--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গুৱাহাটীৰ দক্ষিণগাঁৱত সংঘটিত দুৰ্ঘটনাৰ পিছতে নন্দিনীয়ে পলায়ন কৰিছিল। শুকুৰবাৰে পুৱতি নন্দিনীৰ গাড়ীৰ খুন্দাত উফৰি গৈছিল ছামিউল হক।

ডিজিটেল ডেস্ক :  অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা ছামিউল হকে অৱশেষত সাৱটি ল'লে কৰুণ মৃত্যুক। জীৱন-মৃত্যুৰে যুঁজি যুঁজি গুৱাহাটীৰ এপ’ল’ হাস্পতালত শেষ নিঃশ্বাস ত্যাগ কৰে ২১ বছৰীয়া ছামিউলে।


তজবজীয়া তৰুণ ছামিউল হকৰ অকাল মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে তেওঁৰ বন্ধু-বৰ্গ।


গুৱাহাটীৰ দক্ষিণগাঁৱত সংঘটিত দুৰ্ঘটনাৰ পিছতে নন্দিনীয়ে পলায়ন কৰিছিল। শুকুৰবাৰে পুৱতি নন্দিনীৰ গাড়ীৰ খুন্দাত উফৰি গৈছিল ছামিউল হক। দুৰ্ঘটনাৰ পিছতে যুৱকজনক এৰি নন্দিনীয়ে পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছিল।দুৰ্ঘটনাত ছাত্রজনৰ দুখন ভৰি ভাগি গৈছিল। ছামিউলৰ পিছ মূৰত ১০টাতকৈ অধিক চিলাই পৰিছিল। আঘাতপ্ৰাপ্ত যুৱকজনৰ সোঁ-হাতখনো ভাগি গৈছিল।


এনে অৱস্থাতো ছামিউল হকৰ এটাও খবৰ নোলোৱা বুলি অভিযোগ উত্থাপন হৈছিল নন্দিনীৰ বিৰুদ্ধে। সামান্যতম মানৱীয়তা নন্দিনীয়ে নেদেখুৱালে বুলি অসমবাসীয়ে উজাৰিছিলে ক্ষোভ। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ