--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২৬ জুনৰ পুৱা ৩ বজাত নিবৃত্তি হ’ল অম্বুবাচীৰ। ইয়াৰ লগেলগে নীলাচলত সামৰণি পৰিল অম্বুবাচীৰ মহাযোগৰ। দেৱীক স্নানৰ পিছতে আৰম্ভ হ’ল নিত্য পূজা-অৰ্চনা আৰু ভক্তৰ বাবে খুলি দিয়া হ'ল মা কামাখ্যাৰ দুৱাৰ।

ডিজিটেল ডেস্কঃ সমাপ্তি ঘটিল অম্বুবাচীৰ মহাযোগৰ। পুনৰ ভক্তৰ বাবে মুকলি হ'ল মা কামাখ্যা ধামৰ দ্বাৰ। অম্বুবাচী মহাযোগ সমাপ্ত হোৱাৰ পিছত আজি পুৱা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে মুকলি কৰা হৈছে। আজি পুৱা দেৱীৰ স্নান আৰু নিত্য পূজাৰ পিছত দুৱাৰ খোলা হয়। 


২৬ জুনৰ পুৱা ৩ বজাত নিবৃত্তি হ’ল অম্বুবাচীৰ। ইয়াৰ লগেলগে নীলাচলত সামৰণি পৰিল অম্বুবাচীৰ মহাযোগৰ। দেৱীক স্নানৰ পিছতে আৰম্ভ হ’ল নিত্য পূজা-অৰ্চনা আৰু ভক্তৰ বাবে খুলি দিয়া হ'ল মা কামাখ্যাৰ দুৱাৰ।


মা কামাখ্যাৰ আশিস ল’বলৈ নীলাচলত অগণন ভক্তই ভিৰ কৰিছেহি। ২২ জুনৰ দিনৰ ২.৫৬ বজাত প্ৰবৃত্তিৰ লগে লগে মা কামাখ্যাৰ দুৱাৰ বন্ধ হয় । ২৬ জুনৰ পুৱা ভক্তৰ বাবে মুকলি কৰা হ'ল মা কামাখ্যাৰ দুৱাৰ । 


সাধু-সন্ন্যাসীৰ সমাহাৰ ঘটা কামাখ্যাধামত অম্বুবাচীৰ মহাযোগৰ এই সময়ছোৱাত সকলো ব্ৰতী হৈছিল সাধনাত ।


উল্লেখ্য যে ইতিহাস প্ৰসিদ্ধ মা কামাখ্যা মন্দিৰত প্ৰত্যেক বছৰে মহা ধুমধামেৰে উদযাপন কৰা মহআম্বুবাচী তাহানিৰে পৰা 'অম্বুবাচী মেলা' হিচাপেই জনাজাত হৈ আহিছিল ৷ কিন্তু এইবাৰৰ পৰা 'মেলা'ৰ সলনি 'মহাযোগ' বুলি কোৱা হৈছে । মূলতঃ মন্দিৰ কৰ্তৃপক্ষ তথা ৰাজ্য চৰকাৰৰ ফালৰ পৰাই কৰা হৈছে এই ব্যৱস্থা । সেই অনুসৰি এইবাৰৰ পৰা ‘অম্বুবাচী মেলা’ৰ পৰিৱৰ্তে ‘অম্বুবাচী মহাযোগ' হিচাপে উদযাপিত কৰা হৈছে ।


এই সন্দৰ্ভত কামাখ্যা দেৱালয়ৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই কয়, "দৰাচলতে অম্বুবাচী এক মহাযোগ । অতীজত শক্তিপীঠ কামাখ্যাত এই সময়ছোৱাত প্ৰধানতঃ সাধু-সন্ন্যাসীসকল সমৱেত হৈছিল । কামাখ্যাত এই মহাযোগকালীন সময়ছোৱাত সম্পন্ন কৰা জপ-তপ আদিৰ সুফল কেইবাগুণলৈ বৃদ্ধি পায় । যাৰ বাবে দেশ-বিদেশৰ সাধু-সন্নাসীৰ অম্বুবাচীৰ সময়ত সমাগম ঘটে । সাধু-সন্নাসীৰ সাধনাত সমগ্ৰ নীলাচল পাহাৰখনেই এক আধ্যাত্মিক ক্ষেত্ৰলৈ পৰিৱৰ্তিত হয় ।"


তেওঁ লগতে কয় যে  অম্বুবাচীৰ সময়ত সাধনা কৰা হয় । ইয়াত কোনো ধৰণৰ মেলা নহয় । সকলো শক্তিৰ আৰাধনা কৰিবলৈ ইয়ালৈ আহে । তাৰ বাবে এক পৰিৱেশৰ প্ৰয়োজন । আমি সেই পৰিৱেশ দিয়াৰ প্ৰয়াস কৰিছো আৰু যাৰ বাবে অম্বুবাচীক মহাযোগ হিচাপে উদযাপন কৰা হৈছে।"




FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
ইতিহাস হ'ল জুবিন
চুলি দ্ৰুতভাৱে গজাব বিচাৰে নেকি? এই প্ৰটিনযুক্ত খাদ্যসমূহ আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক
গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ঘোচ লোৱাৰ অভিযোগত লাট মণ্ডলক গ্ৰেপ্তাৰ
৭২ বছৰীয়া দৰা, ২৭ বছৰীয়া কইনা; জোধপুৰত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ ইউক্ৰেইনৰ বাসিন্দা
ৰঙাপৰাৰ ৰাবাৰবিল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ,হাতীয়ে ভাঙিলে চাৰিটা বাসগৃহ, আতংকিত স্থানীয় ৰাইজ
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক