--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কাৰাগাৰসমূহত মৌলবাদৰ প্ৰসাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে সকলো ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণ কৰিছে

ডিজিটেল ডেস্কঃ দেশৰ কাৰাগাৰসমূহত মৌলবাদৰ উত্থানক লৈ গভীৰভাৱে চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। কেন্দ্রীয় গৃহ ম্যালয়ে কাৰাগাৰত মৌলবাদৰ প্ৰসাৰ ৰোধ কৰাত গুৰুত্ব আৰোপ কৰিছে।


গৃহ ম্যালয়ে কয় যে ৰাজহুৱা ব্যৱস্থা বাহাল ৰখা আৰু অভ্যন্তৰীণ সুৰক্ষা সু-নিশ্চিত কৰিবৰ কাৰণে এই প্ৰৱণতা নিয়ন্ত্ৰণ কৰিবলৈ তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণৰ প্রয়োজন।


কাৰাগাৰসমূহত মৌলবাদৰ প্ৰসাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে সকলো ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত কাৰাগাৰসমূহত থকা কয়দীৰ সম্পৰ্কত অনুসন্ধান কৰা, কয়দীৰ পৰা সৃষ্টি হ'ব পৰা ভাবুকিৰ বিষয়ে সময়ে সময়ে পর্যালোচনা কৰা সন্দেহ জনক কয়দীৰ প্ৰতি সতর্ক দৃষ্টি ৰখাৰ লগতে সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰাকে ধৰি মৌলবাদৰ প্ৰসাৰ প্ৰতিৰোধ কৰিবলৈ গ্রহণ কৰিবলগীয়া পদক্ষেপসমূহৰ তালিকাও পত্ৰখনৰ লগতে প্ৰেৰণ কৰা হৈছে।


আনহাতে, মৌলবাদৰ সৈতে জড়িত কয়দীক ইয়াৰ পৰা মুক্ত কৰাৰ বাবে ব্যৱস্থা কৰাতো গৃহ মন্ত্র্যালয়ে গুৰুত্ব আৰোপ কৰে। পত্ৰখনত উল্লেখ কৰা হৈছে যে কাৰাগাৰত মৌলবাদৰ উত্থানে বিপজ্জনক ৰূপ ল'ব পাৰে, কিয়নো কাৰাগাৰ বন্ধ স্থান আৰু ই সামাজিকভাবে একাষৰীয়া। গৃহ মন্ত্ৰ্যালয়ৰ মতে, বিভিন্ন গোটৰ প্ৰভাৱ আৰু নিৰীক্ষণৰ অভাৱৰ ফলত চৰমপন্থী বিচাৰধাৰাই প্ৰসাৰ লাভ কৰিব পাৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক