শর্মাই এক আছুতীয়া বার্তালাপত প্ৰাগ নিউজৰ ২৫ বছৰীয়া যাত্ৰাক উৎকৰ্ষতাৰ যাত্রা আখ্যা দি কয় যে নিউজ চেনেলৰ পৰা দৈনিক জনমভূমিৰ দৰে এখন ঐতিহ্যমণ্ডিত বাতৰি কাকতৰ পৰিচালনাৰ দায়িত্ব লোৱাটো বা অংশীদাৰ হোৱাটো এক সোণসেৰীয়া অধ্যায়। তেওঁ কয় যে যদি এই ২৫ বছৰৰ যাত্ৰাটো উভতি চোৱা যায়, তেনেহ'লে অনুভৱ হ'ব যেন এয়া এক 'স্ক্রিপটেড' যাত্রা।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ