--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আই আই এম গুৱাহাটীত স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫৫৫ কোটি টকাৰ পুঁজি আবণ্টন দিছে। এই বিধেয়কখন মঙলবাৰে লোক সভাত গৃহীত হৈছিল।

ডিজিটেল ডেস্ক : গুৱাহাটীত ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেন্ট (আই আই এম) স্থাপনৰ বাবে দাখিল কৰা এখন বিধেয়ক বুধবাৰে ৰাজ্য সভাত গৃহীত হয়।


উল্লেখযোগ্য যে আই আই এম গুৱাহাটীত স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫৫৫ কোটি টকাৰ পুঁজি আবণ্টন দিছে। এই বিধেয়কখন মঙলবাৰে লোক সভাত গৃহীত হৈছিল।


ইফালে ৰাজ্য সভাত ইণ্ডিয়ান ইষ্টিটিউ অব্ মেনেজমেন্ট (সংশোধনী) বিধেয়ক, ২০২৫ দাখিল কৰাৰ পাছতে আজি বিৰোধীয়ে সদন ত্যাগ কৰে। এই বিধেয়কৰ আলোচনাত উত্তৰ দি কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত যোৱা ১০ বছৰত স্থাপন হোৱা এইখন হ'ব নৱম আই আই এম। মন্ত্রীজনে আৰু কয়, 'দেশৰ ২২সংখ্যক আই আই এমখন ৫৫৫ কোটি টকা বিনিয়োগেৰে গুৱাহাটীত স্থাপন কৰা হ'ব। অসমত এখন আই আই এম স্থাপনৰ বাবে অনুমোদনত চলোৱা প্রচেষ্টাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীজনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে।


উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সংযুক্ত মুক্তি বাহিনী, অসমে (আলফা) এখন নিষ্পত্তিৰ চুক্তিত (মেম'ৰেণ্ডাম অব্ ছেটলমেন্ট- এম অ' এছ) স্বাক্ষৰ কৰিছিল। এই চুক্তিতে অন্তর্ভুক্ত আছিল অসমৰ বাবে 'বিশেষ উন্নয়নৰ পেকেজ' (এছ ডি পি)। ইয়াৰ অধীনতে এখন ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্রতিষ্ঠান হিচাপে আই আই এম গুৱাহাটীত স্থাপন আছিল এটা প্রধান প্রকল্প। গুৱাহাটীৰ এই প্রতিষ্ঠানখন হ'ব শ্বিলঙৰ পাছত উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় আই আই এম।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ