--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হোজাইৰ সংস্কাৰ মন্দিৰ প্ৰকল্প চৌহদত যোৱা ৯ জুনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ - এক (বিশেষ) প্ৰশিক্ষণ শিৱিৰ আৰম্ভ হৈছে

ডিজিটেল ডেস্কঃ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱত দুই দিনীয়া কাৰ্যসূচীৰে কাইলৈ হোজাইলৈ আহিব। কাইলৈ অৰ্থাৎ ১৯ জুনৰ আবেলি গুৱাহাটী বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত ৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰাই পোনে পোনে হোজাইলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক গৰাকী ৰাওনা হ'ব ৷


উল্লেখ্য, হোজাইৰ সংস্কাৰ মন্দিৰ প্ৰকল্প চৌহদত যোৱা ৯ জুনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ - এক (বিশেষ) প্ৰশিক্ষণ শিৱিৰ আৰম্ভ হৈছে ৷ ২০ আৰু ২১ জুনত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ -এক (বিশেষ)ৰ প্রশিক্ষণ শিৱিৰত ডা: মোহন ভাগৱতে উপস্থিত থাকি ২১ জুনৰ আবেলি গুৱাহাটীলৈ উভতি আহিব । ডা: মোহন ভাগৱতে ২১ জুনৰ নিশা গুৱাহাটীৰ বৰবৰীস্থিত সুদৰ্শনালয়ত নিশাটো কটাই ২২ জুনৰ পুৱা সৰসংঘচালক গৰাকীয়ে নাগপুৰ অভিমুখে ৰাওনা হ'ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ।


উল্লেখ্য যে, হোজাইৰ সংস্কাৰ মন্দিৰ প্ৰকল্প প্ৰাংগনত ৯ জুনৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ -এক (বিশেষ) ৰ ২০ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ ২৯ জুনত সামৰণি পৰিব । ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ দ্বাৰা পৰিচালিত উক্ত প্রশিক্ষণত সংঘ শিক্ষা বৰ্গৰ প্ৰশিক্ষণ লোৱা স্বয়ংসেৱক সকলেহে কাৰ্যকৰ্তা বিকাশ বৰ্গ -এক (বিশেষ)ৰ প্রশিক্ষণত অংশ গ্রহণ কৰিব পাৰে । প্ৰশিক্ষণত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ পাঁচ প্ৰান্তৰ ৩৮ খন জিলাৰ উপৰি কোকন প্ৰান্তৰ এখন জিলা সহ মুঠ ১৪৩ গৰাকী স্বয়ংসেৱকে অংশগ্ৰহণ কৰিছে । অসম ক্ষেত্ৰৰ অধীনৰ উত্তৰ অসম প্ৰান্তৰ ৫১ গৰাকী, ত্ৰিপুৰা প্ৰান্তৰ ৪৬ গৰাকী, মণিপুৰ প্ৰান্তৰ ২৭ গৰাকী, দক্ষিণ অসম প্ৰান্তৰ ১৫ গৰাকী আৰু অৰুণাচল প্ৰান্তৰ ৩ গৰাকী স্বয়ংসেৱকে প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষণ শিৱিৰত ১৬ গৰাকী শিক্ষকে প্ৰশিক্ষণ দি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা