--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতীয় সামৰিক বাহিনীক অধিক দক্ষ আৰু সবল কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সেনাত এটা নতুন শক্তিশালী শাখা আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক : যুদ্ধক্ষেত্রব বাবে ভাৰতীয় সেনাক অধিক শক্তিশালী কৰিবলৈ দেশৰ প্ৰতিৰক্ষা মন্ত্র্যালয়ে সামৰিক বাহিনীত এটা গুৰুত্বপূর্ণ পদক্ষেপ লৈছে। 


ভাৰতীয় সামৰিক বাহিনীক অধিক দক্ষ আৰু সবল কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সেনাত এটা নতুন শক্তিশালী শাখা আৰম্ভ কৰিছে। শেহতীয়া বছৰসমূহত ভাৰতীয় সেনাক যুদ্ধ কৌশলেৰে সমৃদ্ধ কৰি অহা ইউনিটসমূহৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সাংগঠনিক ইউনিট 'ভৈৰৱ বেটেলিয়ন' মুকলি কৰিছে প্রতিৰক্ষা মন্ত্র্যালয়ে। এই নতুন 'ভৰৱ বেটেলিনয়ন'ৰ সৈন্য প্রযুক্তি চালিত যুদ্ধ কৌশলত পাকৈত আৰু শত্ৰুৰ বিৰুদ্ধে দ্রুত অভিযান চলোৱাৰ বাবে প্রশিক্ষণপ্রাপ্ত।


২০২৫ চনতে এই ভৈৰৱ বেটেলিনয়ৰ বাবে প্রস্তুতি চলোৱা হৈছিল। শেহতীয়া বর্ষবোৰত বিশ্বৰ বিভিন্ন অংশত চলি থকা যুদ্ধ-সংঘৰ্ষবোৰৰ পৰা শিক্ষা লৈ ভাৰতীয় সেনাই এই নতুন বেটেলিয়ন 'ভৈৰৱ'ৰ জন্ম দিয়ে। এই 'ভৈৰৱ বেটেলিয়ন'ৰ সৈন্যই শেহতীয়া যুদ্ধ কৌশল প্রযুক্তিৰ ড্ৰ'ন, চাইবাৰ সমর্থিত অভিযান, দ্রুত আৰু সৰু সৰু দলত বিভক্ত হৈ অভিযান চলোৱাৰ ক্ষেত্ৰত সিদ্ধহস্ত হ'ব। 


উল্লেখযোগ্য যে ভাৰতৰ চুবুৰীয়া দেশৰ সীমাৰ সিপাৰৰ পৰা অহা ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ পৰম্পৰাগত সেনা বাহিনী পর্যাপ্ত নহয় বুলি ধাৰণা কৰাৰ পাছতেই ভাৰতে এই নতুন প্রযুক্তিৰ যুদ্ধ কৌশলেৰে সমৃদ্ধ 'ভৈৰৱ বেটেলিয়ন'ৰ সূচনা কৰাৰ সিদ্ধান্ত লয়। বিশ্বত সাম্প্রতিক সময়ত ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধৰ লগতে ভাৰতৰ নিজা সীমান্তত উত্তেজনায়ো দেশৰ সামাজিক বাহিনীত দ্রুত অভিযান চলোৱাৰ বাবে এটা পার্গত বৃহৎ সৈন্যবলৰ প্ৰয়োজন হৈছিল।


এই 'ভৈৰৱ'ৰ ধাৰণাটো অতি সবল, এটা ক্ষুদ্র, কিন্তু দৃঢ় সৈন্যবল, যিয়ে সৰু সৰু গোটত বিভক্ত হৈ স্বতন্ত্রভাবে শত্রুৰ বিৰুদ্ধে দ্রুত অভিযান চলোৱাত পাকৈত। এই বেটেলিয়নৰ প্রতিটো গোটত ২০০-২৫০জন সৈন্য থাকিব আৰু প্রতিটো দৃঢ়মনৰ দলক নেতৃত্ব দিব একোজনকৈ বিষয়াই। এই 'ভৈৰৱ বেটেলিয়ন'ৰ সৈন্যবলৰ শত্ৰুৰ এলেকাৰ ভিতৰলৈ আঘাত হানিব পৰা সক্ষমতা থাকিব। এই নতুন ইউনিটটোক সীমান্তৰ সমীপত মোতায়েন কৰা হ'ব। ভাৰতীয় সেনাৰ নিজৰ ভাষাত, 'আজিৰ নিশাৰ ভিতৰতে যুঁজ কৰিবলৈ গঢ় দিয়া হৈছে 'ভৈৰৱ বেটেলিয়ন 'ক, অর্থাৎ এটা সংক্ষিপ্ত জাননীতে যুদ্ধক্ষেত্ৰলৈ অগ্ৰসৰ হ'ব পৰা সক্ষম এই নতুন সৈন্যবল।'



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু