ডিজিটেল ডেস্কঃ উৎকট গৰমে দহিছে মহানগৰবাসীক। এইবছৰ মহানগৰত তাপমাত্রা অধিক বৃদ্ধি পাইছে। উৎকট গৰমৰ বাবে মহানগৰবাসী অস্বস্তিত পৰাৰ লগতে গৰমে মহানগৰৰ ব্যস্ত জনজীৱনত ব্যাপক প্ৰভাৱ পেলাইছে।
পুৱাৰ পৰা আৰম্ভ হোৱা উৎকট গৰম আৰু ৰ'দৰ বাবে সদাব্যস্ত অঞ্চল বজাৰ, বাছ আস্থান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আদি ৰাজহুৱা স্থানত জনসমাগম তেনেই সেৰেঙা দেখা গৈছে। গৰমৰ পৰা হাত সাৰিবলৈ সৰুৰ পৰা ডাঙৰলৈকে সকলোৱেই শীতল পানীয়, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰবত, তেঁতেলী টেঙা আদিৰ বিপণীত ভিৰ কৰিছে। বিশেষকৈ মহানগৰৰ বজাৰত গৰমৰ দিনত স্বাস্থ্যৰ বাবে অতি প্রয়োজনীয় নেমুৰ চাহিদা অত্যধিক বৃদ্ধি পায়।
গৰমৰ দিনত নিজৰ স্বাস্থ্যটোক সুস্থ-সবল কৰি ৰাখিবৰ বাবে নেমুৰ ৰস খোৱাটো অতি প্রয়োজন। কাৰণ উৎকট গৰমত মানুহৰ দেহত প্রয়োজনীয় ভিটামিনৰ পৰিমাণ কমি যায়। সেয়ে তেনে ক্ষেত্রত নেমুত থকা 'ভিটামিন-চি'য়ে মানুহৰ দেহত প্ৰচুৰ পৰিমাণে শক্তিৰ যোগান ধৰে। মহানগৰত বর্ধিত প্রদূষণৰ বাবে বৃদ্ধি পোৱা তাপমাত্ৰাত মানুহ অলপতে ভাগৰুৱা হৈ পৰিছে। সেয়ে বহু লোকেই নেমুৰ ৰস খাইছে।
ইফালে উৎকট গৰমত মহানগৰৰ কোনোৱে যদি শীত-তাপ নিয়ন্ত্রিত কোঠাত সময় অতিবাহিত কৰিছে, কোনোৱে আকৌ ৰ'দৰ প্রকোপ সহ্য কৰি কামলৈ বুলি ওলাই আহিছে। সেয়ে সকলোৱে মাথোঁ এতিয়া উৎকট গৰমক নেওচিব পৰাকৈ বৰষুণৰ কামনা কৰিছে।
উৎসঃ দৈনিক জনমভূমি