--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • নতুন বছৰৰ প্ৰথম সপ্তাহতে ঋণ লোৱাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰখনে ভাৰতীয় ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। বিশ বছৰৰ বাবে ষ্টক নিলামৰ জৰিয়তে এই ঋণ লোৱা হ'ব।

ডিজিটেল ডেস্ক: ঋণ নল'লে নচলা হৈছে ৰাজ্য। যাৰ বাবে প্রতিমাহে হাজাৰ হাজাৰ কোটি টকা ঋণ ল'বলৈ বাধ্য হৈ পৰিছে ৰাজ্য চৰকাৰখন। যোৱা ৩০ ডিচেম্বৰত ১০০০ কোটি টকাৰ ঋণ লোৱাৰ পাছত ৰাজ্য চৰকাৰখনে পুনৰ অহা ছয় জানুৱাৰীত ১০০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে।


নতুন বছৰৰ প্ৰথম সপ্তাহতে ঋণ লোৱাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰখনে ভাৰতীয় ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। বিশ বছৰৰ বাবে ষ্টক নিলামৰ জৰিয়তে এই ঋণ লোৱা হ'ব। 


উল্লেখযোগ্য যে ৰিজার্ভ বেংকে শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি অসম চৰকাৰে যোৱা বৰ্ষৰ মাৰ্চ মাহলৈকে লোৱা ঋণৰ পৰিমাণ হৈছে ১,৭৭,৯৮৩.২ কোটি টকা। ইমান বৃহৎ পৰিমাণৰ ঋণ লোৱাৰ ফলত ভৱিষ্যতে দেখা দিব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেগে ঋণৰ ওপৰত নিৰ্ভৰশীলতা পৰিহাৰ কৰিবলৈ ৰাজ্য চৰকাৰখনক পৰামৰ্শ দিছে। ইফালে প্রতিমাহে কোটি কোটি টকা ঋণ লোৱাৰ ফলত সুদৰ নামতে বছৰি হাজাৰ হাজাৰ কোটি টকা চৰকাৰখনে পৰিশোধ কৰিব লগীয়া হৈছে। 


তথ্য মতে ২০২২-২৩ বর্ষত ৬,৮৭৫ কোটি টকা, ২০২৩-২৪ বর্ষত ৮,১৩৯ কোটি টকা আৰু ২০২৪-২৫ বর্ষত ৯,৪৬৮ কোটি টকা সুদৰ নামত ভৰিব লগীয়া হৈছে ৰাজ্য চৰকাৰখনে। সকলোতকৈ ডাঙৰ কথা যে ৰাজ্য চৰকাৰে লোৱা এই ঋণৰ ধন ৰাজ্যৰ বিকাশৰ ক্ষেত্ৰত ব্যয় কৰাতকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণত ব্যয় কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। অৰুণোদয়, নিযুত মইনা আদিকে ধৰি বহুসংখ্যক নগদ ধন প্ৰদান কৰা আঁচনি আৰম্ভ কৰি ৰাজ্য চৰকাৰখনে ভোটৰ ৰাজনীতি কৰি অহাৰো অভিযোগ উঠিছে। কিন্তু এনে অভিযোগক কোনো গুৰুত্বই দিয়া নাইৰাজ্য চৰকাৰখনে। 


মন কৰিব লগীয়া যে ৰাজ্য চৰকাৰখনে ভোটৰ আগতে অহা ফেব্ৰুৱাৰী মাহত অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীক আঠ হাজাৰ টকাকৈ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। ৰেছনৰ দোকানৰ অধীনত ৰেহাই মূল্যত দাইল-চেনি-নিমখ যোগানৰ লগতে উদ্যমিতা আঁচনিৰ বাবতো ধন প্রদান অব্যাহত ৰাখিছে। যাৰ বাবে নিৰ্বাচনী দিন-বাৰ ঘোষিত হোৱাৰ পূৰ্বে ৰাইজৰ মন জয় কৰাৰ বাবে তৎপৰ হৈ পৰা বিজেপি চৰকাৰখনে বৃহৎ পৰিমাণৰ ঋণ ল'বলৈ বাধ্য হৈ পৰিছে।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ