--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চীন আৰু তুৰস্কত নির্মাণ কৰা অস্ত্র-শস্ত্ৰ ড্ৰ'নৰ জৰিয়তে ভাৰতলৈ প্ৰেৰণ কৰি আছিল পাকিস্তানে। দিল্লী আৰক্ষীয়ে শনিবাৰে এটা আন্তঃৰাষ্ট্ৰীয় অবৈধ অস্ত্র-শস্ত্ৰৰ চোৰাং ব্যৱসায়ৰ চক্ৰ উৎখাত কৰে।

ডিজিটেল ডেস্ক : সমগ্ৰ দেশতে সন্ত্রাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰা এটা আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদী চক্ৰৰ ষড়যন্ত্র ব্যর্থ কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষী। 


চীন আৰু তুৰস্কত নির্মাণ কৰা অস্ত্র-শস্ত্ৰ ড্ৰ'নৰ জৰিয়তে ভাৰতলৈ প্ৰেৰণ কৰি আছিল পাকিস্তানে। দিল্লী আৰক্ষীয়ে শনিবাৰে এটা আন্তঃৰাষ্ট্ৰীয় অবৈধ অস্ত্র-শস্ত্ৰৰ চোৰাং ব্যৱসায়ৰ চক্ৰ উৎখাত কৰে। পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আয়ে সীমাৰ সিপাৰৰ পৰা ভাৰতক ৰক্তাক্ত কৰাৰ বাবে ড্ৰ'নৰ জৰিয়তে ভাৰতলৈ অস্ত্র-শস্ত্র পঠিয়াই আছিল। 


দিল্লী আৰক্ষীয়ে প্রকাশ কৰা মতে, এই সন্দর্ভত সন্ত্রাসবাদী চক্ৰটোৰ চাৰিটা মূল সদস্যক গ্রেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত এটা ম'ষ্ট ৱাণ্টেড অপৰাধীও আছে। আৰক্ষীয়ে পঞ্জাবৰ ম'ষ্ট ৱাণ্টেড মনদ্বীপ আৰু তাৰ দুটা সহযোগী উত্তৰ প্ৰদেশৰ ৰোহণ আৰু মনুকো গ্রেপ্তাৰ কৰিছে। আৰক্ষীয়ে সন্ত্রাসবাদী তথা অস্ত্ৰৰ অবৈধ সৰবৰাহকাৰীকেইটাৰ পৰা ১০টা অত্যাধুনিক পিষ্টল আৰু ৯২টা সজীৱ গুলী জব্দ কৰিছে। মনদীপৰ বিৰুদ্ধে হত্যাকাণ্ডৰ লগতে কেইবাটাও গোচৰ আছে। অনুসন্ধানত প্রকাশিত তথ্যৰ মতে, মনোনীত অঞ্চলত ড্র'নেৰে এই অস্ত্র-শস্ত্ৰবোৰ পাকিস্তানৰ পৰা ভাৰতত অৱতৰণ কৰোৱা হয়। অস্ত্র-শস্ত্ৰবোৰ কাৰ্বন পেপাৰেৰে মেৰাই থোৱাৰ ফলত স্কেনাৰেও ইয়াক ধৰা পেলাব নোৱাৰে। অস্ত্ৰবোৰ অৱতৰণ কৰোৱা অঞ্চললৈ এই সন্ত্রাসবাদী তথা সৰবৰাহকাৰীকেইটাক পঠোৱা হয় আৰু সিহঁতে অস্ত্র-শস্ত্ৰবোৰ সংগ্ৰহ কৰি দিল্লীলৈ আনে। দিল্লীৰ পৰাই সমগ্র ৰাজ্যসমূহত এই অবৈধ অস্ত্র-শস্ত্ৰবোৰ যোগান ধৰা হয়। 


আৰক্ষীয়ে এতিয়া তদন্ত কৰি আছে যে কিমান অস্ত্র-শস্ত্ৰ ভাৰতৰ কি কি স্থানত ইতিমধ্যে সৰবৰাহ কৰা হৈছে। ভাৰতক ৰক্তাক্ত কৰিবলৈ লোৱা সন্ত্রাসবাদীৰ গেংটোৰ আৰু অধিক সদস্যৰ সন্ধানত দিল্লী আৰক্ষীয়ে তদন্ত চলাই আছে। 


উল্লেখযোগ্য যে এই সন্ত্রাসবাদী চক্ৰটোৰ মাষ্টাৰমাইণ্ড তথা খালিস্তানী সন্ত্রাসবাদী জছল্লীত ওৰফে জাছা আমেৰিকাত আছে। বিদেশৰ পৰাই অবৈধ অস্ত্র-শস্ত্ৰ সৰবৰাহৰ কার্য নিয়ন্ত্ৰণ কৰি আছে জছল্লীতে। দিল্লীৰ বিস্ফোৰণৰ পাছতেই অধিক সক্রিয় হোৱা দিল্লী আৰক্ষীয়ে এই চক্ৰটোৰ ম'বাইল ফ'ন, বেংকৰ বিশদ তথ্য আৰু ছ'চিয়েল মিডিয়া বেকর্ড পৰীক্ষা কৰি আছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ