--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসম আন্দোলনৰ সক্রিয় কর্মী, গুৱাহাটীৰ দক্ষিণ শবণীয়ানিবাসী সৰবৰহী, সমাজ-সচেতন মহিলা বীণা ভট্টাচার্য আৰু নাই। গুৱাহাটীৰ জটিয়াৰ শিৱশক্তি পথত থকা জী-জোঁৱাইৰ ঘৰত ২৩ জুন, সোমবাৰে নিশা ১১ বাজি ১২ মিনিটত বীণা ভট্টাচার্যই শেষ নিশ্বাস ত্যাগ কৰে।

ডিজিটেল ডেস্ক : অসম আন্দোলনৰ সক্রিয় কর্মী, গুৱাহাটীৰ দক্ষিণ শবণীয়ানিবাসী সৰবৰহী, সমাজ-সচেতন মহিলা বীণা ভট্টাচার্য আৰু নাই। গুৱাহাটীৰ জটিয়াৰ শিৱশক্তি পথত থকা জী-জোঁৱাইৰ ঘৰত ২৩ জুন, সোমবাৰে নিশা ১১ বাজি ১২ মিনিটত বীণা ভট্টাচার্যই শেষ নিশ্বাস ত্যাগ কৰে। ১৯৩০ চনৰ ৩ অক্টোবৰত জন্মগ্রহণ কৰা বীণা ভট্টাচার্যই ডিব্রুগড় মিশ্যনেৰী স্কুল, গোৱালপাৰাৰ স্কুল, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু তেজপুৰৰ দৰং মহাবিদ্যালয়ত শিক্ষাগ্রহণ কৰিছিল। প্রখ্যাত বাসেন্দ্র বংশৰ সন্তান বীণা ভট্টাচার্যৰ পিতৃৰ নাম আনন্দেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম কনকলতা বৰুৱা। দৰং মহাবিদ্যালয়ত পঢ়ি থাকোঁতেই তেওঁ সীতাংশু ভট্টাচার্যৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।


ৰাজ্যৰ গড়কাপ্টানি বিভাগৰ অভিযন্তা তথা যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী 'ফিজিকেল প্লেট্' সঞ্চালক সীতাংশু ভট্টাচার্যৰ প্রায় ২৫ বছৰ পূর্বে মৃত্যু হয়। কম বয়সতেই দেশৰ স্বাধীনতা আন্দোলনত ভাগ লোৱা বীণা ভট্টাচার্যই মহাত্মা গান্ধী অসমলৈ আহোঁতে স্বেচ্ছাসেৱকৰ দায়িত্ব পালন কৰিছিল। বীণা ভট্টাচার্যৰ জ্যেষ্ঠ পুত্র, অসম চৰকাৰৰ অর্থনীতি আৰু পৰিসংখ্যা বিভাগৰ প্রাক্তন সঞ্চালক প্রাঞ্জল ভট্টাচার্যই কেইবছৰমানৰ পূর্বে ইহসংসাৰ ত্যাগ কৰে। দ্বিতীয় পুত্র উজ্জ্বল ভট্টাচার্য ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ প্রাক্তন অতিৰিক্ত মহাপ্রৱন্ধক।একমাত্র কন্যা কবিতা ভট্টাচার্য অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ প্ৰাক্তন উপ-সঞ্চালক। সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য তেওঁৰ চতুর্থ সন্তান। কণিষ্ঠ সন্তান বিভূজ্জ্বল ভট্টাচার্য ৰাষ্ট্রীয় তথ্য পৰিষদৰ (এন.আই.চি.)তথ্য-প্রযুক্তি সঞ্চালক। বীণা ভট্টাচার্যৰ জোঁৱায়েক ডাঃ উমেশ চন্দ্র শর্মা ৰাজ্যৰ প্রাক্তন স্বাস্থ্য শিক্ষা সঞ্চালক তথা শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠাপক উপাচার্য।

বার্ধক্যজনিত কাৰণত ৯৫ বছৰ বয়সত মৃত্যু হোৱা বীণা ভট্টাচার্যই মৃত্যুৰ সময়ত বোৱাৰী, নাতি-নাতিনী, আজোনাতি তথা বহু আত্মীয়-স্বজনৰ উপৰি অসংখ্য গুণমুগ্ধক এৰি থৈ যায়। অভিনয় আৰু নাট্যকলাৰ উপৰি বিয়ানাম আৰু গোঁসাইনামকে ধৰি লোকসংস্কৃতিৰ চর্চাত নীৰৱে ব্রতী হৈ থকা বীণা ভট্টাচার্যৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই সৰবৰহী মহিলাগৰাকীক শেষ শ্রদ্ধা জনাবলৈ জটিয়াস্থিত বাসগৃহলৈ গুণমুগ্ধৰ সোঁত বয়। মঙলবাৰে পুৱা বীণা ভট্টাচার্যৰ নশ্বৰদেহ দক্ষিণ শৰণীয়াৰ নিজ বাসভৱনলৈ অনা হয়। তাতেই বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্রতিষ্ঠানৰ প্ৰতিনিধিৰ উপৰি বহু বিশিষ্ট ব্যক্তি আৰু অজস্র গুণমুগ্ধই বীণা ভট্টাচার্যক শেষ শ্রদ্ধা জ্ঞাপন কৰে। গুৱাহাটীৰ নৱগ্রহ শ্মশানত অসংখ্য অনুৰাগী আৰু গুণমুগ্ধৰ উপস্থিতিত বীণা ভট্টাচার্যৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়।

 

অসমৰ বহু ঘটনাৰ সাক্ষী বীণা ভট্টাচার্য আছিল সদৌ অসম ছাত্র সন্থাৰ লাখ লাখ কর্মীৰ বাবে মাতৃস্বৰূপা। অসমৰ জাতীয়তাবাদী শিবিৰৰ বাবেও তেওঁ আছিল অভিভাৱকস্বৰূপ। তেওঁৰ মৃত্যুত সদৌ অসম ছাত্র সস্থাই হেৰুৱালে এগৰাকী সদ্যসক্রিয় অভিভাৱকক। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত বীণা ভট্টাচার্যৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ