--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চলিত বছৰত সোণৰ দাম এতিয়ালৈকে প্রায় ১৫০% বৃদ্ধি পালে। ইফালে সোণৰ দামেও আজি সর্বকালৰ অভিলেখ গড়ে।

ডিজিটেল ডেস্ক: ৰূপ আৰু সোণৰ দামে আজি বজাৰত ছুনামীৰ সৃষ্টি কৰে। আজি প্রতি কিল'গ্ৰাম ৰূপৰ দাম ১৩ হাজাৰ টকাতকৈ অধিক বৃদ্ধি পায়। সোণৰ দামো আজি প্রতি দহগ্রামতকৈ এহেজাৰ টকাতকৈ অধিক বৃদ্ধি পায়। ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ'চিয়েশ্যনৰ (আই বি জে এ) তথ্য মতে, আজি প্রতি কিল'গ্রাম সোণৰ দাম ১৩,১৭৭ টকা বৃদ্ধি পাই ২,৩২,১০০ টকা হয়গৈ। 


ইয়াৰ লগে লগে প্রতি কিল'গ্ৰাম ৰূপৰ দামে সৰ্বকালৰ অভিলেখ সৃষ্টি কৰে। যোৱা বুধবাৰে প্ৰতি কিল'গ্ৰাম ৰূপৰ দাম আছিল ২,১৮,৯৮৩ টকা। ৰূপৰ দামে আজি একেৰাহে চতুৰ্থ দিনৰ বাবে সৰ্বকালৰ অভিলেখ গঢ়ে। যোৱা দহ দিনত প্রতি কিল'গ্ৰাম ৰূপৰ দাম ৩৬,৯২০ টকা বৃদ্ধি পায়। 


চলিত বছৰত সোণৰ দাম এতিয়ালৈকে প্রায় ১৫০% বৃদ্ধি পালে। ইফালে সোণৰ দামেও আজি সর্বকালৰ অভিলেখ গড়ে। আজি ২৪ কেৰেটৰ প্রতি দহ গ্রাম সোণৰ দাম ১,২৮৭ টকা বৃদ্ধি পাই ১,৩৭,৯১৪ টকা হয়গৈ। যোৱা বুধবাৰে প্ৰতি দহ গ্রাম সোণৰ দাম আছিল ১,৩৬,৬২৭ টকা। বিনিয়োগকাৰীৰ বাবে সোণ আৰু ৰূপত ধন বিনিয়োগ কৰাটো অধিক লাভজনক হৈ পৰিছে। 


উল্লেখযোগ্য যে চলিত বছৰত ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম ৬১,৭৫২ টকা বৃদ্ধি পালে। যোৱা বছৰ ৩১ ডিচেম্বৰত প্ৰতি দহ গ্রাম সোণৰ দাম আছিল ৭৬,১৬২ টকা। আনহাতে চলিত বছৰত ৰূপৰ দাম ১,৪৬,০৮৩ টকা বৃদ্ধি পাইছে। যোৱা বছৰ ৩১ ডিচেম্বৰত প্ৰতি কিল'গ্রাম ৰূপৰ দাম আছিল ৮৬,০১৭ টকা। 


সোণৰ দাম বৃদ্ধি প্ৰধানকৈ তিনিটা কাৰণত বৃদ্ধি পাইছে। আমেৰিকাৰ কেন্দ্ৰীয় বেংক ফেডাৰেল ৰিজার্ভে সুতৰ হাৰ হ্ৰাস কৰাৰ সম্ভাৱনা আছে। দ্বিতীয়তে আন্তঃৰাষ্ট্ৰীয় বজাৰত ডলাৰৰ মূল্য হ্রাস পাইছে আৰু তৃতীয়তে বিশ্বৰ কেইবাটাও স্থানত চলি থকা উত্তেজনাৰ বাবে বিনিয়োগকাৰীয়ে এতিয়া তেওঁলোকৰ বিনিয়োগ নিৰাপদ কৰি ৰখাত সোণেই একমাত্র বিকল্প বুলি গণ্য কৰিছে। বিশেষজ্ঞসকলে প্রকাশ কৰা মতে, চলিত বছৰত ৰূপৰ দাম প্রতি কিল'গ্রামত আঢ়ৈ লাখ টকা আৰু সোণৰ দাম প্রতি দহ গ্রামত ১.৫ লাখ টকা হ'বগৈ পাৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ