--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ লগতে ভাৰতৰ বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত প্ৰদান কৰা এই সন্মানে অসমৰ শিল্পী সমাজক আনন্দিত কৰিছে।

ডিজিটেল ডেস্ক : অসমৰ যুৱ চিত্রশিল্পী ভাস্কৰজ্যোতি গগৈয়ে তেওঁৰ 'নষ্টালজিক ডেষ্ট্ৰাকশ্যন' শীর্ষক ছবিখনৰ যোগেৰে ৰাষ্ট্ৰীয় অকাদেমি বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।


বুধবাৰে ললিত কলা অকাদেমিয়ে নতুন দিল্লীত অনুষ্ঠিত কৰা ৭১ সংখ্যক প্রতিষ্ঠা দিৱসত শিল্পীগৰাকীক ৰাজহুৱা সম্বৰ্ধনা জনায় ভাৰতবৰ্ষৰ এগৰাকী স্বনামধন্য শিল্পী পদ্মবিভূষণ ৰাম ভি সুতৰদেৱে। কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ লগতে ভাৰতৰ বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত প্ৰদান কৰা এই সন্মানে অসমৰ শিল্পী সমাজক আনন্দিত কৰিছে।


কেনভাছত এক্রেলিক মাধ্যমত অংকন কৰা এই ছবিখন ভাৰতবৰ্ষৰ ২০জন নির্বাচিত শিল্পীৰ শিল্পকৰ্মৰ অন্যতম শ্রেষ্ঠ শিল্পকর্ম ৰূপে নির্বাচিত হৈছে। ভাৰতবৰ্ষৰ অন্যান্য অকাদেমিসমূহে আগবঢ়োৱা বঁটাসমূহৰ দৰে ৰাষ্ট্ৰীয় ললিত কলা অকাদেমিয়ে প্রতি বছৰে আগবঢ়োৱা এই ৰাষ্ট্ৰীয় পুৰস্কাৰ একে মর্যাদাৰে বিবেচনা কৰা শিল্পকলাৰ সর্বোচ্চ সন্মান।


এই পুৰস্কাৰ লাভ কৰা ভাস্কৰজ্যোতি গগৈয়ে খৈৰাগড়স্থিত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। বৰ্তমান অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনৰ চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ত চিত্রকলা বিভাগত অধ্যাপনা কৰি থকা শিল্পীগৰাকীৰ এই সফলতাই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।


শিৱসাগৰ জিলাৰ গেলেকীত জন্মগ্রহণ কৰা ভাস্কৰজ্যোতি গগৈৰ এই সফলতাৰ বাবে ললিত কলা শিল্পী সমিতি অসমৰ হৈ সভাপতি ত্রিদিৱ দত্ত আৰু সম্পাদক ৰুদ্রাংকুৰ হাজৰিকাই তেওঁলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।


চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষার্থী সম্মিলনী, শ্রীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেশ্যন, ঔংকাৰ চেণ্টাৰ ফৰ ক্রিয়েটিভ আর্ট যোৰহাটৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে শুভেচ্ছা প্ৰেৰণ কৰিছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়েও শুভেচ্ছা জ্ঞাপন কৰি কয়, 'দীর্ঘদিনৰ পৰাই চিত্রশিল্পৰ ক্ষেত্ৰখনত একাণপতীয়াকৈ নিমগ্ন হৈ থকা চিত্রশিল্পীগৰাকীয়ে আধুনিক চিত্রশিল্পক স্বকীয় শৈলীৰে নতুন আয়তন দিবলৈ প্ৰয়াস কৰি আহিছে। সৃষ্টিশীল ক্ষেত্ৰৰ এই শুভ সংবাদটিয়ে অভিভূত কৰিছে। আমি ভাস্কৰজ্যোতি গগৈলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সৃষ্টিৰ সাধনা অব্যাহত ৰাখি এই ক্ষেত্ৰখনত অনাগত দিনতো তেওঁ জিলিকি থাকক।'


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ