--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মাজে মাজে দুই-এজাক মুষলধাৰ বৰষুণে গুৱাহাটী, ডিব্ৰুগড় আদি চহৰ অঞ্চলত কৃত্রিম বানৰ সৃষ্টি কৰিলেও প্রকৃতার্থত যোৱা জুন মাহত ৰাজ্যখনত স্বাভাৱিকতকৈ ৩৪ শতাংশ বৰষুণ কম হৈছে

ডিজিটেল ডেস্ক : জলবায়ু পৰিৱৰ্তনৰ ব্যাপক প্রভাৱ পৰিছে অসমত। যাৰ ফলত বাৰিষাতো ৰাজ্যখনত হোৱা নাই পর্যাপ্ত বৰষুণ।


মাজে মাজে দুই-এজাক মুষলধাৰ বৰষুণে গুৱাহাটী, ডিব্ৰুগড় আদি চহৰ অঞ্চলত কৃত্রিম বানৰ সৃষ্টি কৰিলেও প্রকৃতার্থত যোৱা জুন মাহত ৰাজ্যখনত স্বাভাৱিকতকৈ ৩৪ শতাংশ বৰষুণ কম হৈছে। বাৰিষাৰ প্ৰথমটো মাহতেই কৃষি প্রধান ৰাজ্য অসমত এনেদৰে অভাৱনীয়ভাৱে বৰষুণ হ্রাস পোৱাক লৈ এতিয়া শংকিত হৈ পৰিছে সকলো।


আনহাতে বতৰ বিজ্ঞান বিভাগে চলিত মাহতো অর্থাৎ জুলাই মাহতো স্বাভাৱিক বৰষুণৰ সম্ভাৱনা নাই বুলি প্রকাশ কৰিছে। এনে পৰিস্থিতিত এইবাৰ ৰাজ্যখনত খৰাং পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা প্রকট হৈ পৰিছে। ৰাজ্যৰ ৩৪খন জিলাত বৰষুণ হ্রাস পোৱাৰ বিপৰীতে আকৌ কাছাৰ জিলাত জুন মাহত স্বাভাৱিকতকৈও অধিক বৰষুণ হৈছে। কাছাৰ জিলাত এইবাৰ স্বাভাৱিকতকৈ ২৪ শতাংশ অধিক বৰষুণ হৈছে। নিশ্চিতভাৱে এয়া জলবায়ু পৰিৱৰ্তনৰ কুফল। উল্লেখযোগ্য যে জুন মাহত উজনি অসমত কিছু পৰিমাণে বৰষুণ হৈছে যদিও নামনি অসমত বৰষুণ বহু পৰিমাণে হ্রাস পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে সাধাৰণতে অসমত জুন মাহত ৪১৫.২ মিলিমিটাৰ বৰষুণ হয়। কিন্তু এইবাৰ অসমত জুন মাহত মাত্র ২৭২ মিলিমিটাৰ বৰষুণহে হৈছে। এই সময়ছোৱাত বজালীত ৭৭ শতাংশ, দৰং জিলাত ৭৬ শতাংশ, দক্ষিণ শালমাৰাত ৭২ শতাংশ, বৰপেটাত ৬৮ শতাংশ আৰু নলবাৰীত ৬৬ শতাংশ বৰষুণ হ্রাস পাইছে।


নামনি অসমত এনেদৰে অভাৱনীয়ভাৱে বৰষুণ হ্রাস পোৱাৰ বিপীৰতে অৱশ্যে উজনি অসমৰ ডিব্ৰুগড় জিলাত ৫৬ শতাংশ আৰু গোলাঘাটত ৩৭ শতাংশ বৰষুণৰ পৰিমাণ হ্রাস পাইছে। মন কৰিব লগীয়া কথা যে জলবায়ু পৰিৱৰ্তনৰ ফলত একমাত্র অসমতে নহয় জুন মাহত মেঘালয়ত ৪৬ শতাংশ আৰু অৰুণাচল প্রদেশতো ৪০ শতাংশ বৰষুণৰ পৰিমাণ হ্রাস পাইছে। এনে পৰিস্থিতিত অনাগত দিনত ৰাজ্যখনত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। কিয়নো চৰকাৰে কৃষি প্রধান ৰাজ্য অসমৰ খেতিপথাৰত পৰ্যাপ্ত জলসিঞ্চনৰ ব্যৱস্থা আজিলৈকে কৰিব পৰা নাই। ইতিমধ্যে অনাবৃষ্টিৰ ফলত বহু ঠাইৰ খেতিপথাৰত চিৰালফাট মেলিছে। কৃষক ৰাইজে ভেকুলীৰ বিয়া পাতিও ৰক্ষা পোৱা নাই। তথ্য অনুসৰি ৰাজ্যৰ বিয়াগোম জলসিঞ্চন বিভাগে অসমৰ মাত্র ১১ লাখ হেক্টৰ মাটিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে বুলি প্রকাশ কৰিছে। অর্থাৎ প্রায় ১৪ শতাংশ মাটিতহে আছে জলসিঞ্চনৰ সুবিধা। কিন্তু প্রকৃতার্থত ৰাজ্যত প্রায় পাঁচ লাখ হেক্টৰ মাটিতহে পানী যোগান ধৰা হয়। ইফালে বিভাগটোৰ ৩৯১৩খন আঁচনিৰ ভিতৰত ১৫৮০খনেই বিকল। এনে অৱস্থাত জলাবায়ু পৰিৱৰ্তনৰ ফলত ৰাজ্যৰ কৃষি খণ্ডত এইবাৰ কি পৰিস্থিতিয়ে দেখা দিব সেয়া সময়েহে ক'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ