--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বাৰিষাৰ সময়ছোৱাত চৰম খাদ্য সংকটত পৰা গো-ধনৰ খাদ্য সংগ্ৰহৰ বাবে গো-পালকৰ অন্যতম সাৰথি এই নাওখন

ডিজিটেল ডেস্ক : এজাৰ ফুলিলেই বেজাৰ লাগে মাজুলীবাসীৰ। এজাৰ ফুলাৰ লগে লগেই আৰম্ভ হয় বাৰিষা। বাৰিষা অহাৰ লগে লগেই বানপানী অহাৰ অশনি সংকেতত সময় পাৰ কৰিব লাগে মাজুলীয়ালে। এই বাৰিষা সময়খিনিত বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীবাসীৰ জীৱনৰ লগত সংপৃক্ত হৈ পৰে নৌকা।


নৌকাৰ সৈতে মাজুলীয়ালৰ যি নিবিড় সম্পর্ক, সেয়া যুগ যুগান্তৰৰ। বাৰিষা অহাৰ লগে লগে মাজুলীৰ উজনিৰপৰা নামনিলৈকে বিভিন্ন স্থানৰ লোকৰ বাবে একমাত্ৰ সাৰথি হ'ল নৌকাখন। কাৰণ বানপানী অহাৰ লগে লগে ঘৰৰ ভেটি সলনি কৰা গো-ধন, পৰিয়ালক নিৰাপদ স্থানলৈ নিয়াৰ ক্ষেত্ৰত নাও খনৰ গুৰুত্ব কিমান, সেয়া ভুক্তভোগী পৰিয়ালেহে অনুভৱ কৰিব পাৰে।


আনহাতে, বাৰিষাৰ সময়ছোৱাত চৰম খাদ্য সংকটত পৰা গো-ধনৰ খাদ্য সংগ্ৰহৰ বাবে গো-পালকৰ অন্যতম সাৰথি এই নাওখন। দলনি, পিটনি আদিৰ পৰা নাৱেৰে ঘাঁহ কাটি আনি পশুধনক খাদ্য যোগান ধৰাতে এই নাওখনৰ গুৰুত্ব সর্বাধিক। এই নাওখন কেৱল যে গো-পালক, কৃষক, মৃৎশিল্পী, নৈপৰীয়াৰ বাবেই জৰুৰী তেনে নহয়, মাজুলীৰ তিনি শতাধিক গাঁৱৰ প্ৰায় সংখ্যক লোকৰ ঘৰতেই বিদ্যমান একোখনকৈ সৰু-বৰ নাও।


কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আজিৰ তাৰিখত মাজুলীয়ালক নৌকা যোগান ধৰা নৌকা শিল্পীসকল চৰম সংকটত পৰা পৰিলক্ষিত হৈছে। খৰালি আৰম্ভ হোৱাৰ লগে লগে মাজুলীৰ লগতে অসমৰ বিভিন্ন স্থানৰ পৰা এজাৰ গছ সংগ্ৰহ কৰি বানবিধ্বস্ত শালমৰা, ভকত চাপৰি, চিনাতলীকে ধৰি জিলাখনৰ বিভিন্ন স্থানৰ শতাধিক শিল্পী নৌকা নির্মাণত জড়িত হৈ পৰে। বছৰৰ ছমাহ বান-খহনীয়াৰ লগত সংগ্ৰাম কৰি জীৱন-নির্বাহ কৰা ভকত চাপৰি, শালমৰাৰ এই নৌকা শিল্পৰ লগত জড়িত পৰিয়ালসমূহে খৰালিতেই নৌকা নিৰ্মাণ কৰি বাৰিষাৰ পূৰ্বে বিক্ৰী কৰি বছৰৰ পৰৱৰ্তী মাহকেইটাৰ বাবে অর্থ সংগ্ৰহ কৰি পৰিয়াল পোহপাল দি আহিছে। প্রতি বছৰেই জানুৱাৰীৰ পৰা জুন, জুলাইলৈ ১০, ১৫ খন নৌকা নিৰ্মাণ কৰি বিক্ৰী কৰে একোজন নৌকা শিল্পীয়ে।


কিন্তু বর্তমান আগৰ তুলনাত মাজুলীৰ মথাউৰিৰ ভিতৰ গাঁওসমূহৰ লোকে ক্ৰয় নকৰে নৌকা, যাৰ ফলত ক্রমে মাজুলীত চাহিদা কমিছে নাৱৰ। ফলত নৌকা শিল্পীসকলে এতিয়া পৰিয়ালৰ ভৰণ- পোষণ, সন্তানৰ পঢ়া-শুনাৰ খৰচ ক'ৰ পৰা যোগাৰ কৰিব, তাকেই ভাবি মূৰে-কপালে হাত দিব লগীয়া হৈছে। মাজুলীৰ শালমৰা, চিনাতলী আৰু ভকত চাপৰিৰ উপৰি মাজুলীৰ বিভিন্ন স্থানৰ তিনি শতাধিক নৌকা শিল্পীৰ পৰিয়ালৰ সৃষ্টি হৈছে সমস্যাৰ। যাৰ ফলত জীৱিকাৰ একমাত্ৰ উৎসলৈ আহি পৰা চৰম সংকতাপূর্ণ অৱস্থাই পৰিয়ালসমূহলৈ অমানিশা নমাই অনাৰ লগতে নিৰ্মাণ কৰা দুই-এখন নৌকাও সংৰক্ষণৰ সু-ব্যৱস্থাৰ অভাৱত ঘৰতেই নিঃশেষ হোৱাৰ দিশে গতি কৰিছে। ইতিমধ্যে প্ৰৱল বৰষুণ, ধুমুহাত তিতি নষ্ট হৈছে বহু নৌকা।


মাজুলীৰ উপৰি উজনি অসমৰ যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়াকে ধৰি কাজিৰঙা পর্যন্ত মাজুলীৰ শিল্পীয়ে নিৰ্মাণ কৰা নৌকাৰ সুকীয়া চাহিদা আছে বুলি মাজুলীৰ বহু কেইজন নৌকা শিল্পীয়ে 'দৈনিক জনমভূমি'ৰ এই প্রতিবেদকক জানিবলৈ দিয়ে। অৱশ্যে ইয়াৰ মাজতো বহুকেইজন নৌকা শিল্পীয়ে এতিয়াও দুই-এখন নৌকা তৈয়াৰ কৰি চলাই নিছে পৰিয়াল। সময়ৰ আহ্বানে মাজুলীৰ নৌকা শিল্পৰ লগত জড়িত পৰিয়ালসমূহৰ কঁকাল ভাঙিলেও সংগ্রামকেই জীৱনৰ অন্য এক পণ লৈ মন বান্ধি কাম কৰি যোৱা বুলি আমাক জানিবলৈ দিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ