--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অকল বন ঘৰচীয়া ঘোঁৰাই নহয় তাত থকা হুগৰি পহু, বান্দৰ, শিয়াল, শহাপহুৰ লগতে বিভিন্ন পহু- পক্ষীৰ মাজতো দেখা দিছে অস্তিত্বৰ সংকটে

ডিজিটেল ডেস্কঃ অস্তিত্বৰ সংকটত জোনাইৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল কবু চাপৰিত থকা কুৰিৰো অধিক বন ঘৰচীয়া ঘোঁৰাৰ৷


অকল বন ঘৰচীয়া ঘোঁৰাই নহয় তাত থকা হুগৰি পহু, বান্দৰ, শিয়াল, শহাপহুৰ লগতে বিভিন্ন পহু- পক্ষীৰ মাজতো দেখা দিছে অস্তিত্বৰ সংকটে৷ জানিব পৰা মতে যোৱা প্ৰায় ৪-৫ দশক ধৰি বেদখলভাৱে মানুহৰ জনবসতি আৰু অবাধ বন ধ্বংসযজ্ঞৰ ফলত বছৰ বছৰ ধৰি কবু চাপৰিৰ পৰা লুপ্ত হৈ আছিল প্ৰকৃতিকূল৷


কিন্তু যোৱা প্ৰায় এক-ডেৰ বছৰ পূৰ্বে জোনাই বন বিভাগে কবু চাপৰিত বেদখলভাৱে বসবাস কৰি থকা লোকসকলক বেদখলমুক্ত কৰাৰ পিচতে জনশূন্য কবু চাপৰিৰ চৌদিশৰ

 নিৰিবিলি পৰিৱেশত চৰাই-চিৰিকতিৰ গুঞ্জনেৰে মুখৰিত হৈ পৰাৰ লগতে বান্দৰ, সুগৰী পহুৰ আদি বন্য জন্তুৰ ঘটিছিল আগমণ৷ সমান্তৰালকৈ বন ঘৰচীয়া ঘোঁৰাৰ মুক্ত বিচৰণৰ নান্দনিক দৃশ্যই পুনৰ সজীৱ কৰি তুলিছিল কবু চাপৰিক৷


কিন্তু উক্ত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল কবু চাপৰিত জোনাই বনাঞ্চলিক বিষয়াৰ বুজাবুজিত তিনিটাকৈ গৰু-মহৰ খুঁটি স্থাপন কৰাত এতিয়া ক্ৰমে কবু চাপৰিত বন ঘৰচীয়া ঘোঁৰাবোৰৰ মাজত দেখা দিছে খাদ্য সংকটে৷ ইয়াৰ ওপৰিও ঘৰচীয়া গৰু- মহৰ পৰা বিভিন্ন ৰোগে বন ঘৰচীয়া ঘোঁৰাকে ধৰি তাত থকা হুগৰি পহু, বান্দৰ, শিয়াল আদি বিভিন্ন জন্তুৰ সৈতে সংক্ৰমিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থকাত চিন্তিত হৈ পৰিছে জোনাইৰ প্ৰকৃতি প্ৰেমী ৰাইজে৷



ইয়াৰ উপৰিও তাত থকা গৰু-মহৰ খুঁটি সমূহৰ গো পালক সকলে তাত থকা শিয়াল, বান্দৰ,শহাপহু আদি ফান্দ পাতি চিকাৰ কৰাৰ তথ্য উন্মোচিত হৈছে৷ গৰু-মহৰ খুঁটি সমূহত গো পালক সকলে এনেদৰে গোহালিয়ে গোহালিয়ে ফান্দ বনাই থোৱা এই দৃশ্যই চাই স্পৃষ্ট হৈ পৰিছে গো পালক সকলে কবু চাপৰিত চিকাৰ বহু দিনৰ পৰা চিকাৰ কৰি নিধন যজ্ঞ চলাইছে তাত থকা বন্য জন্তুৰ৷ কিন্তু ইমানবোৰ দেখিও কিহৰ বুজাবুজিত নিৰৱ জোনাইৰ বনাঞ্চলিক বিষয়াৰ৷


সেয়েহে কবু চাপৰি গৰু-মহৰ খুঁটিবোৰ শীঘ্ৰে অন্য চৰ চাপৰিলৈ হস্তান্তৰ কৰি তাত থকা বন ঘৰচীয়া ঘোঁৰাকে বান্দৰ, শিয়াল আদি বন্য জন্তুৰ নিৰাপত্তা প্ৰদান কৰিবলৈ বন বিভাগক আহ্বান জনাইছে জোনাইৰ প্ৰকৃতি কৰ্মী তুষেশ্বৰ মিৰি আগৰৱালা আৰু ৰয়েল পেগুৱে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক