--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চলিত বছৰত সোণৰ দাম এতিয়ালৈকে প্রায় ১৫০% বৃদ্ধি পালে। ইফালে সোণৰ দামেও আজি সর্বকালৰ অভিলেখ গড়ে।

ডিজিটেল ডেস্ক: ৰূপ আৰু সোণৰ দামে আজি বজাৰত ছুনামীৰ সৃষ্টি কৰে। আজি প্রতি কিল'গ্ৰাম ৰূপৰ দাম ১৩ হাজাৰ টকাতকৈ অধিক বৃদ্ধি পায়। সোণৰ দামো আজি প্রতি দহগ্রামতকৈ এহেজাৰ টকাতকৈ অধিক বৃদ্ধি পায়। ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ'চিয়েশ্যনৰ (আই বি জে এ) তথ্য মতে, আজি প্রতি কিল'গ্রাম সোণৰ দাম ১৩,১৭৭ টকা বৃদ্ধি পাই ২,৩২,১০০ টকা হয়গৈ। 


ইয়াৰ লগে লগে প্রতি কিল'গ্ৰাম ৰূপৰ দামে সৰ্বকালৰ অভিলেখ সৃষ্টি কৰে। যোৱা বুধবাৰে প্ৰতি কিল'গ্ৰাম ৰূপৰ দাম আছিল ২,১৮,৯৮৩ টকা। ৰূপৰ দামে আজি একেৰাহে চতুৰ্থ দিনৰ বাবে সৰ্বকালৰ অভিলেখ গঢ়ে। যোৱা দহ দিনত প্রতি কিল'গ্ৰাম ৰূপৰ দাম ৩৬,৯২০ টকা বৃদ্ধি পায়। 


চলিত বছৰত সোণৰ দাম এতিয়ালৈকে প্রায় ১৫০% বৃদ্ধি পালে। ইফালে সোণৰ দামেও আজি সর্বকালৰ অভিলেখ গড়ে। আজি ২৪ কেৰেটৰ প্রতি দহ গ্রাম সোণৰ দাম ১,২৮৭ টকা বৃদ্ধি পাই ১,৩৭,৯১৪ টকা হয়গৈ। যোৱা বুধবাৰে প্ৰতি দহ গ্রাম সোণৰ দাম আছিল ১,৩৬,৬২৭ টকা। বিনিয়োগকাৰীৰ বাবে সোণ আৰু ৰূপত ধন বিনিয়োগ কৰাটো অধিক লাভজনক হৈ পৰিছে। 


উল্লেখযোগ্য যে চলিত বছৰত ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম ৬১,৭৫২ টকা বৃদ্ধি পালে। যোৱা বছৰ ৩১ ডিচেম্বৰত প্ৰতি দহ গ্রাম সোণৰ দাম আছিল ৭৬,১৬২ টকা। আনহাতে চলিত বছৰত ৰূপৰ দাম ১,৪৬,০৮৩ টকা বৃদ্ধি পাইছে। যোৱা বছৰ ৩১ ডিচেম্বৰত প্ৰতি কিল'গ্রাম ৰূপৰ দাম আছিল ৮৬,০১৭ টকা। 


সোণৰ দাম বৃদ্ধি প্ৰধানকৈ তিনিটা কাৰণত বৃদ্ধি পাইছে। আমেৰিকাৰ কেন্দ্ৰীয় বেংক ফেডাৰেল ৰিজার্ভে সুতৰ হাৰ হ্ৰাস কৰাৰ সম্ভাৱনা আছে। দ্বিতীয়তে আন্তঃৰাষ্ট্ৰীয় বজাৰত ডলাৰৰ মূল্য হ্রাস পাইছে আৰু তৃতীয়তে বিশ্বৰ কেইবাটাও স্থানত চলি থকা উত্তেজনাৰ বাবে বিনিয়োগকাৰীয়ে এতিয়া তেওঁলোকৰ বিনিয়োগ নিৰাপদ কৰি ৰখাত সোণেই একমাত্র বিকল্প বুলি গণ্য কৰিছে। বিশেষজ্ঞসকলে প্রকাশ কৰা মতে, চলিত বছৰত ৰূপৰ দাম প্রতি কিল'গ্রামত আঢ়ৈ লাখ টকা আৰু সোণৰ দাম প্রতি দহ গ্রামত ১.৫ লাখ টকা হ'বগৈ পাৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু