--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পুংখানুপুংখভাৱে তালাচী চলাই গাড়ীখনৰ পৰা মুঠ প্ৰায় ৪৫ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ’ইন থকা ৪টা চাবোনৰ বাকচ আৰক্ষীয়ে জব্দ কৰে।

ডিজিটেল ডেস্কঃ  মহানগৰীৰ কটাবাৰীত SOG আৰু ISBT আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান। ACP নিলোৎপল শইকীয়াৰ নেতৃত্বত চলিছিল এই অভিযান। অভিযানত জব্দ চাৰি পেকেট ড্ৰাগছৰ লগতে দুই লাখ টকা আৰু এখন চাৰিচকীয়া চুইফ্ট বাহন।


ISBT আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন সৰবৰাহকাৰীক। ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম সাজু ৰহমান লস্কৰ।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ ঘৰ শিলচৰত। বাহনখনৰ নম্বৰ ML04C7190।।


উল্লেখ্য যে শিলচৰৰ পৰা এজন ব্যক্তিয়ে সন্দেহযুক্ত হেৰ’ইন কঢ়িয়াই অনাৰ বিশ্বাসযোগ্য তথ্য লাভ কৰাৰ লগে লগে গড়চুক থানাৰ এটা দলে এচিপি আজাৰাৰ নেতৃত্বত আইএছবিটিৰ সমীপত তালাচী চকী স্থাপন কৰে।


এই তালাচীত ML04C7190 পঞ্জীয়ন নম্বৰ থকা সন্দেহযুক্ত বাহনখন জব্দ কৰে আৰক্ষীয়ে। পুংখানুপুংখভাৱে তালাচী চলাই গাড়ীখনৰ পৰা মুঠ প্ৰায় ৪৫ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ’ইন থকা ৪টা চাবোনৰ বাকচ আৰক্ষীয়ে জব্দ কৰে। লগতে বাহনখনৰ পৰা দুই লাখ টকা উদ্ধাৰ কৰি যথাযথ আইনী আনুষ্ঠানিকতাৰে জব্দ কৰে।  সাজু ৰহমান লস্কৰক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ