--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতীয় সামৰিক বাহিনীক অধিক দক্ষ আৰু সবল কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সেনাত এটা নতুন শক্তিশালী শাখা আৰম্ভ কৰিছে।

ডিজিটেল ডেস্ক : যুদ্ধক্ষেত্রব বাবে ভাৰতীয় সেনাক অধিক শক্তিশালী কৰিবলৈ দেশৰ প্ৰতিৰক্ষা মন্ত্র্যালয়ে সামৰিক বাহিনীত এটা গুৰুত্বপূর্ণ পদক্ষেপ লৈছে। 


ভাৰতীয় সামৰিক বাহিনীক অধিক দক্ষ আৰু সবল কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সেনাত এটা নতুন শক্তিশালী শাখা আৰম্ভ কৰিছে। শেহতীয়া বছৰসমূহত ভাৰতীয় সেনাক যুদ্ধ কৌশলেৰে সমৃদ্ধ কৰি অহা ইউনিটসমূহৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সাংগঠনিক ইউনিট 'ভৈৰৱ বেটেলিয়ন' মুকলি কৰিছে প্রতিৰক্ষা মন্ত্র্যালয়ে। এই নতুন 'ভৰৱ বেটেলিনয়ন'ৰ সৈন্য প্রযুক্তি চালিত যুদ্ধ কৌশলত পাকৈত আৰু শত্ৰুৰ বিৰুদ্ধে দ্রুত অভিযান চলোৱাৰ বাবে প্রশিক্ষণপ্রাপ্ত।


২০২৫ চনতে এই ভৈৰৱ বেটেলিনয়ৰ বাবে প্রস্তুতি চলোৱা হৈছিল। শেহতীয়া বর্ষবোৰত বিশ্বৰ বিভিন্ন অংশত চলি থকা যুদ্ধ-সংঘৰ্ষবোৰৰ পৰা শিক্ষা লৈ ভাৰতীয় সেনাই এই নতুন বেটেলিয়ন 'ভৈৰৱ'ৰ জন্ম দিয়ে। এই 'ভৈৰৱ বেটেলিয়ন'ৰ সৈন্যই শেহতীয়া যুদ্ধ কৌশল প্রযুক্তিৰ ড্ৰ'ন, চাইবাৰ সমর্থিত অভিযান, দ্রুত আৰু সৰু সৰু দলত বিভক্ত হৈ অভিযান চলোৱাৰ ক্ষেত্ৰত সিদ্ধহস্ত হ'ব। 


উল্লেখযোগ্য যে ভাৰতৰ চুবুৰীয়া দেশৰ সীমাৰ সিপাৰৰ পৰা অহা ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ পৰম্পৰাগত সেনা বাহিনী পর্যাপ্ত নহয় বুলি ধাৰণা কৰাৰ পাছতেই ভাৰতে এই নতুন প্রযুক্তিৰ যুদ্ধ কৌশলেৰে সমৃদ্ধ 'ভৈৰৱ বেটেলিয়ন'ৰ সূচনা কৰাৰ সিদ্ধান্ত লয়। বিশ্বত সাম্প্রতিক সময়ত ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধৰ লগতে ভাৰতৰ নিজা সীমান্তত উত্তেজনায়ো দেশৰ সামাজিক বাহিনীত দ্রুত অভিযান চলোৱাৰ বাবে এটা পার্গত বৃহৎ সৈন্যবলৰ প্ৰয়োজন হৈছিল।


এই 'ভৈৰৱ'ৰ ধাৰণাটো অতি সবল, এটা ক্ষুদ্র, কিন্তু দৃঢ় সৈন্যবল, যিয়ে সৰু সৰু গোটত বিভক্ত হৈ স্বতন্ত্রভাবে শত্রুৰ বিৰুদ্ধে দ্রুত অভিযান চলোৱাত পাকৈত। এই বেটেলিয়নৰ প্রতিটো গোটত ২০০-২৫০জন সৈন্য থাকিব আৰু প্রতিটো দৃঢ়মনৰ দলক নেতৃত্ব দিব একোজনকৈ বিষয়াই। এই 'ভৈৰৱ বেটেলিয়ন'ৰ সৈন্যবলৰ শত্ৰুৰ এলেকাৰ ভিতৰলৈ আঘাত হানিব পৰা সক্ষমতা থাকিব। এই নতুন ইউনিটটোক সীমান্তৰ সমীপত মোতায়েন কৰা হ'ব। ভাৰতীয় সেনাৰ নিজৰ ভাষাত, 'আজিৰ নিশাৰ ভিতৰতে যুঁজ কৰিবলৈ গঢ় দিয়া হৈছে 'ভৈৰৱ বেটেলিয়ন 'ক, অর্থাৎ এটা সংক্ষিপ্ত জাননীতে যুদ্ধক্ষেত্ৰলৈ অগ্ৰসৰ হ'ব পৰা সক্ষম এই নতুন সৈন্যবল।'



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ