--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কেৱল ঘোষণাতেই ক্ষান্ত নাথাকি মঙলবাৰে সন্ধিয়া নেঘেৰিবিলৰ কাষেৰে বৈ যোৱা চেলচেলী নৈত নির্মীয়মাণ জলসিঞ্চন প্রকল্প অনির্দিষ্টকাললৈ বন্ধ কৰাৰ ভাবুকি দিছে নগা প্রশাসনৰ এটা দলে

ডিজিটেল ডেস্ক : অসম চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত মেৰাপানীৰ নেঘেৰিবিলৰপৰা সন্দেহজনক লোকক উচ্ছেদ চলোৱাৰ পাছত নেঘেৰিবিল নগাই ল'ম বুলি দাবী কৰি সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাৰ লগতে গাঁওখনৰ উন্নয়নৰ কামত হকা-বাধাৰে আগ্রাসী ৰূপ লোৱা কাৰ্যত শংকিত হৈ পৰিছে ২নং নেঘেৰিবিল গাঁৱৰ থলুৱা পৰিয়ালসমূহ।


উল্লেখযোগ্য যে ৮ আগষ্টত নেঘেৰিবিল উচ্ছেদ কৰিবলৈ গোলাঘাট জিলা প্রশাসন সাজু হোৱাৰ পাছৰেপৰা নেঘেৰিবিলৰ ভূমিখণ্ড নগাই নগালেণ্ডৰ বুলি দাবী কৰাৰ লগতে নেঘেৰিবিলত অসমীয়া লোকক বনভোজ খাবলৈ দিয়া নহ'ব বুলি নগা ভিলেইজ কাউঞ্চিলে সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে।


কেৱল ঘোষণাতেই ক্ষান্ত নাথাকি মঙলবাৰে সন্ধিয়া নেঘেৰিবিলৰ কাষেৰে বৈ যোৱা চেলচেলী নৈত নির্মীয়মাণ জলসিঞ্চন প্রকল্প অনির্দিষ্টকাললৈ বন্ধ কৰাৰ ভাবুকি দিছে নগা প্রশাসনৰ এটা দলে। নগা আৰক্ষীৰ এটা দলৰ সৈতে নগা প্রশাসনৰ দুজন বিষয়া প্রকল্পস্থলীত উপস্থিত হৈ শ্রমিকসকলক কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। ফলত উপায়ন্তৰ হৈ শ্ৰমিকসকলে কাম বন্ধ কৰিবলৈ বাধ্য হৈ পৰে। ইফালে অসমভূমিত নগা আৰক্ষীৰ এনে দাদাগিৰি প্ৰত্যক্ষ কৰি একপ্ৰকাৰ শংকিত হৈ পৰিছে অঞ্চলটোৰ অসমীয়া লোকসকল।


উল্লেখযোগ্য যে ৮ আগষ্টত নেঘেৰিবিলত হ'ব লগীয়া উচ্ছেদৰ গইনা লৈ নগাই অসমভূমি দখলৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা পৰিলক্ষিত হৈছে। ইফালে, মেৰাপানী সীমান্তত চুবুৰীয়া নগালেণ্ডৰ লিঅ'লুংচুং বস্তি, মিকিৰাং বস্তি আৰু লুঙায়ং বস্তি তিনিখনকৈ গাঁৱৰ নগা কাউঞ্চিলে ২নং নেঘেৰিবিলৰ মাটি তেওঁলোকৰ বুলি দাবী কৰাৰ পাছতে ২নং নেঘেৰিবিলৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকল শংকিত আৰু উদ্বিগ্ন হৈ পৰিছে।


নগালোকৰ এই উদ্ভণ্ডালি সন্দর্ভত বুধবাৰে পুৱা এখন সংবাদমেল সম্বোধন কৰি ২নং নেঘেৰিবিল গাঁৱৰ গাঁওপ্রধান আৰু স্থানীয় ৰাইজৰ উপস্থিতিত সাংবাদিকৰ আগত ক্ষোভ প্রকাশ কৰি কয় যে ২নং নেঘেৰিবিলৰ মাটি কোনো কাৰণতেই নগাৰ নহয়। এই স্থানত মিচিং জনগোষ্ঠীয় লোকসকলে বছৰ বছৰ ধৰি বসবাস কৰি অহাৰ লগতে চুবুৰীয়া নগালোকসকলৰ সৈতেও দীর্ঘদিন সমিলমিলেৰে বসবাস কৰি আহিছে। শেহতীয়াকৈ নেঘেৰিবিলৰ চুবুৰীয়া লিঅ' লুংচুং, মিকিৰাং আৰু লুঙায়ুং বস্তিৰ গাঁও প্রধানে সামাজিক মাধ্যমত মুকলি কৰা ভিডিঅ'ক আমি গ্ৰহণ কৰিব পৰা নাই আৰু এনেবোৰ কথাই আমাৰ অসম-নগালেণ্ডৰ সম্প্ৰীতিৰ মাজত আউল লগাব। সেয়েহে পূৰ্বৰে পৰা ২নং নেঘেৰিবিলৰ লগত মিলাপ্ৰীতিৰে বসবাস কৰা তিনিওখন নগা গাঁৱৰ ৰাইজলৈ সম্প্রীতি অটুট ৰাখিবলৈ আহ্বান জনাইছে মিচিং জনগোষ্ঠীয় লোকসকলে।


অন্যহাতে, এই কাণ্ডৰ আঁৰত কোনো তৃতীয় শক্তি জড়িত থকা বুলি অভিযোগ কৰি তৃতীয় শক্তিৰ উচটনিতেই নগাই নেঘেৰিবিলৰ ভূমিত আগ্রাসন চলোৱাৰ সাহস পাইছে বুলি মন্তব্য কৰে সংবাদমেলখনত। এই সন্দর্ভত উচ্ছেদিত বেদখলকাৰী পৰিয়ালেই যে নগাক উচটনি দি এনেদৰে কথা কোৱাৰ বাবে প্ৰৰোচিত কৰিছে, সেয়া কাৰো নাম প্রকাশ নকৰিলেও স্পষ্ট হৈ পৰিছে।


অন্যহাতে, সম্প্রতি নগাৰ এনে উদ্ভণ্ডালি আৰু ভাবুকিত নিৰাপত্তাহীনতা আৰু অজান আশংকাত ভোগা নেঘেৰিবিলৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে নেঘেৰিবিলৰ উচ্ছেদিত এলেকাত অসম আৰক্ষী বেটেলিয়ন অথবা আছাম ৰাইফলছৰ এটা শিবিৰ স্থাপনৰ বাবে অসম চৰকাৰ তথা জিলা প্রশাসনক আহ্বান জনাইছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে