--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কাৰাগাৰসমূহত মৌলবাদৰ প্ৰসাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে সকলো ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণ কৰিছে

ডিজিটেল ডেস্কঃ দেশৰ কাৰাগাৰসমূহত মৌলবাদৰ উত্থানক লৈ গভীৰভাৱে চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। কেন্দ্রীয় গৃহ ম্যালয়ে কাৰাগাৰত মৌলবাদৰ প্ৰসাৰ ৰোধ কৰাত গুৰুত্ব আৰোপ কৰিছে।


গৃহ ম্যালয়ে কয় যে ৰাজহুৱা ব্যৱস্থা বাহাল ৰখা আৰু অভ্যন্তৰীণ সুৰক্ষা সু-নিশ্চিত কৰিবৰ কাৰণে এই প্ৰৱণতা নিয়ন্ত্ৰণ কৰিবলৈ তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণৰ প্রয়োজন।


কাৰাগাৰসমূহত মৌলবাদৰ প্ৰসাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে সকলো ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত কাৰাগাৰসমূহত থকা কয়দীৰ সম্পৰ্কত অনুসন্ধান কৰা, কয়দীৰ পৰা সৃষ্টি হ'ব পৰা ভাবুকিৰ বিষয়ে সময়ে সময়ে পর্যালোচনা কৰা সন্দেহ জনক কয়দীৰ প্ৰতি সতর্ক দৃষ্টি ৰখাৰ লগতে সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰাকে ধৰি মৌলবাদৰ প্ৰসাৰ প্ৰতিৰোধ কৰিবলৈ গ্রহণ কৰিবলগীয়া পদক্ষেপসমূহৰ তালিকাও পত্ৰখনৰ লগতে প্ৰেৰণ কৰা হৈছে।


আনহাতে, মৌলবাদৰ সৈতে জড়িত কয়দীক ইয়াৰ পৰা মুক্ত কৰাৰ বাবে ব্যৱস্থা কৰাতো গৃহ মন্ত্র্যালয়ে গুৰুত্ব আৰোপ কৰে। পত্ৰখনত উল্লেখ কৰা হৈছে যে কাৰাগাৰত মৌলবাদৰ উত্থানে বিপজ্জনক ৰূপ ল'ব পাৰে, কিয়নো কাৰাগাৰ বন্ধ স্থান আৰু ই সামাজিকভাবে একাষৰীয়া। গৃহ মন্ত্ৰ্যালয়ৰ মতে, বিভিন্ন গোটৰ প্ৰভাৱ আৰু নিৰীক্ষণৰ অভাৱৰ ফলত চৰমপন্থী বিচাৰধাৰাই প্ৰসাৰ লাভ কৰিব পাৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ