--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সন্দেহজনক নাগৰিকে টাইপাৰ কৰ্মীক আক্ৰমণ কৰা ঘটনা সদৰী হোৱাৰ পাছতেই উজনি অসমত ৰাইজৰ মাজত ক্ষোভৰ জুই জ্বলিবলৈ ধৰে।

ডিজিটেল ডেস্ক : চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ সন্দেহজনক মিঞা ফাৰুক আহমেদক ততালিকে গ্ৰেপ্তাৰ কৰাৰ লগতে জিলাখনৰ পৰা সকলো সন্দেহজনক নাগৰিকক আঁতৰি যাবলৈ সবল দাবী উত্থাপন কৰি বৃহস্পতিবাৰে সোণাৰি নগৰত এক বিশাল প্রতিবাদী সভা অনুষ্ঠিত কৰাৰ অন্তত এক প্রতিবাদী সমদল বাহিৰ কৰা হয়।


সোণাৰি নগৰত বুধবাৰে সন্দেহজনক মিঞা ফাৰুক আহমেদৰ ঘৰলৈ চৰজমিন তদন্ত কৰিবলৈ যোৱা টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ সদস্যক ফাৰুক আহমেদ আৰু পৰিয়ালৰ লোকে হাতত চোকা অস্ত্র-লাঠী লৈ আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদতে বৃহস্পতিবাৰে সোণাৰিত এই প্রতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সোণাৰি মহাবিদ্যালয় তিনিআলিত টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ (দিলীপ পন্থী) উদ্যোগত আয়োজন কৰা এই প্রতিবাদী সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা, গোর্খা ছাত্ৰ সন্থা, আটছা, হিন্দু জাগৰণ মঞ্চ আদিয়ে অংশগ্রহণ কৰে।


মন কৰিবলগীয়া যে সন্দেহজনক নাগৰিকে টাইপাৰ কৰ্মীক আক্ৰমণ কৰা ঘটনা সদৰী হোৱাৰ পাছতেই উজনি অসমত ৰাইজৰ মাজত ক্ষোভৰ জুই জ্বলিবলৈ ধৰে। সেই অনুসৰি বৃহস্পতিবাৰে সোণাৰিত আয়োজন কৰা প্ৰতিবাদী সভাত অংশগ্ৰহণৰ বাবে শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় জিলাৰ দল-সংগঠনৰ শ শ কর্মী সমৱেত হয়। দিনৰ প্ৰায় এঘাৰ বজাত আৰম্ভ হোৱা প্রতিবাদী সভাত সকলো বক্তাই উজনি অসমত মিঞাৰ ৰাজত্ব নচলিব, মিঞাৰ স্থান কোনো কালেই উজনি অসমত নহ'ব বুলি স্পষ্ট কৰি দিয়ে।


বিভিন্ন ভয়ংকৰ অপৰাধমূলক কাৰ্যৰ লগতে সন্দেহজনক নাগৰিকৰ অনিয়ন্ত্রিত জনসংখ্যাই অনাগত সময়ত জনগাঁথনি সলনি কৰি খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিব বুলি কয়। খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে নিজৰ অস্তিত্বৰ কথা অনুধাৱন কৰিয়েই সন্দেহজনক মিঞা-বাংলাদেশীক ভূমি বিক্রী নকৰিবলৈ আহ্বান জনাই প্রতিবাদী সভাত প্ৰতিগৰাকী বক্তাই প্রধানতঃ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে একত্রিতভাৱে প্রতিবাদ সাব্যস্ত কৰিবলৈ কয়।


সন্দেহজনক মিঞাৰ আৱাসস্থলীত প্রয়োজনবশতঃ উচ্ছেদ কার্য চলাবলৈ জিলা প্রশাসনক বাধ্য কৰাব লাগিব। শেহতীয়াকৈ অসম চৰকাৰে সংৰক্ষিত বনাঞ্চল, চৰকাৰী মাটি বেদখল কৰি মিঞাৰ গাঁও স্থাপন কৰা, বৃহৎ বাৰী স্থাপন কৰাৰ বিৰোধিতা কৰি আৰম্ভ কৰা উচ্ছেদ কার্য সময়োপযোগী হোৱা বুলি উনুকিয়াই এই উচ্ছেদ কাৰ্যৰ প্ৰতি পূৰ্ণ সমর্থন আছে বুলি কয়। উজনি অসমৰ অন্যান্য জিলাৰ লগতে চৰাইদেউ জিলাতো সন্দেহজনক বাংলাদেশীয়ে ঘৰ-বাৰী স্থাপন কৰি গজগজীয়া হৈ পৰিছে আৰু গৰিষ্ঠসংখ্যক মিঞাই ড্রাগছ ব্যৱসায়ৰ লগতে বিভিন্ন অপৰাধমূলক কাৰ্য সংঘটিত কৰি আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতি ঘটাইছে। এই ক্ষেত্রত জিলা আৰক্ষী প্রশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো উচিত যদিও সেয়া কৰা নাই।


বুধবাৰে সোণাৰি নগৰত সন্দেহজনক মিঞাৰ পৰিয়ালটোৱে আক্রমণ কাৰ্য সংঘটিত কৰাৰ পাছতো সোণাৰি আৰক্ষীয়ে মিঞাক গ্ৰেপ্তাৰ কৰা নাই। অহা ৪৮ ঘণ্টাৰ ভিতৰত যদি মিঞা ফাৰুক আহমেদক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ নকৰে, তেন্তে অনাগত সময়ত ধাৰাবাহিকভাৱে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও হুংকাৰ দিয়ে। প্রয়োজনবশতঃ ১০০ ঘণ্টীয়া চৰাইদেউ বন্ধৰ দৰে কার্যসূচীও গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে।


প্রতিবাদী সভাত টাইপাৰ (দিলীপ পন্থী) সভাপতি দিগন্ত তামুলী, কাৰ্যকৰী সভাপতি ভৃগু হাটীমূৰীয়া, যুটীয়া সম্পাদক শোভন কোঁৱৰ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক চাবিৰ আহমেদ, আটাছুৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ক্ষীৰোদ বৰগোহাঁই আদিয়ে বক্তব্য আগবঢ়ায়। প্রতিবাদী সভাৰ অন্তত শ শ প্রতিবাদকাৰীয়ে সোণাৰি নগৰৰ মাজেদি বিভিন্ন প্রতিবাদী শ্ল'গান দি সমদল বাহিৰ কৰি সোণাৰি আৰক্ষী থানা অভিমুখে ৰাওনা হয়।


শ শ প্রতিবাদকাৰীয়ে সোণাৰি আৰক্ষী থানা চৌহদত প্ৰৱেশ কৰিবলৈ লওঁতেই মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়ে। ইফালে এনে সময়তেই সোণাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কৰা এক মন্তব্যত জাঙুৰ খাই উঠে প্রতিবাদকাৰীসকল। এটা সময়ত ক্ষুব্ধ প্রতিবাদকাৰীয়ে ঐতিহাসিক ধোদৰআলিত বহি সোণাৰি আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন প্রতিবাদী শ্ল'গান দিবলৈ ধৰে আৰু পৰিৱেশটো উত্তাল হৈ পৰে।


পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰিয়ন নাথ উপস্থিত হয় যদিও পৰিৱেশ উত্তাল হৈয়ে থাকে। অৱশ্যে পৰৱৰ্তী সময়ত চৰাইদেউৰ আৰক্ষী অধীক্ষক পানেচাৰ সিং উপস্থিত হয় আৰু প্ৰতিবাদকাৰী সংগঠনৰ ৫গৰাকী প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় আৰু সোণাৰি আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সময়ত কঠোৰ পদক্ষেপ গ্রহণ কৰিব বুলি প্রতিশ্রুতি দিয়াত সকলো কার্যসূচী সাময়িকভাৱে স্থগিত ৰাখে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য