--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হোজাইৰ সংস্কাৰ মন্দিৰ প্ৰকল্প চৌহদত যোৱা ৯ জুনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ - এক (বিশেষ) প্ৰশিক্ষণ শিৱিৰ আৰম্ভ হৈছে

ডিজিটেল ডেস্কঃ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱত দুই দিনীয়া কাৰ্যসূচীৰে কাইলৈ হোজাইলৈ আহিব। কাইলৈ অৰ্থাৎ ১৯ জুনৰ আবেলি গুৱাহাটী বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত ৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰাই পোনে পোনে হোজাইলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক গৰাকী ৰাওনা হ'ব ৷


উল্লেখ্য, হোজাইৰ সংস্কাৰ মন্দিৰ প্ৰকল্প চৌহদত যোৱা ৯ জুনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ - এক (বিশেষ) প্ৰশিক্ষণ শিৱিৰ আৰম্ভ হৈছে ৷ ২০ আৰু ২১ জুনত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ -এক (বিশেষ)ৰ প্রশিক্ষণ শিৱিৰত ডা: মোহন ভাগৱতে উপস্থিত থাকি ২১ জুনৰ আবেলি গুৱাহাটীলৈ উভতি আহিব । ডা: মোহন ভাগৱতে ২১ জুনৰ নিশা গুৱাহাটীৰ বৰবৰীস্থিত সুদৰ্শনালয়ত নিশাটো কটাই ২২ জুনৰ পুৱা সৰসংঘচালক গৰাকীয়ে নাগপুৰ অভিমুখে ৰাওনা হ'ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ।


উল্লেখ্য যে, হোজাইৰ সংস্কাৰ মন্দিৰ প্ৰকল্প প্ৰাংগনত ৯ জুনৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ -এক (বিশেষ) ৰ ২০ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ ২৯ জুনত সামৰণি পৰিব । ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ দ্বাৰা পৰিচালিত উক্ত প্রশিক্ষণত সংঘ শিক্ষা বৰ্গৰ প্ৰশিক্ষণ লোৱা স্বয়ংসেৱক সকলেহে কাৰ্যকৰ্তা বিকাশ বৰ্গ -এক (বিশেষ)ৰ প্রশিক্ষণত অংশ গ্রহণ কৰিব পাৰে । প্ৰশিক্ষণত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ পাঁচ প্ৰান্তৰ ৩৮ খন জিলাৰ উপৰি কোকন প্ৰান্তৰ এখন জিলা সহ মুঠ ১৪৩ গৰাকী স্বয়ংসেৱকে অংশগ্ৰহণ কৰিছে । অসম ক্ষেত্ৰৰ অধীনৰ উত্তৰ অসম প্ৰান্তৰ ৫১ গৰাকী, ত্ৰিপুৰা প্ৰান্তৰ ৪৬ গৰাকী, মণিপুৰ প্ৰান্তৰ ২৭ গৰাকী, দক্ষিণ অসম প্ৰান্তৰ ১৫ গৰাকী আৰু অৰুণাচল প্ৰান্তৰ ৩ গৰাকী স্বয়ংসেৱকে প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষণ শিৱিৰত ১৬ গৰাকী শিক্ষকে প্ৰশিক্ষণ দি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি