--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই কঠিন সময়তো সংগীতৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু আস্থাই হৃদয় স্পৰ্শ কৰিছে সকলোকে।

ডিজিটেল ডেস্কঃ  "অহাৰ দৰেই উভতি আঁতৰি গ'লা"...হাস্পতালৰ বিচনাতে কালজয়ী গীত গালে শিল্পী চৈয়দ চাদুল্লাই। হৃদৰোগৰ অস্ত্ৰোপচাৰৰ পিছতে এইদৰে নিজে সুৰ কৰা গীত গালে চৈয়দ চাদুল্লাই। অস্ত্ৰোপচাৰৰ পাইপ বুকুৰ অংশত সংযুক্ত হৈ থকা অৱস্থাতেই হাস্পাতালৰ বিছনাৰ পৰা সুৰ উজাই দিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে।


চিকিৎসাধীন চাদুল্লাৰ শৰীৰত মাত্ৰ চাৰি দিন পূৰ্বে সফলভাৱে পেচ মেকাৰ প্ৰতিস্থাপন কৰা হৈছে। তেওঁৰ পেচমেকাৰ ইমপ্লাণ্টৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হৈছিল। এই কঠিন সময়তো সংগীতৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু আস্থাই হৃদয় স্পৰ্শ কৰিছে সকলোকে। হাস্পাতালৰ বিচনাতে, নিজৰেই সুৰ আৰু কণ্ঠত এই জনপ্ৰিয় গীতটি আওঁৰাই থকা চৈয়দ চাদুল্লাই সকলোকে আপ্লুত কৰি তোলে। যি দৃশ্যই উপস্থিত সকলোৰে হৃদয় আন্দোলিত কৰি তুলিলে।


চৈয়দ চাদুল্লা বৰ্তমান আৰোগ্যৰ পথত আগবাঢ়ি আছে। সংগীতৰ জৰিয়তে মানসিক বল তেওঁ দৃঢ়ভাৱে ফুটাই তোলে এই সময়ছোৱাত।


উল্লেখ্য যে সম্প্ৰচাৰ আৰু সংগীতৰ জগতখনৰ এগৰাকী কিংবদন্তি ব্যক্তি চাদুল্লা অল ইণ্ডিয়া ৰেডিঅ’ ডিব্ৰুগড়ৰ প্ৰথম বাতৰি পাঠক আছিল আৰু দূৰদৰ্শন, নেশ্যনেল জিঅ’গ্ৰাফিক, ডিস্কভাৰী চেনেলত ১০০খনতকৈও অধিক তথ্যচিত্ৰৰ ঘোষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। চৈয়দ চাদুল্লা এয়াৰৰ সৈতে জড়িত এজন ৰাষ্ট্ৰীয় প্ৰশংসিত গীতিকাৰ, গীটাৰিষ্ট, সংগীত ব্যৱস্থাপক আৰু নাট্যকাৰ।


ড° ভূপেন হাজৰিকা, উষা মংগেশকাৰ, অনুপ জালোটা, আৰু পাৰবীন চুলতানাৰ দৰে আইকনৰ সৈতে সহযোগিতা কৰি চাদুল্লাই তথ্যচিত্ৰ আৰু ৰেডিঅ’ৰ কামৰ বাবে কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।

তেখেতৰ আশু আৰোগ্যৰ বাবে সকলোৱে প্ৰাৰ্থনা জনাইছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ