--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • বিশ্বৰ ভিতৰতে সবাতোকৈ পুৰণি ইতিহাসেৰে সমৃদ্ধ অসমৰ চাহ উদ্যোগে দুশ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিও নিত্য নতুন সমস্যাত ভাৰাক্ৰান্ত হৈয়ে আছে

ডিজিটেল ডেস্ক : ৰাজ্যখনৰ কৃষি-অর্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি অহা অসমৰ চাহ উদ্যোগে দুশ বছৰ অতিক্ৰম কৰিলে যদিও ই এতিয়াও সংকটমুক্ত হ'ব পৰা নাই।


প্রায় তিনিটা দশকৰ আগলৈকে চাহ উদ্যোগে সন্তোষজনক গতিত অগ্রগতি লাভ কৰিছিল যদিও বিভিন্ন সন্ত্রাসবাদী সংগঠনৰ ভয়-ভাবুকি তথা বলপূর্বক ধন সংগ্ৰহৰ সমান্তৰালভাৱে একাংশ তথাকথিত জাতীয় সংগঠনেও বিভিন্ন উপায়েৰে ধনদাবী কৰি অহাৰ ফলতো ৰাজ্যৰ চাহ উদ্যোগটোৰ ওপৰত ভিন্ন দিশত নেতিবাচক প্রভাৱ পৰে। তেনেদৰে চাহ উৎপাদনৰ সৈতে জড়িত বিভিন্ন দিশত উৎপাদনী ব্যয় বৃদ্ধি হোৱাৰ ফলতো এসময়ত সুস্থ অৱস্থাত থকা উদ্যোগটো আজি ভিন্ন সংকটৰ সন্মুখীন হ'ব লগা হৈছে।


বিশ্বৰ ভিতৰতে সবাতোকৈ পুৰণি ইতিহাসেৰে সমৃদ্ধ অসমৰ চাহ উদ্যোগে দুশ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিও নিত্য নতুন সমস্যাত ভাৰাক্ৰান্ত হৈয়ে আছে বুলিও ক'ব লাগিব। তৎসত্ত্বেও ভিন্ন সমস্যাৰ মাজতো জলবায়ুৰ পৰিৱৰ্তনৰ বিষয়টোৱেও চাহ উদ্যোগৰ সফলতা-বিফলতা বহুখিনি নিৰ্ভৰ কৰিছে। অৱশ্যে ৰাজ্যখনৰ লক্ষাধিক ক্ষুদ্র চাহ খেতিয়কেও ভিন্ন প্রত্যাহ্বানৰ মাজতো চাহ উদ্যোগটোৰ প্ৰতি আগবঢ়োৱা অৱদানে সামগ্রিকভাৱে উদ্যোগটোৰ লগতে স্বাৱলম্বনৰ দিশতো এক অনন্য নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ বিগত দুটা বছৰত জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন হৈছে। ইয়াৰ মাজতো চাহৰ বাবে প্রয়োজনীয় বৰষুণ আৰু ৰ'দৰ উষ্ণতাৰ ভাৰসাম্য সঠিক অৱস্থাত নাথাকিলেও পূৰ্বৰ তুলনাত এইবাৰো চাহ উদ্যোগৰ বাবে বতৰ কিছু পৰিমাণে আশাব্যঞ্জক হৈ পৰিছে।


এই প্ৰসংগতে চাহ ব'র্ডে সম্প্রতি প্রকাশ কৰা তথ্য অনুসৰি, যোৱা বৰ্ষৰ মার্চ মাহত অসমত মুঠ ২১.৪৫ মিলিয়ন কিল'গ্রাম চাহপাত উৎপাদন হয়। ইয়াৰ ভিতৰত বৃহৎ চাহ বাগিচাসমূহে উৎপাদন কৰিছিল ৮.৭৫ মিলিয়ন কিল'গ্রাম আৰু ক্ষুদ্র বাগিচাসমূহে উৎপাদন কৰিছিল ১২.৭০ মিলিয়ন কিল'গ্রাম চাহ। ইয়াৰ বিপৰীতে চলিত ২০২৫ বৰ্ষৰ মাৰ্চ মাহত ৰাজ্যখনত চাহৰ উৎপাদন হৈছে মুঠ ২৭.৫২ মিলিয়ন কিল'গ্রাম। মার্চ মাহত উৎপাদিত এই চাহৰ ৯.৭৭ মিলিয়ন কিল'গ্রাম বৃহৎ চাহ বাগিচাই আৰু ১৭.৭৫ মিলিয়ন কিল'গ্রাম ক্ষুদ্র চাহ খেতিয়কসকলে উৎপাদন কৰে। অন্যহাতে, ৰাজ্যখনৰ চাহ খেতিত অগ্রণী জিলাকেইখনত অতিপাত ৰ'দৰ উষ্ণতা আৰু অঞ্চল বিশেষে মাত্ৰাধিক বৰষুণেও আগন্তুক সময়ছোৱাত চাহ উৎপাদনত বিৰূপ প্রভাৱ পেলোৱাৰো আশংকা আছে।


ইফালে অসমতেই দেশৰ মুঠ উৎপাদিত চাহৰ ৫২শতাংশ উৎপাদন হয় যদিও বিশ্বৰ আন দেশৰ তুলনাত ভাৰতত বার্ষিক জনমূৰি চাহৰ ব্যৱহাৰ এতিয়াও আশাপ্রদ হৈ উঠা নাই। এই সন্দর্ভত অসম বটলিফটী মেনুফেকচাৰ্ছ এছ'চিয়েশ্যনে প্ৰকাশ কৰা তথ্য মতে, ভাৰতত সম্প্ৰতি বাৰ্ষিক জনমূৰি ৮৬২ গ্রাম চাহ ব্যৱহাৰ কৰা হয়। যিটো পৰিসংখ্যা চুবুৰীয়া পাকিস্তানতকৈ ৫০ শতাংশ আৰু তুৰস্কতকৈ ২৫শতাংশ কম। এনে হোৱাৰ ফলত সামগ্রিকভাৱে থলুৱা চাহ উদ্যোগৰ বাবেও ভিন্ন দিশত সমস্যাৰ উদ্ভৱ হৈছে। সেয়েহে জনমূৰি চাহৰ বাৰ্ষিক ব্যৱহাৰ কমেও এক কিল'গ্রামলৈ বৃদ্ধি কৰাত এছচিয়েশ্যনে গুৰুত্ব দিছে। এনে গুৰুত্বৰ অংশস্বৰূপেই অসমৰ এই এছচিয়েশ্যনৰ নেতৃত্বত উত্তৰ বংগ চাহ উৎপাদক কল্যাণ সংস্থা আৰু নীলগিৰি বটলিফটী মেনুফেকচাৰ্ছ এছ'চিয়েশ্যনে চাহ ব'ৰ্ড ইণ্ডিয়াৰ সৈতে শেহতীয়াকৈ চলিত ২০২৫ বৰ্ষৰ ২৫ এপ্ৰিলৰ পৰা 'মিছন ১ কে' অর্থাৎ চাহৰ ব্যৱহাৰ ১ কিঃগ্রাঃ শীর্ষক এক অভিযান নিজ নিজ এলেকাত আৰম্ভ কৰিছে। বাৰ্ষিক জনমূৰি চাহৰ ব্যৱহাৰ এক কিল'গ্রামলৈ বৃদ্ধিৰ লক্ষ্যৰে ইতিমধ্যে অসমৰ ডুমডুমা, ডিব্ৰুগড়, মাৰ্ঘেৰিটা, সোণাৰি, ডিকম, মৰাণ, লাহোৱাল, বিশ্বনাথ চাৰিআলি আৰু জামুগুৰিত ভিন্ন পদক্ষেপেৰে আৰম্ভ হৈছে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাহৰ জনমূৰি ব্যৱহাৰ বৃদ্ধিৰ লক্ষ্যৰে 'মিছন ১ কে' অভিযান
Axiom-4 মুকলি কৰাৰ পিছতে সুভাংশু শুক্লাৰ বাবে প্ৰধানমন্ত্ৰীৰ মোদীৰ বিশেষ বাৰ্তা
স্নায়ুজনিত ৰোগত আক্ৰান্ত বলীউডৰ ভাইজান
এই ৩ টা ফল দৈনিক খালে ছাল জিলিকি উঠে
বহনক্ষম উন্নয়ন, শীৰ্ষৰ ১০০ দেশৰ তালিকাত ভাৰত
কুঁৱাত পৰা গৰু পোৱালিক বচাবলৈ গৈ ৫ জনৰ মৃত্যু
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
তিতাবৰৰ এটা পৰিয়ালত অদৃশ্য শক্তিৰ উপদ্ৰৱ
স্বামী আৰু কিশোৰী কন্যাক এৰি পৰকীয়া প্ৰেমৰ বাবে পলাই গ'ল মহিলা
ষ্টাৰশ্বিপৰ অগ্নি পৰীক্ষাৰ সময়তে ইলন মাস্কৰ SpaceX কেন্দ্ৰত বিস্ফোৰণ
সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী
গভীৰ সংকটত পাকিস্তানৰ কৃষক
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...