--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ঘৰ তালিকাভুক্ত কৰা কাৰ্য হ'ব এই বছৰৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত।

ডিজিটেল ডেস্ক: ২০২৭ চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাৰে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰে। সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ঘৰ তালিকাভুক্ত কৰা কাৰ্য হ'ব এই বছৰৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত। 


প্ৰতিখন ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলে ইয়াৰ বাবে ৩০ দিন নিৰ্ধাৰণ কৰি দিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰা অধিসূচনাত কোৱা হৈছে যে ঘৰে ঘৰে গৈ তালিকাভুক্ত কৰাৰ আগতে ১৫ দিনৰ বাবে স্ব-তালিকাভুক্তকৰণৰ ব্যৱস্থাও আছে। এয়া হ'ব দেশত প্রথম ডিজিটেল উপায়েৰে কৰা প্ৰথম লোকপিয়ল, য'ত ম'বাইল এপ্লিকেশ্যনৰ দ্বাৰা সংগ্ৰহ কৰা তথ্য এন্ড্রয়ড আৰু আই অ' এছ সংস্কৰণত উপলব্ধ হ'ব। গণনাকাৰী, পৰিদৰ্শক, প্রধান প্রশিক্ষক, প্রধান আৰু জিলা পিয়ল বিষয়াকে ধৰি প্রায় ৩০ লাখ কৰ্মচাৰী এই লোকপিয়লত জড়িত হ'ব। লোকপিয়ল হ'ব দুটা পর্যায়ত। প্রথম পর্যায় হ'ব ঘৰ তালিকাভুক্ত আৰু ঘৰৰ পিয়ল। এয়া হ'ব ২০২৬-ৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত। দ্বিতীয় পর্যায়ত হ'ব জনসংখ্যাৰ গণনা (পিই)। এয়া হ'ব ২০২৭ চনৰ ফেব্ৰুৱাৰীত। 


উল্লেখযোগ্য যে লোকপিয়ল ২০২১ চনতেই হ'ব লাগিছিল যদিও কভিড-১৯ৰ বাবে পিছুৱাই দিয়া হৈছিল। ২০২৭ চনৰ লোকপিয়লত জাতিগত তথ্য বৈদ্যুতিনভাৱে জনসংখ্যা গণনা পৰ্যায়ত ৰাখি থোৱা হ'ব বুলি চৰকাৰে আগতে প্ৰকাশ কৰিছিল। ইয়াৰ আগৰটো জাতি-ভিত্তিক পিয়ল ব্ৰিটিছৰ দিনতে ১৮৮১ আৰু ১৯৩১ চনৰ ভিতৰত হৈছিল। স্বাধীন ভাৰতত জাতি-ভিত্তিক পিয়ল বাদ দিয়া হৈছিল। আগন্তুক লোকপিয়লত জাতি-ভিত্তিক গণনাৰ সিদ্ধান্ত যোৱা বছৰ এপ্রিল মাহতে ৰাজনৈতিক পৰিক্ৰমা বিষয়ৰ কেবিনেট কমিটীয়ে লৈছিল। উল্লেখযোগ্য যে ইয়াৰ আগৰ ২০১১ চনৰ লোকপিয়ল মতে ভাৰতত জনসংখ্যা আছিল ১২১ কোটি।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ