--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমযোগে ডি আৰ ডি অ'ক এই সফলতাৰ বাবে অভিনন্দন জনায় আৰু এই সফল পৰীক্ষণক ভাৰতীয় ক্ষেপণাস্ত্ৰ সক্ষমতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বিকাশ বুলি অভিহিত কৰে

ডিজিটেল ডেস্ক : ভাৰতীয় প্ৰতিৰক্ষা খণ্ডক সমৃদ্ধ কৰি আৰু ভাৰতীয় সেনাৰ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিব পৰা সক্ষমতা বৃদ্ধি কৰি শেহতীয়াকৈ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই (ডি আৰ ডি অ') এটা গুৰুত্বপূর্ণ সফলতা লাভ কৰিছে।


অন্ধ্র প্রদেশৰ এখন পৰীক্ষণস্থলীত ভাৰতে শেহতীয়াকৈ ড্র'নৰ পৰা নিক্ষেপ কৰিব পৰা মিছাইলৰ সফল পৰীক্ষা ডি' ডি আৰ ডি অ'ই শুকুৰবাৰে সম্পন্ন কৰে। অন্ধ্র প্রদেশৰ কাৰ্নুলত ড্র'নৰ পৰা নিক্ষেপ কৰিব পৰা নিখুঁতভাৱে পৰিচালিত ক্ষেপণাস্ত্র, ইউ এল পি জি এম-ভিত-ৰ সফল পৰীক্ষণ কৰে।


দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমযোগে ডি আৰ ডি অ'ক এই সফলতাৰ বাবে অভিনন্দন জনায় আৰু এই সফল পৰীক্ষণক ভাৰতীয় ক্ষেপণাস্ত্ৰ সক্ষমতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বিকাশ বুলি অভিহিত কৰে। পূর্বে ডি আৰ ডি অ'ৰ টার্মিনেল বেলিষ্টিক ৰিছাৰ্চ লেবৰেটৰীয়ে নিৰ্মাণ কৰিছিল ইউ এল পি জি এম-ভি২ আৰু এই ক্ষেপণাস্ত্রত বিভিন্ন যুদ্ধ শৈলী সন্নিবিষ্ট আছিল। শুকুৰবাৰে সফল পৰীক্ষণ কৰা এই ইউ এল পি জি এম-ভিত টো হৈছে ড্ৰ'নৰ পৰা নিক্ষেপ কৰিব পৰা নিখুঁতভাৱে পৰিচালিত এটা ক্ষেপণাস্ত্র। মানববিহীন আকাশী বাহন (ইউ এ ভি) হিচাপে ডিজাইন কৰা এই ক্ষেপণাস্ত্রই সঠিকভাৱে লক্ষ্যত আঘাত হানিব পাৰিব।


আধুনিক যুদ্ধশৈলীৰ সৈতে খাপ খোৱাকৈ নিৰ্মাণ কৰা এই ক্ষেপণাস্ত্রই যুদ্ধক্ষেত্ৰত শত্রুপক্ষৰ লক্ষ্যত নিখুঁতভাৱে আঘাত হানিব পাৰিব। এই নিখুঁতভাৱে পৰিচালিত ক্ষেপণাস্ত্ৰটো সম্পূর্ণভাৱে ভাৰতত ডি আৰ ডি অ'ই নিৰ্মাণ কৰিছে। থলুৱাভাৱে নিৰ্মাণ কৰা এই আধুনিক যুদ্ধশৈলীৰ ক্ষেপণাস্ত্ৰটোৱে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক আত্মনিৰ্ভৰশীলতাৰ দিশত অধিক গতি কৰোৱালে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক