--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমখন অত্যাধুনিক সা-সুবিধাৰে সজ্জিত বন্দে ভাৰত শ্লিপাৰ ৰে’লৰ ফ্লেগ অফ কৰে।

ডিজিটেল ডেস্ক: ভাৰতীয় ৰে’লৱেৰ ইতিহাসত নৱতম সংযোজন। আৰম্ভ হ’ল গুৱাহাটী-কলকাতাৰ মাজত বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ। অসমৰ কামাখ্যা আৰু পশ্চিম বংগৰ হাওৰাৰ মাজত চলি থকা বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন (ট্ৰেইন নম্বৰ ২৭৫৭৬)ৰ প্ৰথমটো বাণিজ্যিক যাত্ৰাই যাত্ৰীসকলৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে। বুকিং আৰম্ভ হোৱাৰ ২৪ ঘন্টা নৌহওঁতেই ৰে’লখনৰ সকলো শ্ৰেণীৰ টিকট বিক্ৰী হৈ যায়। 


ৰে’লৱে সংস্থাই মঙলবাৰে ঘোষণা কৰে যে, ২২ জানুৱাৰীত কামাখ্যাৰ পৰা যাত্ৰা কৰিবলগীয়া বন্দে ভাৰত শ্লিপাৰখনৰ সকলো আসন টিকট বুকিং খোলাৰ কিছু ঘণ্টাৰ ভিতৰতে জনসংযোগ আৰু অন্যান্য অনলাইন সেৱাৰ জৰিয়তে বুকিং কৰা হৈছে। এই দ্ৰুত বুকিঙে যাত্ৰীসকলৰ আগ্ৰহ স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। মন কৰিবলগীয়া যে, ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথমখন অত্যাধুনিক সা-সুবিধাৰে সজ্জিত বন্দে ভাৰত শ্লিপাৰ ৰে’লৰ ফ্লেগ অফ কৰে।


ৰে’লৱেৰ তথ্য অনুসৰি,অহা ২২ জানুৱাৰীত কামাখ্যাৰ পৰা আৰু ২৩ জানুৱাৰীত হাওৰাৰ পৰা ৰে’লখনৰ প্ৰথম বাণিজ্যিক যাত্ৰা আৰম্ভ হ’ব । এজেন্সী ভাৰ্টাৰ প্ৰতিবেদন অনুসৰি, ১৯ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা এই নতুন ৰে’ল সেৱাৰ টিকট বুকিং আৰম্ভ হৈছিল আৰু ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰতে সকলো শ্ৰেণীৰ টিকট সম্পূৰ্ণৰূপে বিক্ৰী হৈ যোৱা পৰিলক্ষিত হয়।


কামাখ্যা-হাওৰা বন্দে ভাৰত স্লাইভাৰ এক্সপ্ৰেছে উত্তৰ-পূব আৰু পূব ভাৰতৰ মাজত যাতায়তৰ যথেষ্ট উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে। এই ৰে’লখনে আধুনিক সুবিধা, উন্নত ভ্ৰমণৰ সময় আৰু বিশ্বমানৰ নৈশ ভ্ৰমণৰ অভিজ্ঞতা প্ৰদান কৰিব।


উল্লেখ্য যে, বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ আৰু অমৰুট ভাৰত ২ ৰে’লৰ যাত্ৰীসকলে যদি নিৰ্ধাৰিত প্ৰস্থান সময়ৰ আঠ ঘণ্টাৰ অধিক পূৰ্বে নিশ্চিত টিকট বাতিল কৰে,তেতিয়া এটকাও ঘূৰাই নাপাব। যদিহে ৭২ ঘণ্টাৰ ভিতৰত নিশ্চিত টিকট বাতিল কৰা হয় তেন্তে এই ৰে’লসমূহৰ বাতিলৰ মাচুল ভাড়াৰ ২৫ শতাংশ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু