--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশ্বৰ ভিতৰতে সবাতোকৈ পুৰণি ইতিহাসেৰে সমৃদ্ধ অসমৰ চাহ উদ্যোগে দুশ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিও নিত্য নতুন সমস্যাত ভাৰাক্ৰান্ত হৈয়ে আছে

ডিজিটেল ডেস্ক : ৰাজ্যখনৰ কৃষি-অর্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি অহা অসমৰ চাহ উদ্যোগে দুশ বছৰ অতিক্ৰম কৰিলে যদিও ই এতিয়াও সংকটমুক্ত হ'ব পৰা নাই।


প্রায় তিনিটা দশকৰ আগলৈকে চাহ উদ্যোগে সন্তোষজনক গতিত অগ্রগতি লাভ কৰিছিল যদিও বিভিন্ন সন্ত্রাসবাদী সংগঠনৰ ভয়-ভাবুকি তথা বলপূর্বক ধন সংগ্ৰহৰ সমান্তৰালভাৱে একাংশ তথাকথিত জাতীয় সংগঠনেও বিভিন্ন উপায়েৰে ধনদাবী কৰি অহাৰ ফলতো ৰাজ্যৰ চাহ উদ্যোগটোৰ ওপৰত ভিন্ন দিশত নেতিবাচক প্রভাৱ পৰে। তেনেদৰে চাহ উৎপাদনৰ সৈতে জড়িত বিভিন্ন দিশত উৎপাদনী ব্যয় বৃদ্ধি হোৱাৰ ফলতো এসময়ত সুস্থ অৱস্থাত থকা উদ্যোগটো আজি ভিন্ন সংকটৰ সন্মুখীন হ'ব লগা হৈছে।


বিশ্বৰ ভিতৰতে সবাতোকৈ পুৰণি ইতিহাসেৰে সমৃদ্ধ অসমৰ চাহ উদ্যোগে দুশ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিও নিত্য নতুন সমস্যাত ভাৰাক্ৰান্ত হৈয়ে আছে বুলিও ক'ব লাগিব। তৎসত্ত্বেও ভিন্ন সমস্যাৰ মাজতো জলবায়ুৰ পৰিৱৰ্তনৰ বিষয়টোৱেও চাহ উদ্যোগৰ সফলতা-বিফলতা বহুখিনি নিৰ্ভৰ কৰিছে। অৱশ্যে ৰাজ্যখনৰ লক্ষাধিক ক্ষুদ্র চাহ খেতিয়কেও ভিন্ন প্রত্যাহ্বানৰ মাজতো চাহ উদ্যোগটোৰ প্ৰতি আগবঢ়োৱা অৱদানে সামগ্রিকভাৱে উদ্যোগটোৰ লগতে স্বাৱলম্বনৰ দিশতো এক অনন্য নিদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ বিগত দুটা বছৰত জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন হৈছে। ইয়াৰ মাজতো চাহৰ বাবে প্রয়োজনীয় বৰষুণ আৰু ৰ'দৰ উষ্ণতাৰ ভাৰসাম্য সঠিক অৱস্থাত নাথাকিলেও পূৰ্বৰ তুলনাত এইবাৰো চাহ উদ্যোগৰ বাবে বতৰ কিছু পৰিমাণে আশাব্যঞ্জক হৈ পৰিছে।


এই প্ৰসংগতে চাহ ব'র্ডে সম্প্রতি প্রকাশ কৰা তথ্য অনুসৰি, যোৱা বৰ্ষৰ মার্চ মাহত অসমত মুঠ ২১.৪৫ মিলিয়ন কিল'গ্রাম চাহপাত উৎপাদন হয়। ইয়াৰ ভিতৰত বৃহৎ চাহ বাগিচাসমূহে উৎপাদন কৰিছিল ৮.৭৫ মিলিয়ন কিল'গ্রাম আৰু ক্ষুদ্র বাগিচাসমূহে উৎপাদন কৰিছিল ১২.৭০ মিলিয়ন কিল'গ্রাম চাহ। ইয়াৰ বিপৰীতে চলিত ২০২৫ বৰ্ষৰ মাৰ্চ মাহত ৰাজ্যখনত চাহৰ উৎপাদন হৈছে মুঠ ২৭.৫২ মিলিয়ন কিল'গ্রাম। মার্চ মাহত উৎপাদিত এই চাহৰ ৯.৭৭ মিলিয়ন কিল'গ্রাম বৃহৎ চাহ বাগিচাই আৰু ১৭.৭৫ মিলিয়ন কিল'গ্রাম ক্ষুদ্র চাহ খেতিয়কসকলে উৎপাদন কৰে। অন্যহাতে, ৰাজ্যখনৰ চাহ খেতিত অগ্রণী জিলাকেইখনত অতিপাত ৰ'দৰ উষ্ণতা আৰু অঞ্চল বিশেষে মাত্ৰাধিক বৰষুণেও আগন্তুক সময়ছোৱাত চাহ উৎপাদনত বিৰূপ প্রভাৱ পেলোৱাৰো আশংকা আছে।


ইফালে অসমতেই দেশৰ মুঠ উৎপাদিত চাহৰ ৫২শতাংশ উৎপাদন হয় যদিও বিশ্বৰ আন দেশৰ তুলনাত ভাৰতত বার্ষিক জনমূৰি চাহৰ ব্যৱহাৰ এতিয়াও আশাপ্রদ হৈ উঠা নাই। এই সন্দর্ভত অসম বটলিফটী মেনুফেকচাৰ্ছ এছ'চিয়েশ্যনে প্ৰকাশ কৰা তথ্য মতে, ভাৰতত সম্প্ৰতি বাৰ্ষিক জনমূৰি ৮৬২ গ্রাম চাহ ব্যৱহাৰ কৰা হয়। যিটো পৰিসংখ্যা চুবুৰীয়া পাকিস্তানতকৈ ৫০ শতাংশ আৰু তুৰস্কতকৈ ২৫শতাংশ কম। এনে হোৱাৰ ফলত সামগ্রিকভাৱে থলুৱা চাহ উদ্যোগৰ বাবেও ভিন্ন দিশত সমস্যাৰ উদ্ভৱ হৈছে। সেয়েহে জনমূৰি চাহৰ বাৰ্ষিক ব্যৱহাৰ কমেও এক কিল'গ্রামলৈ বৃদ্ধি কৰাত এছচিয়েশ্যনে গুৰুত্ব দিছে। এনে গুৰুত্বৰ অংশস্বৰূপেই অসমৰ এই এছচিয়েশ্যনৰ নেতৃত্বত উত্তৰ বংগ চাহ উৎপাদক কল্যাণ সংস্থা আৰু নীলগিৰি বটলিফটী মেনুফেকচাৰ্ছ এছ'চিয়েশ্যনে চাহ ব'ৰ্ড ইণ্ডিয়াৰ সৈতে শেহতীয়াকৈ চলিত ২০২৫ বৰ্ষৰ ২৫ এপ্ৰিলৰ পৰা 'মিছন ১ কে' অর্থাৎ চাহৰ ব্যৱহাৰ ১ কিঃগ্রাঃ শীর্ষক এক অভিযান নিজ নিজ এলেকাত আৰম্ভ কৰিছে। বাৰ্ষিক জনমূৰি চাহৰ ব্যৱহাৰ এক কিল'গ্রামলৈ বৃদ্ধিৰ লক্ষ্যৰে ইতিমধ্যে অসমৰ ডুমডুমা, ডিব্ৰুগড়, মাৰ্ঘেৰিটা, সোণাৰি, ডিকম, মৰাণ, লাহোৱাল, বিশ্বনাথ চাৰিআলি আৰু জামুগুৰিত ভিন্ন পদক্ষেপেৰে আৰম্ভ হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী