--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সংসদত বিদেশ নীতিৰ বাবে ট্রাম্প প্রবলভাৱে সমালোচিত হোৱাৰ পাছত কালি মোদী-ট্রাম্পৰ বাৰ্তালাপত মুখ্য বিষয় হৈ পৰে ভাৰত আৰু আমেৰিকাৰ মাজৰ সৰ্বাত্মক বিশ্বজনীন ৰণকৌশলগত অংশীদাৰিত্ব

ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতৰ বিৰুদ্ধে কৰা আচৰণ তথা তেওঁৰ বিদেশ নীতিৰ বিষয়ে দেশখনৰ সংসদত তীব্র সমালোচনা হোৱাৰ পাছত কালি সন্ধিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্রাম্পৰ সৈতে টেলিফ'নযোগে মিলিত হোৱা বাৰ্তালাপে বিশেষ গুৰুত্ব বহন কৰিছে। 


মন কৰিবলগীয়া যে সংসদত বিদেশ নীতিৰ বাবে ট্রাম্প প্রবলভাৱে সমালোচিত হোৱাৰ পাছত কালি মোদী-ট্রাম্পৰ বাৰ্তালাপত মুখ্য বিষয় হৈ পৰে ভাৰত আৰু আমেৰিকাৰ মাজৰ সৰ্বাত্মক বিশ্বজনীন ৰণকৌশলগত অংশীদাৰিত্ব। আলোচনাৰ মাজত দুয়োজন নেতাই দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে যুটীয়া প্রচেষ্টা ত্বৰান্বিত কৰাতো গুৰুত্ব দিয়ে। সকলো খণ্ডতে দ্বিপাক্ষিক সহযোগিতাৰ সুস্থিৰ শক্তিশালীকৰণত দুয়োজন নেতাই সন্তুষ্টি প্রকাশ কৰে। 


উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজৰ বাণিজ্য চুক্তি সন্দৰ্ভত নতুন দিল্লীত আমেৰিকাৰ প্ৰতিনিধিয়ে দুদিনীয়া আলোচনাতো অংশগ্ৰহণ কৰিছে। ট্রাম্পৰ সৈতে আলোচনাৰ বিষয়ত প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যম এক্সত কয়, 'আমি আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলোঁ তথা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনা কৰিলোঁ।' তেওঁ আৰু কয় যে ভাৰত আৰু আমেৰিকাই 'বিশ্বৰ শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে' একেলগে কাম কৰি যাব।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ