--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আই আই এম গুৱাহাটীত স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫৫৫ কোটি টকাৰ পুঁজি আবণ্টন দিছে। এই বিধেয়কখন মঙলবাৰে লোক সভাত গৃহীত হৈছিল।

ডিজিটেল ডেস্ক : গুৱাহাটীত ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেন্ট (আই আই এম) স্থাপনৰ বাবে দাখিল কৰা এখন বিধেয়ক বুধবাৰে ৰাজ্য সভাত গৃহীত হয়।


উল্লেখযোগ্য যে আই আই এম গুৱাহাটীত স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫৫৫ কোটি টকাৰ পুঁজি আবণ্টন দিছে। এই বিধেয়কখন মঙলবাৰে লোক সভাত গৃহীত হৈছিল।


ইফালে ৰাজ্য সভাত ইণ্ডিয়ান ইষ্টিটিউ অব্ মেনেজমেন্ট (সংশোধনী) বিধেয়ক, ২০২৫ দাখিল কৰাৰ পাছতে আজি বিৰোধীয়ে সদন ত্যাগ কৰে। এই বিধেয়কৰ আলোচনাত উত্তৰ দি কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত যোৱা ১০ বছৰত স্থাপন হোৱা এইখন হ'ব নৱম আই আই এম। মন্ত্রীজনে আৰু কয়, 'দেশৰ ২২সংখ্যক আই আই এমখন ৫৫৫ কোটি টকা বিনিয়োগেৰে গুৱাহাটীত স্থাপন কৰা হ'ব। অসমত এখন আই আই এম স্থাপনৰ বাবে অনুমোদনত চলোৱা প্রচেষ্টাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীজনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে।


উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সংযুক্ত মুক্তি বাহিনী, অসমে (আলফা) এখন নিষ্পত্তিৰ চুক্তিত (মেম'ৰেণ্ডাম অব্ ছেটলমেন্ট- এম অ' এছ) স্বাক্ষৰ কৰিছিল। এই চুক্তিতে অন্তর্ভুক্ত আছিল অসমৰ বাবে 'বিশেষ উন্নয়নৰ পেকেজ' (এছ ডি পি)। ইয়াৰ অধীনতে এখন ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্রতিষ্ঠান হিচাপে আই আই এম গুৱাহাটীত স্থাপন আছিল এটা প্রধান প্রকল্প। গুৱাহাটীৰ এই প্রতিষ্ঠানখন হ'ব শ্বিলঙৰ পাছত উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় আই আই এম।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ