--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২৬ জুনৰ পুৱা ৩ বজাত নিবৃত্তি হ’ল অম্বুবাচীৰ। ইয়াৰ লগেলগে নীলাচলত সামৰণি পৰিল অম্বুবাচীৰ মহাযোগৰ। দেৱীক স্নানৰ পিছতে আৰম্ভ হ’ল নিত্য পূজা-অৰ্চনা আৰু ভক্তৰ বাবে খুলি দিয়া হ'ল মা কামাখ্যাৰ দুৱাৰ।

ডিজিটেল ডেস্কঃ সমাপ্তি ঘটিল অম্বুবাচীৰ মহাযোগৰ। পুনৰ ভক্তৰ বাবে মুকলি হ'ল মা কামাখ্যা ধামৰ দ্বাৰ। অম্বুবাচী মহাযোগ সমাপ্ত হোৱাৰ পিছত আজি পুৱা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে মুকলি কৰা হৈছে। আজি পুৱা দেৱীৰ স্নান আৰু নিত্য পূজাৰ পিছত দুৱাৰ খোলা হয়। 


২৬ জুনৰ পুৱা ৩ বজাত নিবৃত্তি হ’ল অম্বুবাচীৰ। ইয়াৰ লগেলগে নীলাচলত সামৰণি পৰিল অম্বুবাচীৰ মহাযোগৰ। দেৱীক স্নানৰ পিছতে আৰম্ভ হ’ল নিত্য পূজা-অৰ্চনা আৰু ভক্তৰ বাবে খুলি দিয়া হ'ল মা কামাখ্যাৰ দুৱাৰ।


মা কামাখ্যাৰ আশিস ল’বলৈ নীলাচলত অগণন ভক্তই ভিৰ কৰিছেহি। ২২ জুনৰ দিনৰ ২.৫৬ বজাত প্ৰবৃত্তিৰ লগে লগে মা কামাখ্যাৰ দুৱাৰ বন্ধ হয় । ২৬ জুনৰ পুৱা ভক্তৰ বাবে মুকলি কৰা হ'ল মা কামাখ্যাৰ দুৱাৰ । 


সাধু-সন্ন্যাসীৰ সমাহাৰ ঘটা কামাখ্যাধামত অম্বুবাচীৰ মহাযোগৰ এই সময়ছোৱাত সকলো ব্ৰতী হৈছিল সাধনাত ।


উল্লেখ্য যে ইতিহাস প্ৰসিদ্ধ মা কামাখ্যা মন্দিৰত প্ৰত্যেক বছৰে মহা ধুমধামেৰে উদযাপন কৰা মহআম্বুবাচী তাহানিৰে পৰা 'অম্বুবাচী মেলা' হিচাপেই জনাজাত হৈ আহিছিল ৷ কিন্তু এইবাৰৰ পৰা 'মেলা'ৰ সলনি 'মহাযোগ' বুলি কোৱা হৈছে । মূলতঃ মন্দিৰ কৰ্তৃপক্ষ তথা ৰাজ্য চৰকাৰৰ ফালৰ পৰাই কৰা হৈছে এই ব্যৱস্থা । সেই অনুসৰি এইবাৰৰ পৰা ‘অম্বুবাচী মেলা’ৰ পৰিৱৰ্তে ‘অম্বুবাচী মহাযোগ' হিচাপে উদযাপিত কৰা হৈছে ।


এই সন্দৰ্ভত কামাখ্যা দেৱালয়ৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই কয়, "দৰাচলতে অম্বুবাচী এক মহাযোগ । অতীজত শক্তিপীঠ কামাখ্যাত এই সময়ছোৱাত প্ৰধানতঃ সাধু-সন্ন্যাসীসকল সমৱেত হৈছিল । কামাখ্যাত এই মহাযোগকালীন সময়ছোৱাত সম্পন্ন কৰা জপ-তপ আদিৰ সুফল কেইবাগুণলৈ বৃদ্ধি পায় । যাৰ বাবে দেশ-বিদেশৰ সাধু-সন্নাসীৰ অম্বুবাচীৰ সময়ত সমাগম ঘটে । সাধু-সন্নাসীৰ সাধনাত সমগ্ৰ নীলাচল পাহাৰখনেই এক আধ্যাত্মিক ক্ষেত্ৰলৈ পৰিৱৰ্তিত হয় ।"


তেওঁ লগতে কয় যে  অম্বুবাচীৰ সময়ত সাধনা কৰা হয় । ইয়াত কোনো ধৰণৰ মেলা নহয় । সকলো শক্তিৰ আৰাধনা কৰিবলৈ ইয়ালৈ আহে । তাৰ বাবে এক পৰিৱেশৰ প্ৰয়োজন । আমি সেই পৰিৱেশ দিয়াৰ প্ৰয়াস কৰিছো আৰু যাৰ বাবে অম্বুবাচীক মহাযোগ হিচাপে উদযাপন কৰা হৈছে।"




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ