--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিৰাপত্তা বাহিনীয়ে ইম্ফল পূব, কাকচিং, ইম্ফল পশ্চিম, থৌবাল আৰু বিষ্ণুপুৰ জিলাত তালাচী চলায়। ৰাজ্যখনৰ আই জি পি (মণ্ডল-II) কে কাবিবে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে

ডিজিটেল ডেস্ক : মণিপুৰৰ পাঁচখন উপত্যকা জিলাত মঙলবাৰে একেলগে চলোৱা তালাচীত নিৰাপত্তা বাহিনীয়ে ৮৬টা অস্ত্র-শস্ত্ৰ আৰু ৯৭৪টা গোলা-বাৰুদ উদ্ধাৰ কৰে।


গোপন সূত্ৰৰ পম খেদি নিৰাপত্তা বাহিনীয়ে ইম্ফল পূব, কাকচিং, ইম্ফল পশ্চিম, থৌবাল আৰু বিষ্ণুপুৰ জিলাত তালাচী চলায়। ৰাজ্যখনৰ আই জি পি (মণ্ডল-II) কে কাবিবে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে।


তেওঁ কয় যে মণিপুৰ আৰক্ষী, চি এ পি এফ, সেনা আৰু আছাম ৰাইফলছৰ এটা যৌথ দলে একাধিক স্থানত একেলগে সমন্বিত অভিযান আৰম্ভ কৰিছিল। উদ্ধাৰ হোৱা অস্ত্র-শস্ত্ৰৰ ভিতৰত পাঁচটা এ কে ৰাইফল, তিনিটা ইনছাছ ৰাইফল, ১৬টা এছ এল আৰ, ৫টা ৩০৩ ৰাইফল, ১৯টা পিষ্টল, দুটা কাৰবাইন, অন্য ৯টা প্ৰকাৰৰ ৰাইফল আৰু ১৬টা একক নলীৰ বন্দুক আছে। তেওঁ লগতে কয় যে, "মুঠ ৮৬টা অস্ত্র-শস্ত্ৰৰ লগতে ৯৭৪টা বিভিন্ন ধৰণৰ গ্রেনেড্, গোলা-বাৰুদ, বিস্ফোৰক আৰু মৰ্টাৰ শ্বেল উদ্ধাৰ কৰা হয়।


৪১টা মেগজিন আৰু ৬টা বেতাঁৰ হেণ্ডছেটো উদ্ধাৰ কৰা হৈছে বুলি তেওঁ প্রকাশ কৰিছে। কাবিবে কয় যে এই উদ্ধাৰ হোৱা নিৰাপত্তা বাহিনীৰ বাবে শান্তি পুনৰ স্থাপন, আইন-শৃংখলা ৰক্ষা আৰু মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ অভিযানত এক বৃহৎ সাফল্য। "শান্তিপূৰ্ণ আৰু নিৰাপদ মণিপুৰ নিশ্চিত কৰাৰ বাবে আৰক্ষী প্রতিশ্রুতিবদ্ধ। আমি ৰাইজক আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ আৰু অবৈধ অস্ত্ৰৰ সৈতে জড়িত যিকোনো সন্দেহজনক কার্যকলাপ বা তথ্য তৎকালীনভাৱে জনোৱাৰ বাবে আহ্বান জনাইছোঁ।” আৰক্ষী বিষয়াজনে এইদৰে কয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক