--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমযোগে ডি আৰ ডি অ'ক এই সফলতাৰ বাবে অভিনন্দন জনায় আৰু এই সফল পৰীক্ষণক ভাৰতীয় ক্ষেপণাস্ত্ৰ সক্ষমতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বিকাশ বুলি অভিহিত কৰে

ডিজিটেল ডেস্ক : ভাৰতীয় প্ৰতিৰক্ষা খণ্ডক সমৃদ্ধ কৰি আৰু ভাৰতীয় সেনাৰ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিব পৰা সক্ষমতা বৃদ্ধি কৰি শেহতীয়াকৈ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই (ডি আৰ ডি অ') এটা গুৰুত্বপূর্ণ সফলতা লাভ কৰিছে।


অন্ধ্র প্রদেশৰ এখন পৰীক্ষণস্থলীত ভাৰতে শেহতীয়াকৈ ড্র'নৰ পৰা নিক্ষেপ কৰিব পৰা মিছাইলৰ সফল পৰীক্ষা ডি' ডি আৰ ডি অ'ই শুকুৰবাৰে সম্পন্ন কৰে। অন্ধ্র প্রদেশৰ কাৰ্নুলত ড্র'নৰ পৰা নিক্ষেপ কৰিব পৰা নিখুঁতভাৱে পৰিচালিত ক্ষেপণাস্ত্র, ইউ এল পি জি এম-ভিত-ৰ সফল পৰীক্ষণ কৰে।


দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমযোগে ডি আৰ ডি অ'ক এই সফলতাৰ বাবে অভিনন্দন জনায় আৰু এই সফল পৰীক্ষণক ভাৰতীয় ক্ষেপণাস্ত্ৰ সক্ষমতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বিকাশ বুলি অভিহিত কৰে। পূর্বে ডি আৰ ডি অ'ৰ টার্মিনেল বেলিষ্টিক ৰিছাৰ্চ লেবৰেটৰীয়ে নিৰ্মাণ কৰিছিল ইউ এল পি জি এম-ভি২ আৰু এই ক্ষেপণাস্ত্রত বিভিন্ন যুদ্ধ শৈলী সন্নিবিষ্ট আছিল। শুকুৰবাৰে সফল পৰীক্ষণ কৰা এই ইউ এল পি জি এম-ভিত টো হৈছে ড্ৰ'নৰ পৰা নিক্ষেপ কৰিব পৰা নিখুঁতভাৱে পৰিচালিত এটা ক্ষেপণাস্ত্র। মানববিহীন আকাশী বাহন (ইউ এ ভি) হিচাপে ডিজাইন কৰা এই ক্ষেপণাস্ত্রই সঠিকভাৱে লক্ষ্যত আঘাত হানিব পাৰিব।


আধুনিক যুদ্ধশৈলীৰ সৈতে খাপ খোৱাকৈ নিৰ্মাণ কৰা এই ক্ষেপণাস্ত্রই যুদ্ধক্ষেত্ৰত শত্রুপক্ষৰ লক্ষ্যত নিখুঁতভাৱে আঘাত হানিব পাৰিব। এই নিখুঁতভাৱে পৰিচালিত ক্ষেপণাস্ত্ৰটো সম্পূর্ণভাৱে ভাৰতত ডি আৰ ডি অ'ই নিৰ্মাণ কৰিছে। থলুৱাভাৱে নিৰ্মাণ কৰা এই আধুনিক যুদ্ধশৈলীৰ ক্ষেপণাস্ত্ৰটোৱে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক আত্মনিৰ্ভৰশীলতাৰ দিশত অধিক গতি কৰোৱালে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা