--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কেৱল ঘোষণাতেই ক্ষান্ত নাথাকি মঙলবাৰে সন্ধিয়া নেঘেৰিবিলৰ কাষেৰে বৈ যোৱা চেলচেলী নৈত নির্মীয়মাণ জলসিঞ্চন প্রকল্প অনির্দিষ্টকাললৈ বন্ধ কৰাৰ ভাবুকি দিছে নগা প্রশাসনৰ এটা দলে

ডিজিটেল ডেস্ক : অসম চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত মেৰাপানীৰ নেঘেৰিবিলৰপৰা সন্দেহজনক লোকক উচ্ছেদ চলোৱাৰ পাছত নেঘেৰিবিল নগাই ল'ম বুলি দাবী কৰি সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাৰ লগতে গাঁওখনৰ উন্নয়নৰ কামত হকা-বাধাৰে আগ্রাসী ৰূপ লোৱা কাৰ্যত শংকিত হৈ পৰিছে ২নং নেঘেৰিবিল গাঁৱৰ থলুৱা পৰিয়ালসমূহ।


উল্লেখযোগ্য যে ৮ আগষ্টত নেঘেৰিবিল উচ্ছেদ কৰিবলৈ গোলাঘাট জিলা প্রশাসন সাজু হোৱাৰ পাছৰেপৰা নেঘেৰিবিলৰ ভূমিখণ্ড নগাই নগালেণ্ডৰ বুলি দাবী কৰাৰ লগতে নেঘেৰিবিলত অসমীয়া লোকক বনভোজ খাবলৈ দিয়া নহ'ব বুলি নগা ভিলেইজ কাউঞ্চিলে সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে।


কেৱল ঘোষণাতেই ক্ষান্ত নাথাকি মঙলবাৰে সন্ধিয়া নেঘেৰিবিলৰ কাষেৰে বৈ যোৱা চেলচেলী নৈত নির্মীয়মাণ জলসিঞ্চন প্রকল্প অনির্দিষ্টকাললৈ বন্ধ কৰাৰ ভাবুকি দিছে নগা প্রশাসনৰ এটা দলে। নগা আৰক্ষীৰ এটা দলৰ সৈতে নগা প্রশাসনৰ দুজন বিষয়া প্রকল্পস্থলীত উপস্থিত হৈ শ্রমিকসকলক কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। ফলত উপায়ন্তৰ হৈ শ্ৰমিকসকলে কাম বন্ধ কৰিবলৈ বাধ্য হৈ পৰে। ইফালে অসমভূমিত নগা আৰক্ষীৰ এনে দাদাগিৰি প্ৰত্যক্ষ কৰি একপ্ৰকাৰ শংকিত হৈ পৰিছে অঞ্চলটোৰ অসমীয়া লোকসকল।


উল্লেখযোগ্য যে ৮ আগষ্টত নেঘেৰিবিলত হ'ব লগীয়া উচ্ছেদৰ গইনা লৈ নগাই অসমভূমি দখলৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা পৰিলক্ষিত হৈছে। ইফালে, মেৰাপানী সীমান্তত চুবুৰীয়া নগালেণ্ডৰ লিঅ'লুংচুং বস্তি, মিকিৰাং বস্তি আৰু লুঙায়ং বস্তি তিনিখনকৈ গাঁৱৰ নগা কাউঞ্চিলে ২নং নেঘেৰিবিলৰ মাটি তেওঁলোকৰ বুলি দাবী কৰাৰ পাছতে ২নং নেঘেৰিবিলৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকল শংকিত আৰু উদ্বিগ্ন হৈ পৰিছে।


নগালোকৰ এই উদ্ভণ্ডালি সন্দর্ভত বুধবাৰে পুৱা এখন সংবাদমেল সম্বোধন কৰি ২নং নেঘেৰিবিল গাঁৱৰ গাঁওপ্রধান আৰু স্থানীয় ৰাইজৰ উপস্থিতিত সাংবাদিকৰ আগত ক্ষোভ প্রকাশ কৰি কয় যে ২নং নেঘেৰিবিলৰ মাটি কোনো কাৰণতেই নগাৰ নহয়। এই স্থানত মিচিং জনগোষ্ঠীয় লোকসকলে বছৰ বছৰ ধৰি বসবাস কৰি অহাৰ লগতে চুবুৰীয়া নগালোকসকলৰ সৈতেও দীর্ঘদিন সমিলমিলেৰে বসবাস কৰি আহিছে। শেহতীয়াকৈ নেঘেৰিবিলৰ চুবুৰীয়া লিঅ' লুংচুং, মিকিৰাং আৰু লুঙায়ুং বস্তিৰ গাঁও প্রধানে সামাজিক মাধ্যমত মুকলি কৰা ভিডিঅ'ক আমি গ্ৰহণ কৰিব পৰা নাই আৰু এনেবোৰ কথাই আমাৰ অসম-নগালেণ্ডৰ সম্প্ৰীতিৰ মাজত আউল লগাব। সেয়েহে পূৰ্বৰে পৰা ২নং নেঘেৰিবিলৰ লগত মিলাপ্ৰীতিৰে বসবাস কৰা তিনিওখন নগা গাঁৱৰ ৰাইজলৈ সম্প্রীতি অটুট ৰাখিবলৈ আহ্বান জনাইছে মিচিং জনগোষ্ঠীয় লোকসকলে।


অন্যহাতে, এই কাণ্ডৰ আঁৰত কোনো তৃতীয় শক্তি জড়িত থকা বুলি অভিযোগ কৰি তৃতীয় শক্তিৰ উচটনিতেই নগাই নেঘেৰিবিলৰ ভূমিত আগ্রাসন চলোৱাৰ সাহস পাইছে বুলি মন্তব্য কৰে সংবাদমেলখনত। এই সন্দর্ভত উচ্ছেদিত বেদখলকাৰী পৰিয়ালেই যে নগাক উচটনি দি এনেদৰে কথা কোৱাৰ বাবে প্ৰৰোচিত কৰিছে, সেয়া কাৰো নাম প্রকাশ নকৰিলেও স্পষ্ট হৈ পৰিছে।


অন্যহাতে, সম্প্রতি নগাৰ এনে উদ্ভণ্ডালি আৰু ভাবুকিত নিৰাপত্তাহীনতা আৰু অজান আশংকাত ভোগা নেঘেৰিবিলৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে নেঘেৰিবিলৰ উচ্ছেদিত এলেকাত অসম আৰক্ষী বেটেলিয়ন অথবা আছাম ৰাইফলছৰ এটা শিবিৰ স্থাপনৰ বাবে অসম চৰকাৰ তথা জিলা প্রশাসনক আহ্বান জনাইছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ