--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • নতুন বছৰৰ প্ৰথম সপ্তাহতে ঋণ লোৱাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰখনে ভাৰতীয় ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। বিশ বছৰৰ বাবে ষ্টক নিলামৰ জৰিয়তে এই ঋণ লোৱা হ'ব।

ডিজিটেল ডেস্ক: ঋণ নল'লে নচলা হৈছে ৰাজ্য। যাৰ বাবে প্রতিমাহে হাজাৰ হাজাৰ কোটি টকা ঋণ ল'বলৈ বাধ্য হৈ পৰিছে ৰাজ্য চৰকাৰখন। যোৱা ৩০ ডিচেম্বৰত ১০০০ কোটি টকাৰ ঋণ লোৱাৰ পাছত ৰাজ্য চৰকাৰখনে পুনৰ অহা ছয় জানুৱাৰীত ১০০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে।


নতুন বছৰৰ প্ৰথম সপ্তাহতে ঋণ লোৱাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰখনে ভাৰতীয় ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। বিশ বছৰৰ বাবে ষ্টক নিলামৰ জৰিয়তে এই ঋণ লোৱা হ'ব। 


উল্লেখযোগ্য যে ৰিজার্ভ বেংকে শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি অসম চৰকাৰে যোৱা বৰ্ষৰ মাৰ্চ মাহলৈকে লোৱা ঋণৰ পৰিমাণ হৈছে ১,৭৭,৯৮৩.২ কোটি টকা। ইমান বৃহৎ পৰিমাণৰ ঋণ লোৱাৰ ফলত ভৱিষ্যতে দেখা দিব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেগে ঋণৰ ওপৰত নিৰ্ভৰশীলতা পৰিহাৰ কৰিবলৈ ৰাজ্য চৰকাৰখনক পৰামৰ্শ দিছে। ইফালে প্রতিমাহে কোটি কোটি টকা ঋণ লোৱাৰ ফলত সুদৰ নামতে বছৰি হাজাৰ হাজাৰ কোটি টকা চৰকাৰখনে পৰিশোধ কৰিব লগীয়া হৈছে। 


তথ্য মতে ২০২২-২৩ বর্ষত ৬,৮৭৫ কোটি টকা, ২০২৩-২৪ বর্ষত ৮,১৩৯ কোটি টকা আৰু ২০২৪-২৫ বর্ষত ৯,৪৬৮ কোটি টকা সুদৰ নামত ভৰিব লগীয়া হৈছে ৰাজ্য চৰকাৰখনে। সকলোতকৈ ডাঙৰ কথা যে ৰাজ্য চৰকাৰে লোৱা এই ঋণৰ ধন ৰাজ্যৰ বিকাশৰ ক্ষেত্ৰত ব্যয় কৰাতকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণত ব্যয় কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। অৰুণোদয়, নিযুত মইনা আদিকে ধৰি বহুসংখ্যক নগদ ধন প্ৰদান কৰা আঁচনি আৰম্ভ কৰি ৰাজ্য চৰকাৰখনে ভোটৰ ৰাজনীতি কৰি অহাৰো অভিযোগ উঠিছে। কিন্তু এনে অভিযোগক কোনো গুৰুত্বই দিয়া নাইৰাজ্য চৰকাৰখনে। 


মন কৰিব লগীয়া যে ৰাজ্য চৰকাৰখনে ভোটৰ আগতে অহা ফেব্ৰুৱাৰী মাহত অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীক আঠ হাজাৰ টকাকৈ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। ৰেছনৰ দোকানৰ অধীনত ৰেহাই মূল্যত দাইল-চেনি-নিমখ যোগানৰ লগতে উদ্যমিতা আঁচনিৰ বাবতো ধন প্রদান অব্যাহত ৰাখিছে। যাৰ বাবে নিৰ্বাচনী দিন-বাৰ ঘোষিত হোৱাৰ পূৰ্বে ৰাইজৰ মন জয় কৰাৰ বাবে তৎপৰ হৈ পৰা বিজেপি চৰকাৰখনে বৃহৎ পৰিমাণৰ ঋণ ল'বলৈ বাধ্য হৈ পৰিছে।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু