--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গুৱাহাটীৰ দক্ষিণগাঁৱত সংঘটিত দুৰ্ঘটনাৰ পিছতে নন্দিনীয়ে পলায়ন কৰিছিল। শুকুৰবাৰে পুৱতি নন্দিনীৰ গাড়ীৰ খুন্দাত উফৰি গৈছিল ছামিউল হক।

ডিজিটেল ডেস্ক :  অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা ছামিউল হকে অৱশেষত সাৱটি ল'লে কৰুণ মৃত্যুক। জীৱন-মৃত্যুৰে যুঁজি যুঁজি গুৱাহাটীৰ এপ’ল’ হাস্পতালত শেষ নিঃশ্বাস ত্যাগ কৰে ২১ বছৰীয়া ছামিউলে।


তজবজীয়া তৰুণ ছামিউল হকৰ অকাল মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে তেওঁৰ বন্ধু-বৰ্গ।


গুৱাহাটীৰ দক্ষিণগাঁৱত সংঘটিত দুৰ্ঘটনাৰ পিছতে নন্দিনীয়ে পলায়ন কৰিছিল। শুকুৰবাৰে পুৱতি নন্দিনীৰ গাড়ীৰ খুন্দাত উফৰি গৈছিল ছামিউল হক। দুৰ্ঘটনাৰ পিছতে যুৱকজনক এৰি নন্দিনীয়ে পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছিল।দুৰ্ঘটনাত ছাত্রজনৰ দুখন ভৰি ভাগি গৈছিল। ছামিউলৰ পিছ মূৰত ১০টাতকৈ অধিক চিলাই পৰিছিল। আঘাতপ্ৰাপ্ত যুৱকজনৰ সোঁ-হাতখনো ভাগি গৈছিল।


এনে অৱস্থাতো ছামিউল হকৰ এটাও খবৰ নোলোৱা বুলি অভিযোগ উত্থাপন হৈছিল নন্দিনীৰ বিৰুদ্ধে। সামান্যতম মানৱীয়তা নন্দিনীয়ে নেদেখুৱালে বুলি অসমবাসীয়ে উজাৰিছিলে ক্ষোভ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মৰনৈত নৈত গা ধুবলৈ গৈ ২ কিশোৰীৰ মৃত্যু
প্রধানমন্ত্রীক সাক্ষাৎ কৰি ৰাজ্যৰ আৰ্থ-সামাজিক পৰিৱেশৰ বিষয়ে জনালে মুখ্যমন্ত্রীয়ে
হীৰেন ভট্টাচাৰ্যৰ জন্মগৃহ ৰূপান্তৰ হ'ব স্মৃতিক্ষেত্রলৈ
অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত ছামিউল হকৰ কৰুণ মৃত্যু
আজি আন্তজাৰ্তিক ব্যাঘ্ৰ দিৱস! বিশ্বৰ জনসংখ্যাৰ ৭৫ শতাংশ বাঘ সংৰক্ষিত হৈ আছে ভাৰতত
মাটি খান্দোতে মুছলমানৰ ঘৰত ওলাল শিৱলিংগ! মন্দিৰৰ বাবে মাটি দান কৰিলে মুছলমান পৰিয়ালটোৱে