--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এইবছৰ মহানগৰত তাপমাত্রা অধিক বৃদ্ধি পাইছে। উৎকট গৰমৰ বাবে মহানগৰবাসী অস্বস্তিত পৰাৰ লগতে গৰমে মহানগৰৰ ব্যস্ত জনজীৱনত ব্যাপক প্ৰভাৱ পেলাইছে।

ডিজিটেল ডেস্কঃ উৎকট গৰমে দহিছে মহানগৰবাসীক। এইবছৰ মহানগৰত তাপমাত্রা অধিক বৃদ্ধি পাইছে। উৎকট গৰমৰ বাবে মহানগৰবাসী অস্বস্তিত পৰাৰ লগতে গৰমে মহানগৰৰ ব্যস্ত জনজীৱনত ব্যাপক প্ৰভাৱ পেলাইছে।


পুৱাৰ পৰা আৰম্ভ হোৱা উৎকট গৰম আৰু ৰ'দৰ বাবে সদাব্যস্ত অঞ্চল বজাৰ, বাছ আস্থান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আদি ৰাজহুৱা স্থানত জনসমাগম তেনেই সেৰেঙা দেখা গৈছে। গৰমৰ পৰা হাত সাৰিবলৈ সৰুৰ পৰা ডাঙৰলৈকে সকলোৱেই শীতল পানীয়, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰবত, তেঁতেলী টেঙা আদিৰ বিপণীত ভিৰ কৰিছে। বিশেষকৈ মহানগৰৰ বজাৰত গৰমৰ দিনত স্বাস্থ্যৰ বাবে অতি প্রয়োজনীয় নেমুৰ চাহিদা অত্যধিক বৃদ্ধি পায়।


গৰমৰ দিনত নিজৰ স্বাস্থ্যটোক সুস্থ-সবল কৰি ৰাখিবৰ বাবে নেমুৰ ৰস খোৱাটো অতি প্রয়োজন। কাৰণ উৎকট গৰমত মানুহৰ দেহত প্রয়োজনীয় ভিটামিনৰ পৰিমাণ কমি যায়। সেয়ে তেনে ক্ষেত্রত নেমুত থকা 'ভিটামিন-চি'য়ে মানুহৰ দেহত প্ৰচুৰ পৰিমাণে শক্তিৰ যোগান ধৰে। মহানগৰত বর্ধিত প্রদূষণৰ বাবে বৃদ্ধি পোৱা তাপমাত্ৰাত মানুহ অলপতে ভাগৰুৱা হৈ পৰিছে। সেয়ে বহু লোকেই নেমুৰ ৰস খাইছে।


ইফালে উৎকট গৰমত মহানগৰৰ কোনোৱে যদি শীত-তাপ নিয়ন্ত্রিত কোঠাত সময় অতিবাহিত কৰিছে, কোনোৱে আকৌ ৰ'দৰ প্রকোপ সহ্য কৰি কামলৈ বুলি ওলাই আহিছে। সেয়ে সকলোৱে মাথোঁ এতিয়া উৎকট গৰমক নেওচিব পৰাকৈ বৰষুণৰ কামনা কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ