--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি উপলক্ষে ২২ জুনৰ দুপৰীয়া ২ বাজি ৫৬ মিনিট ২৭ ছেকেণ্ডৰ পৰা দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব

ডিজিটেল ডেস্কঃকামাখ্যা দেৱালয়ত অম্বুবাচী মহাযোগৰ পৱিত্ৰ পৰ্ব পালন কৰা হ'ব। অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি উপলক্ষে ২২ জুনৰ দুপৰীয়া ২ বাজি ৫৬ মিনিট ২৭ ছেকেণ্ডৰ পৰা দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব। ২৬ জুনৰ পুৱা দেৱী স্নান, নিত্য পূজাৰ পাছত তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ'ব মন্দিৰৰ দুৱাৰ। অহা ২৬ আৰু ২৭ জুনৰ দিনা বিশেষ দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব।২১ৰ পৰা ৩০ জুনলৈ ভিআইপি-ভিভিআইপিৰ দৰ্শনৰ ব্যৱস্থা নাথাকিব।


আগন্তুক অম্বুবাচী মহোৎসৱৰ সময়ত ল'বলগা ব্যৱস্থাৱলীঃ


১) এইবেলি নীলাচল পাহাৰৰ আশে-পাশে তীর্থযাত্ৰীৰ থকা-খোৱাৰ ব্যৱস্থা নাথাকিব তথা কোনো ধৰণৰ খাদ্য-সামগ্রী বিতৰণ কৰিব নোৱাৰিব।

২) কামাখ্যাৰ নামনিৰ পৰা অহা পদপথসমূহৰ লগতে মটৰ পথছোৱাৰ মাজে মাজে চিকিৎসা সেৱা, খোৱাপানী, জিৰণি চ'ৰাৰ ব্যৱস্থা থাকিব।

৩) অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ তৰফৰ পৰা ভক্তসকললৈ পৰিচালনা সমিতিৰ আহ্বান-শৃখলাবদ্ধভাৱে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰাকৈ শাৰী পাতি পাহাৰৰ ওপৰলৈ যাব আৰু মন্দিৰ পৰিক্ৰমা কৰি উভতি আহি ধর্মীয় পৰিৱেশ অক্ষুণ্ণ ৰখাত সহায় কৰিব।

৪) আইন-শৃংখলা আৰু তীর্থযাত্ৰীৰ সুৰক্ষাৰ ব্যৱস্থাৰ বাবে দেৱালয়ৰ নিজা ১২০জন স্থায়ী সুৰক্ষা কৰ্মী, ৪০০জন স্কাউট-গাইড, ১৫০জন স্বেচ্ছাসেৱক, ২৫০জন অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰা হ'ব। ইয়াৰ উপৰি দেৱালয়ৰ চৌপাশে ৫০০ চি চি টিভি কেমেৰা স্থাপন কৰা হ'ব।

৫) দেৱালয়ৰ নিজা ২০০জন চাফাই কৰ্মীৰ উপৰি ১১০জন অস্থায়ী চাফাই কর্মী নিয়োগ কৰা হ'ব।

৬) ২৬ জুনৰ দিনা দেৱীৰ দৰ্শনৰ বাবে সমবেত হোৱা দৰ্শনাৰ্থীৰ সুবিধার্থে বংশীবাগানত অস্থায়ী জিৰণি চ'ৰা, চিকিৎসা সেৱা, প্ৰস্ৰাৱগাৰ, খোৱাপানীৰ ব্যৱস্থা কৰা হ'ব।

৭) অম্বুবাচী উপলক্ষে সেৱা আগবঢ়োৱা সংস্থাৰ সদস্যসকলৰ বাবে দেৱালয়ৰ তৰফৰ পৰা থকা-খোৱা ব্যৱস্থা কৰা হ'ব।

৮) ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি গধূলি ৬ বজাৰ পৰা ভক্তসকলে নীলাচল পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব। লগতে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথটো ভূমিস্খলনৰ বাবে বন্ধ ৰখা হ'ব।

৯) দেৱালয়ৰ আশে-পাশে জোতা-চেণ্ডেল ৰখাৰ ব্যৱস্থা নাই, সেয়েহে পৰাপক্ষত ভক্তসকলে নিজৰ নিজৰ জোতা-চেণ্ডেলবোৰ নামনি কামাখ্যাৰ উৰণীয়া সেতুৰ তলত ৰাখিহে পাহাৰত প্ৰৱেশ কৰে যেন। অন্যথা জোতা-চেণ্ডেল ঘূৰাই নোপোৱাৰ বাবে দেৱালয় কর্তৃপক্ষ বা প্রশাসন জগৰীয়া নহ'ব।

১০) নীলাচল পাহাৰ এক ধঁপাতমুক্ত অঞ্চল, সেয়েহে এইক্ষেত্রত সকলো পক্ষৰ সহায়-সহযোগিতা কামনা কৰা হ'ল আৰু লগতে মাদক দ্রব্য সেৱন কৰি যাতে কোনোৱে দেৱালয়ত প্রৱেশ নকৰে তাৰ বাবে বিশেষভাৱে অনুৰোধ জনোৱা হ'ল।

১১) অম্বুবাচী মহাযোগৰ সময়ত তীর্থযাত্ৰীৰ বাবে ২৪ ঘণ্টীয়া পানী, বিদ্যুৎ, স্বাস্থ্যসেৱা, শৌচালয়, চাফাই, নিৰাপত্তা পৰ্যাপ্ত পৰিমাণৰ ৰাখিবৰ বাবে প্ৰশাসনক অনুৰোধ জনোৱা হ'ল।


অম্বুবাচী মহাযোগৰ সময়ত সকলো তীর্থযাত্ৰীৰ তৰফৰ পৰা সহায়-সহযোগিতাৰ কামনা কৰা হ'ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা