--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অকল বন ঘৰচীয়া ঘোঁৰাই নহয় তাত থকা হুগৰি পহু, বান্দৰ, শিয়াল, শহাপহুৰ লগতে বিভিন্ন পহু- পক্ষীৰ মাজতো দেখা দিছে অস্তিত্বৰ সংকটে

ডিজিটেল ডেস্কঃ অস্তিত্বৰ সংকটত জোনাইৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল কবু চাপৰিত থকা কুৰিৰো অধিক বন ঘৰচীয়া ঘোঁৰাৰ৷


অকল বন ঘৰচীয়া ঘোঁৰাই নহয় তাত থকা হুগৰি পহু, বান্দৰ, শিয়াল, শহাপহুৰ লগতে বিভিন্ন পহু- পক্ষীৰ মাজতো দেখা দিছে অস্তিত্বৰ সংকটে৷ জানিব পৰা মতে যোৱা প্ৰায় ৪-৫ দশক ধৰি বেদখলভাৱে মানুহৰ জনবসতি আৰু অবাধ বন ধ্বংসযজ্ঞৰ ফলত বছৰ বছৰ ধৰি কবু চাপৰিৰ পৰা লুপ্ত হৈ আছিল প্ৰকৃতিকূল৷


কিন্তু যোৱা প্ৰায় এক-ডেৰ বছৰ পূৰ্বে জোনাই বন বিভাগে কবু চাপৰিত বেদখলভাৱে বসবাস কৰি থকা লোকসকলক বেদখলমুক্ত কৰাৰ পিচতে জনশূন্য কবু চাপৰিৰ চৌদিশৰ

 নিৰিবিলি পৰিৱেশত চৰাই-চিৰিকতিৰ গুঞ্জনেৰে মুখৰিত হৈ পৰাৰ লগতে বান্দৰ, সুগৰী পহুৰ আদি বন্য জন্তুৰ ঘটিছিল আগমণ৷ সমান্তৰালকৈ বন ঘৰচীয়া ঘোঁৰাৰ মুক্ত বিচৰণৰ নান্দনিক দৃশ্যই পুনৰ সজীৱ কৰি তুলিছিল কবু চাপৰিক৷


কিন্তু উক্ত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল কবু চাপৰিত জোনাই বনাঞ্চলিক বিষয়াৰ বুজাবুজিত তিনিটাকৈ গৰু-মহৰ খুঁটি স্থাপন কৰাত এতিয়া ক্ৰমে কবু চাপৰিত বন ঘৰচীয়া ঘোঁৰাবোৰৰ মাজত দেখা দিছে খাদ্য সংকটে৷ ইয়াৰ ওপৰিও ঘৰচীয়া গৰু- মহৰ পৰা বিভিন্ন ৰোগে বন ঘৰচীয়া ঘোঁৰাকে ধৰি তাত থকা হুগৰি পহু, বান্দৰ, শিয়াল আদি বিভিন্ন জন্তুৰ সৈতে সংক্ৰমিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থকাত চিন্তিত হৈ পৰিছে জোনাইৰ প্ৰকৃতি প্ৰেমী ৰাইজে৷



ইয়াৰ উপৰিও তাত থকা গৰু-মহৰ খুঁটি সমূহৰ গো পালক সকলে তাত থকা শিয়াল, বান্দৰ,শহাপহু আদি ফান্দ পাতি চিকাৰ কৰাৰ তথ্য উন্মোচিত হৈছে৷ গৰু-মহৰ খুঁটি সমূহত গো পালক সকলে এনেদৰে গোহালিয়ে গোহালিয়ে ফান্দ বনাই থোৱা এই দৃশ্যই চাই স্পৃষ্ট হৈ পৰিছে গো পালক সকলে কবু চাপৰিত চিকাৰ বহু দিনৰ পৰা চিকাৰ কৰি নিধন যজ্ঞ চলাইছে তাত থকা বন্য জন্তুৰ৷ কিন্তু ইমানবোৰ দেখিও কিহৰ বুজাবুজিত নিৰৱ জোনাইৰ বনাঞ্চলিক বিষয়াৰ৷


সেয়েহে কবু চাপৰি গৰু-মহৰ খুঁটিবোৰ শীঘ্ৰে অন্য চৰ চাপৰিলৈ হস্তান্তৰ কৰি তাত থকা বন ঘৰচীয়া ঘোঁৰাকে বান্দৰ, শিয়াল আদি বন্য জন্তুৰ নিৰাপত্তা প্ৰদান কৰিবলৈ বন বিভাগক আহ্বান জনাইছে জোনাইৰ প্ৰকৃতি কৰ্মী তুষেশ্বৰ মিৰি আগৰৱালা আৰু ৰয়েল পেগুৱে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া