--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উল্লেখযোগ্য যে আগন্তুক ৪, ৫ আৰু ৬নৱেম্বৰত মাজুলীৰ ৬৫টা ৰংগমঞ্চত ৰাসলীলা অনুষ্ঠিত হ'ব। অৱশ্যে কিছু কিছু মঞ্চত ৭ নৱেম্বৰতো ৰাস অনুষ্ঠিত হ'ব।

ডিজিটেল ডেস্ক : আগন্তুক ৪ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগীয়া ৰাসোৎসৱক লৈ মাজুলীত এতিয়া যেন ব্যস্ততাৰ অন্ত নাই। যোৱা লক্ষ্মী পূর্ণিমাতেই মাজুলীৰ মুঠ ৬৫ খনতকৈও অধিক ৰাস মঞ্চত পৰম্পৰাগতভাৱে নাটমেলা পৰ্ব আৰম্ভ হোৱাৰ পাছত এতিয়া প্রতিটো মঞ্চত কংস বধৰ আখৰা অব্যাহত আছে। 


সমান্তৰালভাৱে শুকুৰবাৰে মাজুলী জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনে এইবাৰ ৰাসোৎসৱ আয়োজন কৰা মাজুলীৰ প্ৰায় ৬৫ টা ৰাসমঞ্চৰ ৰাস উদ্যাপন সমিতিক লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে। মাজুলী জিলা আয়ুক্তৰ সভাকক্ষত আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ সভাপতিত্বত আগন্তুক ৰাসোৎসৱক সুচাৰুভাৱে অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আলোচনাৰ বাবে আয়োজন কৰাৰ সভাত প্রথমে সম্মিলিত শিল্পী সমাজ মাজুলীৰ সভাপতি, বিশিষ্ট সত্রীয়া শিল্পী প্রভাত বৰা বুঢ়াভকতে আগন্তুক ৰাসোৎসৱৰ তিনিটা দিনৰ ভিতৰত এটা দিন স্থানীয় বন্ধ দিবলৈ আহ্বান জনায়। 


ইয়াৰ উপৰি বুঢ়াভকতে মাজুলীৰ ৰাস মঞ্চক দিয়া ৭৫ হাজাৰৰ পৰিৱৰ্তে আর্থিক সাহায্যৰ পৰিমাণ ১ লাখ টকালৈ বৃদ্ধি কৰা, সুৰানিষিদ্ধ মাজুলীত ৰাসৰ সময়ছোৱাত হোৱা অবৈধ বিলাতী সুৰাৰ সৰবৰাহ বন্ধ কৰা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত মাজুলীৰ প্ৰতিখন ৰাস মঞ্চ উছৰ্গা কৰাত গুৰুত্ব আৰোপ কৰে। 


শিল্পী সমাজৰ সভাপতি গৰাকীয়ে সম্মিলিত শিল্পী সমাজ মাজুলীয়ে এইবাৰ ৪ অক্টোবৰৰ প্ৰথম দিনাৰ ৰাস মঞ্চ প্রয়াত শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত আৰু দ্বিতীয় দিনাৰ ৰাসমঞ্চ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সোঁৱৰণত উছৰ্গা কৰাৰ কথা সভাত ঘোষণা কৰে। 


তেওঁ মাজুলীৰ মূল ফেৰীঘাট কমলাবাৰী-নিমাতী ফেৰী ঘাটৰ ফেৰী যাতায়াত ৰাসৰ দিনকেইটাত সুচল কৰি ৰখাত গুৰুত্ব আৰোপ কৰে। জিলাৰ অতিৰিক্ত আয়ুক্ত ভৰত কোঁৱৰে আঁত ধৰা সভাত জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মুনীন্দ্ৰ ভূঞাই আগন্তুক ৰাসোৎসৱ সুচাৰুৰূপে পৰিচালনা হোৱাৰ ক্ষেত্ৰত কেতবোৰ পৰামৰ্শ আগবঢ়োৱাৰ লগতে আগন্তুক দীপাৱলী প্রয়াত শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা নিৱেদি কেৱল মাটিৰ চাকিৰে পোহৰ কৰাত গুৰুত্ব আৰোপ কৰি সম্পূৰ্ণভাৱে মাজুলীত আতচ-বাজী ফুটোৱাত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনায়। 


সভাত জিলা আছুৰ উপদেষ্টা পৱিত্ৰ গোস্বামীয়ে আগন্তুক ৰাসোৎসৱ শান্তিপূর্ণভাৱে উদ্যাপিত হোৱাৰ ক্ষেত্ৰত পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। সভাখনত বিধায়ক ভুৱন গামে ৰাসোৎসৱ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মাজুলীৰ সকলো স্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰাৰ লগতে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খন প্রয়াত শিল্পী জুবিন গাৰ্গৰ নামত নামাকৰণ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সেউজ সংকেত দিয়া বুলি সভাত অৱগত কৰে আৰু এই সন্দর্ভত ৰাইজৰ পৰামৰ্শ কামনা কৰে। 


উল্লেখযোগ্য যে এই সন্দর্ভত প্রথমে বিশিষ্ট সত্ৰীয়া শিল্পী প্রভাত বৰা বুঢ়াভকতে প্রথমে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ ভবন শিল্পী গৰাকীৰ নামত উছৰ্গা কৰিবলৈ সামাজিক মাধ্যমযোগে চর্চালৈ আনিছিল আৰু মুখ্যমন্ত্ৰীয়েও বিষয়টোত গুৰুত্ব আৰোপ কৰি বিশ্ববিদ্যালয়খনেই শিল্পী গৰাকীৰ নামত নামকৰণ কৰিবলৈ মন মেলা বুলি জানিব পৰা গৈছে। 


প্রভাত বৰা বুঢ়াভকতেও এই সিদ্ধান্তক সভাতে আদৰণি জনায়। ইফালে সভাৰ পৰামৰ্শ অনুসৰি, মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে মাজুলীৰ প্ৰতিখন ৰাস মঞ্চত জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে আগন্তুক দীপাৱলীত প্রয়াত শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা জনাই মাজুলীত আতচবাজী ফুটুৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ৰাইজকো বিষয়টো মানি চলিবলৈ আহ্বান জনায়। তেওঁ মাজুলীত ৰাসোৎসৱৰ প্ৰথমদিনা স্থানীয় বন্ধ দিয়াৰ কথা বিবেচনাৰ আশ্বাস প্ৰদান কৰে। 


ইয়াৰ উপৰি তেওঁ ৰাসোৎসৱৰ দ্বিতীয় দিনা জুবিন গাৰ্গৰ প্ৰতি শ্রদ্ধা জনাই টুনী নৈত নৌকাতে নাম-প্ৰসংগৰে শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তিৰ বাবে বিশেষ কার্যসূচী লোৱাৰ কথা ঘোষণা কৰে আৰু আগন্তুক ৰাসোৎসৱ সুচাৰুৰূপে পৰিচালনা হোৱাৰ ক্ষেত্ৰত সকলো পক্ষৰে সহযোগিতা কামনা কৰে। মাজুলীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে আৰক্ষী প্ৰশাসনৰ তৰফৰপৰা আগন্তুক ৰাসত সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ লগতে সকলো পক্ষই যাতে শান্তি-শৃংখলা অটুট ৰাখি ৰাসোৎসৱ পালনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়, তাৰ বাবে তেওঁ সকলোকে আহ্বান জনায়। সভাত প্রতিখন ৰাস উদ্যাপন সমিতিৰ সভাপতি আৰু সম্পাদকসকল উপস্থিত থাকে। 


উল্লেখযোগ্য যে আগন্তুক ৪, ৫ আৰু ৬নৱেম্বৰত মাজুলীৰ ৬৫টা ৰংগমঞ্চত ৰাসলীলা অনুষ্ঠিত হ'ব। অৱশ্যে কিছু কিছু মঞ্চত ৭ নৱেম্বৰতো ৰাস অনুষ্ঠিত হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচলৰ পাগলামত বিচৰণ ডিব্ৰু-ছৈখোৱা উদ্যানৰ বন ঘৰচীয়া ঘোঁৰাৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য