--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ লগতে ভাৰতৰ বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত প্ৰদান কৰা এই সন্মানে অসমৰ শিল্পী সমাজক আনন্দিত কৰিছে।

ডিজিটেল ডেস্ক : অসমৰ যুৱ চিত্রশিল্পী ভাস্কৰজ্যোতি গগৈয়ে তেওঁৰ 'নষ্টালজিক ডেষ্ট্ৰাকশ্যন' শীর্ষক ছবিখনৰ যোগেৰে ৰাষ্ট্ৰীয় অকাদেমি বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।


বুধবাৰে ললিত কলা অকাদেমিয়ে নতুন দিল্লীত অনুষ্ঠিত কৰা ৭১ সংখ্যক প্রতিষ্ঠা দিৱসত শিল্পীগৰাকীক ৰাজহুৱা সম্বৰ্ধনা জনায় ভাৰতবৰ্ষৰ এগৰাকী স্বনামধন্য শিল্পী পদ্মবিভূষণ ৰাম ভি সুতৰদেৱে। কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ লগতে ভাৰতৰ বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত প্ৰদান কৰা এই সন্মানে অসমৰ শিল্পী সমাজক আনন্দিত কৰিছে।


কেনভাছত এক্রেলিক মাধ্যমত অংকন কৰা এই ছবিখন ভাৰতবৰ্ষৰ ২০জন নির্বাচিত শিল্পীৰ শিল্পকৰ্মৰ অন্যতম শ্রেষ্ঠ শিল্পকর্ম ৰূপে নির্বাচিত হৈছে। ভাৰতবৰ্ষৰ অন্যান্য অকাদেমিসমূহে আগবঢ়োৱা বঁটাসমূহৰ দৰে ৰাষ্ট্ৰীয় ললিত কলা অকাদেমিয়ে প্রতি বছৰে আগবঢ়োৱা এই ৰাষ্ট্ৰীয় পুৰস্কাৰ একে মর্যাদাৰে বিবেচনা কৰা শিল্পকলাৰ সর্বোচ্চ সন্মান।


এই পুৰস্কাৰ লাভ কৰা ভাস্কৰজ্যোতি গগৈয়ে খৈৰাগড়স্থিত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। বৰ্তমান অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনৰ চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ত চিত্রকলা বিভাগত অধ্যাপনা কৰি থকা শিল্পীগৰাকীৰ এই সফলতাই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।


শিৱসাগৰ জিলাৰ গেলেকীত জন্মগ্রহণ কৰা ভাস্কৰজ্যোতি গগৈৰ এই সফলতাৰ বাবে ললিত কলা শিল্পী সমিতি অসমৰ হৈ সভাপতি ত্রিদিৱ দত্ত আৰু সম্পাদক ৰুদ্রাংকুৰ হাজৰিকাই তেওঁলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।


চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষার্থী সম্মিলনী, শ্রীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেশ্যন, ঔংকাৰ চেণ্টাৰ ফৰ ক্রিয়েটিভ আর্ট যোৰহাটৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে শুভেচ্ছা প্ৰেৰণ কৰিছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়েও শুভেচ্ছা জ্ঞাপন কৰি কয়, 'দীর্ঘদিনৰ পৰাই চিত্রশিল্পৰ ক্ষেত্ৰখনত একাণপতীয়াকৈ নিমগ্ন হৈ থকা চিত্রশিল্পীগৰাকীয়ে আধুনিক চিত্রশিল্পক স্বকীয় শৈলীৰে নতুন আয়তন দিবলৈ প্ৰয়াস কৰি আহিছে। সৃষ্টিশীল ক্ষেত্ৰৰ এই শুভ সংবাদটিয়ে অভিভূত কৰিছে। আমি ভাস্কৰজ্যোতি গগৈলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সৃষ্টিৰ সাধনা অব্যাহত ৰাখি এই ক্ষেত্ৰখনত অনাগত দিনতো তেওঁ জিলিকি থাকক।'


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ