--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অসমত লোকপিয়ল হোৱাৰ পাছত যেতিয়া ফলাফল ওলাব, তেতিয়া লক্ষ্য কৰিব মিঞা মুছলমানৰ সংখ্যা অসমত ৩৮ শতাংশ হ'ব। মোৰ কথা আজি আপোনালোকে লিখি ৰাখক বুলি তেওঁ প্রতিক্রিয়া প্রকাশ কৰে।

ডিজিটেল ডেস্ক : অসমত লোকপিয়ল হ'লে মিঞা মুছলমানৰ জনসংখ্যা ৩৮ শতাংশলৈ বৃদ্ধি পাব। শুকুৰবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত এক কার্যসূচীত অংশগ্রহণ কৰাৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক অভিযোগ কৰে। 


মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমত লোকপিয়ল হোৱাৰ পাছত যেতিয়া ফলাফল ওলাব, তেতিয়া লক্ষ্য কৰিব মিঞা মুছলমানৰ সংখ্যা অসমত ৩৮ শতাংশ হ'ব। মোৰ কথা আজি আপোনালোকে লিখি ৰাখক বুলি তেওঁ প্রতিক্রিয়া প্রকাশ কৰে। যদি প্রজেকশ্যন কৰে, তেতিয়া তেওঁলোক অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব। এয়া অসমৰ বাস্তৱ সত্য হ'বলৈ গৈ আছে। সেই কাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰোঁ, কিদৰে আগবঢ়াই লৈ যাব পাৰোঁ, যোৱা পাঁচটা বছৰ আমি কাম কৰিছোঁ। 


আনহাতে, বিধানসভাৰ আগন্তুক অধিৱেশনত আহিবলগীয়া দুখন আইন সন্দৰ্ভতো উল্লেখ কৰি কয় যে অহা বিধানসভাতো এইধৰণৰ সমস্যাক লৈ দুখন গুৰুত্বপূৰ্ণ আইন বিধানসভাত উত্থাপন হ'ব। জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ কাৰণে দুখন আৰু গুৰুত্বপূৰ্ণ বিধেয়ক আহিব। যদি যোৱা ৩০ বছৰত আমি যোৱা পাঁচ বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰা হ'লে আজি হয়তো আমি সংকটত ভুগিব নালাগিলহেঁতেন। এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে, ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব। একেটা সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গৌৰৱ গগৈ আৰু তেওঁৰ দুই সন্তানক উদ্দেশ্যি এক টিপ্পনী কৰে। 


মুখ্যমন্ত্রী ড° শর্মাই কয়, 'যোৱা কেইদিনমানৰ পৰা কংগ্রেছে আমি মিঠাতেল বিনামূলীয়াকৈ দিম বুলি কোৱাত সামাজিক মাধ্যমৰ জৰিয়তে ইতিকিং কৰি লিখিছে। পুৱা মই ৰিছাৰ্চ কৰিছিলোঁ যে ইংলেণ্ডত মানুহে কি খায়। ৰিছাৰ্চ কৰি গম পালোঁ যে ইংলেণ্ডত ছানফ্লাৱাৰ তেল খায়। গৌৰৱ গগৈৰ দুয়োটা সন্তান ইংলেণ্ডত থাকে, ব্রিটিছ হয়। তেওঁলোকে ছানফ্লাৱাৰ তেলত খাদ্য খায়। গতিকে মিঠাতেলৰ মূল্য তেওঁ বুজিব নোৱাৰে। ছানফ্লাৱাৰ তেল বুলি ক'লে তেওঁ হয়তো বুজিলেহেঁতেন। গতিকে কংগ্ৰেছৰ মানুহে এতিয়া ইংৰাজৰ শাসনত পৰাজিত হোৱা পার্টিটোৱে এতিয়া ইংৰাজী শাসনৰ তলতহে যাবলৈ আৰম্ভ কৰিছে। যিটো হাঁহি উঠা কথা আৰু দুখ লগাও কথা।' 


ইফালে জুবিন গাৰ্গৰ ন্যায় বিচাৰি কংগ্ৰেছে ৰাজ্যজুৰি চলাই থকা প্রতিবাদক লৈয়ো সমালোচনা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রীয়ে কয়- কংগ্ৰেছে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰক্ৰিয়াটোৰ লগত নাই। যদি থাকিলেহেঁতেন আমাক উপদেশ দিলেহেঁতেন। আজি যদি জুবিনক সঁচাকৈ ভাল পোৱা হ'লে মোক সাক্ষাৎ কৰি দহটা পৰামৰ্শ দিলেহেঁতেন। তেওঁলোকে এতিয়া এনেকৈ কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ কথা ভাবি আছে। সেয়া এক অলীক সপোন আৰু মূৰ্খৰ স্বৰ্গত বাস কৰি আছে।'


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
নগাঁও জিলাত বানৰ পানী হ্ৰাস, স্বাভাৱিক হৈছে জনজীৱন
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ