--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • আনহাতে, আৱামী লীগৰ স্থান পূৰণৰ বাবে পূর্ণ সুযোগ লৈছিল খালেদা জিয়া নেতৃত্বাধীন বাংলাদেশ নেশ্যনেলিষ্ট পার্টিয়ে (বি এন পি)। কিন্তু শেহতীয়াকৈ বি এন পিৰ মুৰব্বী খালেদা জিয়া গুৰুতৰভাৱে অসুস্থ হোৱাৰ পাছত বাংলাদেশত বি এন পিৰ প্ৰভাৱ কমি গৈছে

ডিজিটেল ডেস্ক : ক্ষমতাচ্যুত হৈ দেশৰ পৰা শ্বেখ হাছিনাই পলায়ন কৰাৰ পাছত বাংলাদেশত আৱামী লীগৰ প্ৰভাৱ কমি গৈছে। ইয়াৰ পাছতে দেশখনৰ শাসনভাৰ লাভ কৰা মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্ৱৰ্তী চৰকাৰৰ দিনত বাংলাদেশত ইছলামিক মৌলবাদৰ উত্থান হৈছে। 


আনহাতে, আৱামী লীগৰ স্থান পূৰণৰ বাবে পূর্ণ সুযোগ লৈছিল খালেদা জিয়া নেতৃত্বাধীন বাংলাদেশ নেশ্যনেলিষ্ট পার্টিয়ে (বি এন পি)। কিন্তু শেহতীয়াকৈ বি এন পিৰ মুৰব্বী খালেদা জিয়া গুৰুতৰভাৱে অসুস্থ হোৱাৰ পাছত বাংলাদেশত বি এন পিৰ প্ৰভাৱ কমি গৈছে। 


বি এন পিৰ কার্যকৰী সভাপতি তথা খালেদাৰ পুত্ৰ লণ্ডনত বাস কৰি থকাৰ বাবে দেশখনত বি এন পিৰ সাংগঠনিক প্রভাৱ কমি গৈছে। এই অৱস্থাৰে সম্পূর্ণ সুযোগ লৈছে দেশখনৰ ইছলামিক মৌলবাদী সংগঠন তথা নতুনকৈ আত্মপ্রকাশ কৰা ৰাজনৈতিক দল জামাত-এ-ইছলামীয়ে। 


অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দেশখনত সাধাৰণ নির্বাচন অনুষ্ঠিত হ'ব। এই সাধাৰণ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব নোৱাৰাকৈ ইতিমধ্যে আৱামী লীগক দেশখনত নিষিদ্ধ কৰা হৈছে। আৱামী লীগ বর্তমান দেশখনৰ নিৰ্বাচনী ৰাজনীতিৰ দৃশ্যপটৰ পৰা নোহোৱা হৈছে। বি এন পিয়ে এই স্থান লোৱাৰ আশা কৰিছিল ৰাজনৈতিক বিশ্লেষকসকলে। কিন্তু বি এন পিৰো প্রভাৱ শেহতীয়াকৈ কমি যোৱাত বাংলাদেশত শক্তিশালী হৈ পৰিছে ইছলামিক মৌলবাদী ৰাজনৈতিক দল জামাত-এ-ইছলামী। 


বাংলাদেশক ইছলামিক মৌলবাদীৰ নিয়ন্ত্রণলৈ নিয়াৰ বাবে ইতিমধ্যে পাকিস্তান সক্রিয় হৈ পৰিছে। সেইবাবে পাকিস্তানে জামাত-এ-ইছলামীক বিভিন্ন প্রকাৰে সাহায্য দিয়া আৰম্ভ কৰিছে। জামাত-এ-ইছলামীৰ এতিয়া বাংলাদেশত প্রভাৱ ইমানেই বেছি যে দেশখনৰ সমাগত নির্বাচনত দলটোৱে যে ক্ষমতা দখল কৰিব, সেই কথা নিশ্চিত হৈ পৰিছে। 


আনহাতে, এই জামাত-এ-ইছলামীক পৰোক্ষভাৱে সমর্থন জনাই মহম্মদ ইউনুছে একপ্ৰকাৰ ভাৰত-বিৰোধী অভিযান আৰম্ভ কৰিছে। কেইদিনমান পূর্বে জামাতৰ এজন নেতাই ভাৰতক খণ্ড খণ্ড কৰাৰ ভাবুকি দিছে। উত্তৰ-পূর্বাঞ্চলক খণ্ড খণ্ড কৰিলেহে বাংলাদেশব বিকাশ সম্ভৱ বুলি ইছলামিক মৌলবাদী নেতাজনে দাবী কৰিছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ