--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ঘৰ তালিকাভুক্ত কৰা কাৰ্য হ'ব এই বছৰৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত।

ডিজিটেল ডেস্ক: ২০২৭ চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাৰে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰে। সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ঘৰ তালিকাভুক্ত কৰা কাৰ্য হ'ব এই বছৰৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত। 


প্ৰতিখন ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলে ইয়াৰ বাবে ৩০ দিন নিৰ্ধাৰণ কৰি দিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰা অধিসূচনাত কোৱা হৈছে যে ঘৰে ঘৰে গৈ তালিকাভুক্ত কৰাৰ আগতে ১৫ দিনৰ বাবে স্ব-তালিকাভুক্তকৰণৰ ব্যৱস্থাও আছে। এয়া হ'ব দেশত প্রথম ডিজিটেল উপায়েৰে কৰা প্ৰথম লোকপিয়ল, য'ত ম'বাইল এপ্লিকেশ্যনৰ দ্বাৰা সংগ্ৰহ কৰা তথ্য এন্ড্রয়ড আৰু আই অ' এছ সংস্কৰণত উপলব্ধ হ'ব। গণনাকাৰী, পৰিদৰ্শক, প্রধান প্রশিক্ষক, প্রধান আৰু জিলা পিয়ল বিষয়াকে ধৰি প্রায় ৩০ লাখ কৰ্মচাৰী এই লোকপিয়লত জড়িত হ'ব। লোকপিয়ল হ'ব দুটা পর্যায়ত। প্রথম পর্যায় হ'ব ঘৰ তালিকাভুক্ত আৰু ঘৰৰ পিয়ল। এয়া হ'ব ২০২৬-ৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত। দ্বিতীয় পর্যায়ত হ'ব জনসংখ্যাৰ গণনা (পিই)। এয়া হ'ব ২০২৭ চনৰ ফেব্ৰুৱাৰীত। 


উল্লেখযোগ্য যে লোকপিয়ল ২০২১ চনতেই হ'ব লাগিছিল যদিও কভিড-১৯ৰ বাবে পিছুৱাই দিয়া হৈছিল। ২০২৭ চনৰ লোকপিয়লত জাতিগত তথ্য বৈদ্যুতিনভাৱে জনসংখ্যা গণনা পৰ্যায়ত ৰাখি থোৱা হ'ব বুলি চৰকাৰে আগতে প্ৰকাশ কৰিছিল। ইয়াৰ আগৰটো জাতি-ভিত্তিক পিয়ল ব্ৰিটিছৰ দিনতে ১৮৮১ আৰু ১৯৩১ চনৰ ভিতৰত হৈছিল। স্বাধীন ভাৰতত জাতি-ভিত্তিক পিয়ল বাদ দিয়া হৈছিল। আগন্তুক লোকপিয়লত জাতি-ভিত্তিক গণনাৰ সিদ্ধান্ত যোৱা বছৰ এপ্রিল মাহতে ৰাজনৈতিক পৰিক্ৰমা বিষয়ৰ কেবিনেট কমিটীয়ে লৈছিল। উল্লেখযোগ্য যে ইয়াৰ আগৰ ২০১১ চনৰ লোকপিয়ল মতে ভাৰতত জনসংখ্যা আছিল ১২১ কোটি।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু