--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমত উচ্ছেদিত লোকে যাতে কোনো কাৰণতে চুবুৰীয়া ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সতর্ক হৈছে দুয়োখন ৰাজ্য।

ডিজিটেল ডেস্ক : অসমত শেহতীয়াকৈ চৰকাৰে চলাই থকা ব্যাপক উচ্ছেদ অভিযানৰ পাছত ভগনীয়া হোৱা সন্দেহজনক নাগৰিকসকল বিভিন্ন স্থানলৈ স্থানান্তৰিত হোৱাৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া একাধিক ৰাজ্যই এই লোকসকল যাতে তেওঁলোকৰ ৰাজ্যত অনধিকাৰ প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে।


আনকি দুয়োখন ৰাজ্যৰ চৰকাৰে এই লোকসকলৰ প্ৰৱেশ ৰোধ কৰাৰ বাবে সীমান্তত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ নিজ নিজ ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক কঠোৰ নির্দেশ দিছে। অসমত উচ্ছেদিত লোকে যাতে কোনো কাৰণতে চুবুৰীয়া ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সতর্ক হৈছে দুয়োখন ৰাজ্য।


উল্লেখযোগ্য যে নগালেণ্ডৰ পাছত বৃহস্পতিবাৰে মেঘালয় চৰকাৰে অসমৰ উচ্ছেদ আৰু উচ্ছেদিত সম্পৰ্কত আৰু অসমত হোৱা উচ্ছেদৰ বাবে মেঘালয়ত সম্ভাব্য প্রভাৱ সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাজ্যখনৰ আৰক্ষী, শীর্ষ আমোলা আৰু সীমান্ত জিলাসমূহৰ প্ৰশাসনৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত বৃহস্পতিবাৰে মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্রী চাংমাই সকলোকে সীমান্ত এলেকাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে উচ্ছেদিত যাতে কোনো কাৰণতে মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তত চোকা দৃষ্টি ৰাখিবলৈ নির্দেশ দিয়ে।


এই লোকসকলৰ মেঘালয়ত প্ৰৱেশ ৰোধৰ বাবে সীমান্ত সংলগ্ন জিলাসমূহৰ প্ৰশাসন, আৰক্ষী, গাঁওপ্রধান, গাঁওৰক্ষী বাহিনী আৰু স্বেচ্ছাসেৱী অনুষ্ঠানসমূহক সতর্ক হৈ থাকিবলৈ তেওঁ নির্দেশ দিয়ে। প্রণিধানযোগ্য যে মেঘালয়ৰ পূৰ্বে নগালেণ্ড চৰকাৰেও এই সম্পৰ্কত কঠোৰ স্থিতি গ্রহণ কৰি সীমান্ত এলেকা একপ্ৰকাৰ ছীল কৰি দিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল