--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • প্রাগ নিউজৰ মুখ্য কার্যালয়ত উপস্থিত হোৱাৰ লগে লগে প্রতিষ্ঠানটোৰ সকলো কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনায়

ডিজিটেল ডেস্ক : 'প্রাগ নিউজে এটা নিউজ চেনেলৰ লগে লগে অসমৰ সাংস্কৃতিক জগতখনলৈ অভূতপূৰ্ব বৰঙনি আগবঢ়াইছে। ইয়াৰ উপৰি, প্রিন্ট মিডিয়ালৈও যাত্রা আৰম্ভ কৰিছে।' পুনর্নির্মিত প্ৰাগ টাৱাৰ, প্ৰাগ নিউজৰ অত্যাধুনিক ষ্টুডিঅ'ৰ লগতে মুখ্য প্রৱেশদ্বাৰ মুকলি কৰি দেওবাৰে এইদৰে মন্তব্য কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।


গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া প্রাগ নিউজৰ মুখ্য কার্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রাগ নিউজৰ এই যাত্ৰাক সোণসেৰীয়া যাত্রা আখ্যা দিয়ে। অত্যাধুনিক ষ্টুডিঅ' মুকলি কৰি প্ৰতিষ্ঠানটোৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণ, প্রাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰু, কাৰ্যবাহী সম্পাদক দেবজিৎ ভূঞা আৰু দৈনিক জনমভূমিৰ কার্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনৰ সৈতে অন্তৰংগভাৱে কৰা আলাপত মুখ্যমন্ত্রীজনে কয় যে প্রাগ নিউজৰ এই যাত্ৰা উৎকৰ্ষতাৰ দিশে যাত্রা বুলিও কয়।


তেওঁ প্রাগ নিউজৰ আৰম্ভণিৰ পৰা প্ৰাগ টাৱাৰলৈকে দীর্ঘ পৰিক্ৰমাৰ লগতে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্রলৈ প্রতিষ্ঠানটোৰ অৱদানক সোঁৱৰণ কৰি এই ২৫ বছৰৰ যাত্রা অবিৰত আৰু ভাল যাত্রা অব্যাহত থকা বুলি কয়।


কেবল চেনেলৰ পৰা ছেটেলাইট চেনেললৈকে ২৫ বছৰৰ এই যাত্ৰা এটা 'স্ক্রিপ্টেড যাত্রা'ৰ দৰে যিদৰে পৰিকল্পনা কৰা হৈছিল সেইদৰেই সুন্দৰভাৱে চলি থকা বুলি কয়। তেওঁ সোণালী জয়ন্তী বর্ষত ইয়াতকৈ পৰিৱেশ আৰু ডাঙৰ হ'ব বুলি আশা প্রকাশ কৰে। প্ৰাগ নিউজ আৰম্ভ হোৱাৰ সময়ত অসমৰ প্ৰেক্ষাপট বেলেগ আছিল। অসমত এটা অশান্তজৰ্জৰ পৰিৱেশ আছিল,গুপ্তহত্যাৰ পৰিৱেশ আছিল। অসম গণ পৰিষদৰ পৰা কংগ্ৰেছৰ চৰকাৰ হ'ল। এক কথাত সেই সময়ত অসমৰ পৰিৱেশবিলাক সঘন পৰিৱৰ্তন হৈ আছিল। ২০০০-২০০১ চনৰ যিটো পৰিৱেশত প্রাগ নিউজৰ জন্ম হৈছিল, আজি অসমৰ পৰিৱেশ সম্পূর্ণ সুকীয়া। এতিয়া আৰু আগুৱাই যোৱাৰ সপোন দেখিব পৰাৰ এটা পৃষ্ঠভূমি বা পটভূমি তৈয়াৰ হৈছে।


আনহাতে, এতিয়া দূৰদৰ্শনৰ সংবাদ সেৱাৰ ধৰণো সলনি হোৱা বুলিও উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে পূর্বে কূটাঘাতমূলক বাতৰি অধিক প্ৰচাৰ হৈছিল। কিন্তু এতিয়া পৰিৱেশ সলনি হোৱা বাবে সংবাদ প্রতিষ্ঠানবোৰৰ সন্ধিয়াৰ পৰিৱেশো সলনি হৈ পৰিছে। বাতৰিৰ সমান্তৰালভাবে 'টক্ শ্ব''ৰ বিষয়বস্তুও সলনি হৈছে। ইয়াৰ সমান্তৰালভাৱে ডিজিটেল স্পেচটোও বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে আগন্তুক ২৫ বছৰত টিভিৰ প্ৰাসংগিকতা বা ডিজিটেল স্পেচৰ সৈতে তীব্র প্রত্যাহ্বান হ'ব। সময়োপযোগী পৃথিৱী এখনৰ সৈতে প্রতিদ্বন্দ্বিতা কৰিবৰ বাবে টিভি চেনেল এটা চলাই থকাৰ সমান্তৰালভাৱে ডিজিটেল প্লেটফর্মতো বিনিয়োগ কৰিব লাগিব বুলিও তেওঁ সদৰী কৰে। যিধৰণে প্ৰযুক্তিৰ পৰিৱৰ্তন ঘটিছে, তেনে অৱস্থাত আৰু ১০-১৫ বছৰৰ পাছত এনেকুৱা এটা স্থানত বহি কথা পতাৰ কথাটোৰো নিশ্চয়তা নোহোৱা হ'ব বুলিও তেওঁ প্রকাশ কৰে। প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ পৰিৱেশৰো সঘন পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই আজিৰ দিনত এনে অৱস্থা হৈছে, য'ত ম'বাইলটোৰ ভিতৰতে গোটেই পৃথিৱীখন সোমাই আছে বুলিও কয়। মুখ্যমন্ত্রীজনে প্রযুক্তিৰ প্রতি সদায় আকৃষ্ট হৈ থাকিব লাগিব বুলিও সদৰী কৰি কয় যে এনে এটা দিনো আহিব, য'ত কোনোবাই ঘৰতে বহি দিয়া সাক্ষাৎকাৰটোও এটা ষ্টুডিঅ'ত বহি দিয়াৰ দৰে অনুভৱ হ'ব। কাৰোবাৰ সৈতে মুখামুখি সাক্ষাৎকাৰ ল'ব, কিন্তু দুয়োজন মুখামুখিকৈ নাই। এইধৰণে প্রযুক্তি খুব সঘনে পৰিৱৰ্তন হৈ থাকিব। প্রযুক্তিক পৰাজিত কৰিব নোৱাৰি বুলিও উল্লেখ কৰি তেওঁ কয় যে প্ৰযুক্তিৰ সৈতে খাপ খুৱাই নিজস্বতা বজাই ৰাখি কিদৰে আগবাঢ়ি যাব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ছপা মাধ্যমে সময়ত ডিজিটেল ক্ষেত্ৰক গুৰুত্ব নিদিয়াৰ বাবে এতিয়া সেই ক্ষেত্ৰখনক সামৰি ল'ব পৰা নগ'ল। ফলত এতিয়া অকল ছপা মাধ্যম চলি থাকিব নোৱাৰে। সাংবাদিক আৰু কন্টেন্ট একেই। কিন্তু ম'বাইলত যদি পোৱা যায় বাতৰিকাকত এখন কিনি আনি পঢ়িব কিয় বুলি তেওঁ প্রশ্ন কৰে। বিষয়বস্তু একেই, কামো একে মানুহেই কৰিব। কেৱল পাঠকে পোৱা মাধ্যমটো পৃথক হ'ব। পৰিৱৰ্তনৰ প্ৰতি সজাগ হৈ থাকিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীজনে কয় যে পৰিৱৰ্তনৰ সৈতে নিজক খাপ খুৱাই ৰাখিবই লাগিব। পৰিৱৰ্তনক উপেক্ষা যি কৰিছে তেওঁলোক বজাৰৰ পৰাই বাহিৰ হৈ যাবলগীয়া হৈছে বুলিও তেওঁ প্রকাশ কৰে। পৰিৱৰ্তন সত্য আৰু পৰিৱৰ্তনক সকলোৱে আদৰি ল'বই লাগিব বুলিও তেওঁ প্রকাশ কৰে।


প্রণিধানযোগ্য যে দুটা দশকৰ পূৰ্বে প্রাগ নিউজত দিয়া প্রথম সাক্ষাৎকাৰৰ প্ৰসংগ ৰোমন্থন কৰি চানমাৰিত থকা প্ৰাগ নিউজৰ কাৰ্যালয়ৰ সৰু কোঠাৰ ষ্টুডিঅ'ত পিছফালে ক'লা পর্দা আঁৰি দি কথা পতাৰ পৰা আজিৰ বিশাল অত্যাধুনিক ষ্টুডিঅ'লৈ পৰিৱৰ্তনৰ প্ৰশংসা কৰে। তেওঁ প্রাগ নিউজৰ বৰ্ণিল যাত্ৰাৰ ৰোমন্থনো কৰে।


উল্লেখযোগ্য যে প্রাগ নিউজৰ মুখ্য কার্যালয়ত উপস্থিত হোৱাৰ লগে লগে প্রতিষ্ঠানটোৰ সকলো কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনায়। তেওঁ প্রাগ টাৱাৰৰ সন্মুখত ফলক উন্মোচন কৰাৰ লগতে ফিতা কাটি আৰু বন্তি প্রজ্বলন কৰি মুখ্যদ্বাৰ মুকলি কৰে। মুখ্যমন্ত্রীজনে প্রাগ নিউজৰ কাৰ্যালয় আৰু দৈনিক জনমভূমিৰ কার্যালয়ো পৰিদৰ্শন কৰে।


ইফালে, অনুষ্ঠানৰ শেষত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্রীজনে প্রকাশ কৰে যে প্ৰাগ নিউজে সোণসেৰীয়া ২৫ বছৰ পূৰ্ণ কৰিছে। তেওঁ প্রতিষ্ঠানটোৰ সকলো সদস্যলৈ অভিনন্দন জ্ঞাপন কৰি এই ২৫ বছৰ সোণসেৰীয়া আৰু গৌৰৱোজ্জ্বল বছৰ বুলি কয়। আনহাতে, আগন্তুক ৫০ বছৰ আৰু অধিক গৌৰৱোজ্জ্বল আৰু সোণসেৰীয়া হোৱাৰ কামনাও কৰে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে