--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমখন অত্যাধুনিক সা-সুবিধাৰে সজ্জিত বন্দে ভাৰত শ্লিপাৰ ৰে’লৰ ফ্লেগ অফ কৰে।

ডিজিটেল ডেস্ক: ভাৰতীয় ৰে’লৱেৰ ইতিহাসত নৱতম সংযোজন। আৰম্ভ হ’ল গুৱাহাটী-কলকাতাৰ মাজত বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ। অসমৰ কামাখ্যা আৰু পশ্চিম বংগৰ হাওৰাৰ মাজত চলি থকা বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন (ট্ৰেইন নম্বৰ ২৭৫৭৬)ৰ প্ৰথমটো বাণিজ্যিক যাত্ৰাই যাত্ৰীসকলৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে। বুকিং আৰম্ভ হোৱাৰ ২৪ ঘন্টা নৌহওঁতেই ৰে’লখনৰ সকলো শ্ৰেণীৰ টিকট বিক্ৰী হৈ যায়। 


ৰে’লৱে সংস্থাই মঙলবাৰে ঘোষণা কৰে যে, ২২ জানুৱাৰীত কামাখ্যাৰ পৰা যাত্ৰা কৰিবলগীয়া বন্দে ভাৰত শ্লিপাৰখনৰ সকলো আসন টিকট বুকিং খোলাৰ কিছু ঘণ্টাৰ ভিতৰতে জনসংযোগ আৰু অন্যান্য অনলাইন সেৱাৰ জৰিয়তে বুকিং কৰা হৈছে। এই দ্ৰুত বুকিঙে যাত্ৰীসকলৰ আগ্ৰহ স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। মন কৰিবলগীয়া যে, ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমখন অত্যাধুনিক সা-সুবিধাৰে সজ্জিত বন্দে ভাৰত শ্লিপাৰ ৰে’লৰ ফ্লেগ অফ কৰে।


ৰে’লৱেৰ তথ্য অনুসৰি,অহা ২২ জানুৱাৰীত কামাখ্যাৰ পৰা আৰু ২৩ জানুৱাৰীত হাওৰাৰ পৰা ৰে’লখনৰ প্ৰথম বাণিজ্যিক যাত্ৰা আৰম্ভ হ’ব । এজেন্সী ভাৰ্টাৰ প্ৰতিবেদন অনুসৰি, ১৯ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা এই নতুন ৰে’ল সেৱাৰ টিকট বুকিং আৰম্ভ হৈছিল আৰু ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰতে সকলো শ্ৰেণীৰ টিকট সম্পূৰ্ণৰূপে বিক্ৰী হৈ যোৱা পৰিলক্ষিত হয়।


কামাখ্যা-হাওৰা বন্দে ভাৰত স্লাইভাৰ এক্সপ্ৰেছে উত্তৰ-পূব আৰু পূব ভাৰতৰ মাজত যাতায়তৰ যথেষ্ট উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে। এই ৰে’লখনে আধুনিক সুবিধা, উন্নত ভ্ৰমণৰ সময় আৰু বিশ্বমানৰ নৈশ ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিব।


উল্লেখ্য যে, বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ আৰু অমৰুট ভাৰত ২ ৰে’লৰ যাত্ৰীসকলে যদি নিৰ্ধাৰিত প্ৰস্থান সময়ৰ আঠ ঘণ্টাৰ অধিক পূৰ্বে নিশ্চিত টিকট বাতিল কৰে,তেতিয়া এটকাও ঘূৰাই নাপাব। যদিহে ৭২ ঘণ্টাৰ ভিতৰত নিশ্চিত টিকট বাতিল কৰা হয় তেন্তে এই ৰে’লসমূহৰ বাতিলৰ মাচুল ভাড়াৰ ২৫ শতাংশ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ