--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিৰাপত্তা বাহিনীয়ে ইম্ফল পূব, কাকচিং, ইম্ফল পশ্চিম, থৌবাল আৰু বিষ্ণুপুৰ জিলাত তালাচী চলায়। ৰাজ্যখনৰ আই জি পি (মণ্ডল-II) কে কাবিবে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে

ডিজিটেল ডেস্ক : মণিপুৰৰ পাঁচখন উপত্যকা জিলাত মঙলবাৰে একেলগে চলোৱা তালাচীত নিৰাপত্তা বাহিনীয়ে ৮৬টা অস্ত্র-শস্ত্ৰ আৰু ৯৭৪টা গোলা-বাৰুদ উদ্ধাৰ কৰে।


গোপন সূত্ৰৰ পম খেদি নিৰাপত্তা বাহিনীয়ে ইম্ফল পূব, কাকচিং, ইম্ফল পশ্চিম, থৌবাল আৰু বিষ্ণুপুৰ জিলাত তালাচী চলায়। ৰাজ্যখনৰ আই জি পি (মণ্ডল-II) কে কাবিবে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে।


তেওঁ কয় যে মণিপুৰ আৰক্ষী, চি এ পি এফ, সেনা আৰু আছাম ৰাইফলছৰ এটা যৌথ দলে একাধিক স্থানত একেলগে সমন্বিত অভিযান আৰম্ভ কৰিছিল। উদ্ধাৰ হোৱা অস্ত্র-শস্ত্ৰৰ ভিতৰত পাঁচটা এ কে ৰাইফল, তিনিটা ইনছাছ ৰাইফল, ১৬টা এছ এল আৰ, ৫টা ৩০৩ ৰাইফল, ১৯টা পিষ্টল, দুটা কাৰবাইন, অন্য ৯টা প্ৰকাৰৰ ৰাইফল আৰু ১৬টা একক নলীৰ বন্দুক আছে। তেওঁ লগতে কয় যে, "মুঠ ৮৬টা অস্ত্র-শস্ত্ৰৰ লগতে ৯৭৪টা বিভিন্ন ধৰণৰ গ্রেনেড্, গোলা-বাৰুদ, বিস্ফোৰক আৰু মৰ্টাৰ শ্বেল উদ্ধাৰ কৰা হয়।


৪১টা মেগজিন আৰু ৬টা বেতাঁৰ হেণ্ডছেটো উদ্ধাৰ কৰা হৈছে বুলি তেওঁ প্রকাশ কৰিছে। কাবিবে কয় যে এই উদ্ধাৰ হোৱা নিৰাপত্তা বাহিনীৰ বাবে শান্তি পুনৰ স্থাপন, আইন-শৃংখলা ৰক্ষা আৰু মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ অভিযানত এক বৃহৎ সাফল্য। "শান্তিপূৰ্ণ আৰু নিৰাপদ মণিপুৰ নিশ্চিত কৰাৰ বাবে আৰক্ষী প্রতিশ্রুতিবদ্ধ। আমি ৰাইজক আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ আৰু অবৈধ অস্ত্ৰৰ সৈতে জড়িত যিকোনো সন্দেহজনক কার্যকলাপ বা তথ্য তৎকালীনভাৱে জনোৱাৰ বাবে আহ্বান জনাইছোঁ।” আৰক্ষী বিষয়াজনে এইদৰে কয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ