--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • আনহাতে, আৱামী লীগৰ স্থান পূৰণৰ বাবে পূর্ণ সুযোগ লৈছিল খালেদা জিয়া নেতৃত্বাধীন বাংলাদেশ নেশ্যনেলিষ্ট পার্টিয়ে (বি এন পি)। কিন্তু শেহতীয়াকৈ বি এন পিৰ মুৰব্বী খালেদা জিয়া গুৰুতৰভাৱে অসুস্থ হোৱাৰ পাছত বাংলাদেশত বি এন পিৰ প্ৰভাৱ কমি গৈছে

ডিজিটেল ডেস্ক : ক্ষমতাচ্যুত হৈ দেশৰ পৰা শ্বেখ হাছিনাই পলায়ন কৰাৰ পাছত বাংলাদেশত আৱামী লীগৰ প্ৰভাৱ কমি গৈছে। ইয়াৰ পাছতে দেশখনৰ শাসনভাৰ লাভ কৰা মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্ৱৰ্তী চৰকাৰৰ দিনত বাংলাদেশত ইছলামিক মৌলবাদৰ উত্থান হৈছে। 


আনহাতে, আৱামী লীগৰ স্থান পূৰণৰ বাবে পূর্ণ সুযোগ লৈছিল খালেদা জিয়া নেতৃত্বাধীন বাংলাদেশ নেশ্যনেলিষ্ট পার্টিয়ে (বি এন পি)। কিন্তু শেহতীয়াকৈ বি এন পিৰ মুৰব্বী খালেদা জিয়া গুৰুতৰভাৱে অসুস্থ হোৱাৰ পাছত বাংলাদেশত বি এন পিৰ প্ৰভাৱ কমি গৈছে। 


বি এন পিৰ কার্যকৰী সভাপতি তথা খালেদাৰ পুত্ৰ লণ্ডনত বাস কৰি থকাৰ বাবে দেশখনত বি এন পিৰ সাংগঠনিক প্রভাৱ কমি গৈছে। এই অৱস্থাৰে সম্পূর্ণ সুযোগ লৈছে দেশখনৰ ইছলামিক মৌলবাদী সংগঠন তথা নতুনকৈ আত্মপ্রকাশ কৰা ৰাজনৈতিক দল জামাত-এ-ইছলামীয়ে। 


অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দেশখনত সাধাৰণ নির্বাচন অনুষ্ঠিত হ'ব। এই সাধাৰণ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব নোৱাৰাকৈ ইতিমধ্যে আৱামী লীগক দেশখনত নিষিদ্ধ কৰা হৈছে। আৱামী লীগ বর্তমান দেশখনৰ নিৰ্বাচনী ৰাজনীতিৰ দৃশ্যপটৰ পৰা নোহোৱা হৈছে। বি এন পিয়ে এই স্থান লোৱাৰ আশা কৰিছিল ৰাজনৈতিক বিশ্লেষকসকলে। কিন্তু বি এন পিৰো প্রভাৱ শেহতীয়াকৈ কমি যোৱাত বাংলাদেশত শক্তিশালী হৈ পৰিছে ইছলামিক মৌলবাদী ৰাজনৈতিক দল জামাত-এ-ইছলামী। 


বাংলাদেশক ইছলামিক মৌলবাদীৰ নিয়ন্ত্রণলৈ নিয়াৰ বাবে ইতিমধ্যে পাকিস্তান সক্রিয় হৈ পৰিছে। সেইবাবে পাকিস্তানে জামাত-এ-ইছলামীক বিভিন্ন প্রকাৰে সাহায্য দিয়া আৰম্ভ কৰিছে। জামাত-এ-ইছলামীৰ এতিয়া বাংলাদেশত প্রভাৱ ইমানেই বেছি যে দেশখনৰ সমাগত নির্বাচনত দলটোৱে যে ক্ষমতা দখল কৰিব, সেই কথা নিশ্চিত হৈ পৰিছে। 


আনহাতে, এই জামাত-এ-ইছলামীক পৰোক্ষভাৱে সমর্থন জনাই মহম্মদ ইউনুছে একপ্ৰকাৰ ভাৰত-বিৰোধী অভিযান আৰম্ভ কৰিছে। কেইদিনমান পূর্বে জামাতৰ এজন নেতাই ভাৰতক খণ্ড খণ্ড কৰাৰ ভাবুকি দিছে। উত্তৰ-পূর্বাঞ্চলক খণ্ড খণ্ড কৰিলেহে বাংলাদেশব বিকাশ সম্ভৱ বুলি ইছলামিক মৌলবাদী নেতাজনে দাবী কৰিছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু