--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সংসদত বিদেশ নীতিৰ বাবে ট্রাম্প প্রবলভাৱে সমালোচিত হোৱাৰ পাছত কালি মোদী-ট্রাম্পৰ বাৰ্তালাপত মুখ্য বিষয় হৈ পৰে ভাৰত আৰু আমেৰিকাৰ মাজৰ সৰ্বাত্মক বিশ্বজনীন ৰণকৌশলগত অংশীদাৰিত্ব

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতৰ বিৰুদ্ধে কৰা আচৰণ তথা তেওঁৰ বিদেশ নীতিৰ বিষয়ে দেশখনৰ সংসদত তীব্র সমালোচনা হোৱাৰ পাছত কালি সন্ধিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্রাম্পৰ সৈতে টেলিফ'নযোগে মিলিত হোৱা বাৰ্তালাপে বিশেষ গুৰুত্ব বহন কৰিছে। 


মন কৰিবলগীয়া যে সংসদত বিদেশ নীতিৰ বাবে ট্রাম্প প্রবলভাৱে সমালোচিত হোৱাৰ পাছত কালি মোদী-ট্রাম্পৰ বাৰ্তালাপত মুখ্য বিষয় হৈ পৰে ভাৰত আৰু আমেৰিকাৰ মাজৰ সৰ্বাত্মক বিশ্বজনীন ৰণকৌশলগত অংশীদাৰিত্ব। আলোচনাৰ মাজত দুয়োজন নেতাই দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে যুটীয়া প্রচেষ্টা ত্বৰান্বিত কৰাতো গুৰুত্ব দিয়ে। সকলো খণ্ডতে দ্বিপাক্ষিক সহযোগিতাৰ সুস্থিৰ শক্তিশালীকৰণত দুয়োজন নেতাই সন্তুষ্টি প্রকাশ কৰে। 


উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজৰ বাণিজ্য চুক্তি সন্দৰ্ভত নতুন দিল্লীত আমেৰিকাৰ প্ৰতিনিধিয়ে দুদিনীয়া আলোচনাতো অংশগ্ৰহণ কৰিছে। ট্রাম্পৰ সৈতে আলোচনাৰ বিষয়ত প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যম এক্সত কয়, 'আমি আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলোঁ তথা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনা কৰিলোঁ।' তেওঁ আৰু কয় যে ভাৰত আৰু আমেৰিকাই 'বিশ্বৰ শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে' একেলগে কাম কৰি যাব।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু