--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমত উচ্ছেদিত লোকে যাতে কোনো কাৰণতে চুবুৰীয়া ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সতর্ক হৈছে দুয়োখন ৰাজ্য।

ডিজিটেল ডেস্ক : অসমত শেহতীয়াকৈ চৰকাৰে চলাই থকা ব্যাপক উচ্ছেদ অভিযানৰ পাছত ভগনীয়া হোৱা সন্দেহজনক নাগৰিকসকল বিভিন্ন স্থানলৈ স্থানান্তৰিত হোৱাৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া একাধিক ৰাজ্যই এই লোকসকল যাতে তেওঁলোকৰ ৰাজ্যত অনধিকাৰ প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে।


আনকি দুয়োখন ৰাজ্যৰ চৰকাৰে এই লোকসকলৰ প্ৰৱেশ ৰোধ কৰাৰ বাবে সীমান্তত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ নিজ নিজ ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক কঠোৰ নির্দেশ দিছে। অসমত উচ্ছেদিত লোকে যাতে কোনো কাৰণতে চুবুৰীয়া ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সতর্ক হৈছে দুয়োখন ৰাজ্য।


উল্লেখযোগ্য যে নগালেণ্ডৰ পাছত বৃহস্পতিবাৰে মেঘালয় চৰকাৰে অসমৰ উচ্ছেদ আৰু উচ্ছেদিত সম্পৰ্কত আৰু অসমত হোৱা উচ্ছেদৰ বাবে মেঘালয়ত সম্ভাব্য প্রভাৱ সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাজ্যখনৰ আৰক্ষী, শীর্ষ আমোলা আৰু সীমান্ত জিলাসমূহৰ প্ৰশাসনৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত বৃহস্পতিবাৰে মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্রী চাংমাই সকলোকে সীমান্ত এলেকাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে উচ্ছেদিত যাতে কোনো কাৰণতে মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তত চোকা দৃষ্টি ৰাখিবলৈ নির্দেশ দিয়ে।


এই লোকসকলৰ মেঘালয়ত প্ৰৱেশ ৰোধৰ বাবে সীমান্ত সংলগ্ন জিলাসমূহৰ প্ৰশাসন, আৰক্ষী, গাঁওপ্রধান, গাঁওৰক্ষী বাহিনী আৰু স্বেচ্ছাসেৱী অনুষ্ঠানসমূহক সতর্ক হৈ থাকিবলৈ তেওঁ নির্দেশ দিয়ে। প্রণিধানযোগ্য যে মেঘালয়ৰ পূৰ্বে নগালেণ্ড চৰকাৰেও এই সম্পৰ্কত কঠোৰ স্থিতি গ্রহণ কৰি সীমান্ত এলেকা একপ্ৰকাৰ ছীল কৰি দিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ