--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চীন আৰু তুৰস্কত নির্মাণ কৰা অস্ত্র-শস্ত্ৰ ড্ৰ'নৰ জৰিয়তে ভাৰতলৈ প্ৰেৰণ কৰি আছিল পাকিস্তানে। দিল্লী আৰক্ষীয়ে শনিবাৰে এটা আন্তঃৰাষ্ট্ৰীয় অবৈধ অস্ত্র-শস্ত্ৰৰ চোৰাং ব্যৱসায়ৰ চক্ৰ উৎখাত কৰে।

ডিজিটেল ডেস্ক : সমগ্ৰ দেশতে সন্ত্রাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰা এটা আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদী চক্ৰৰ ষড়যন্ত্র ব্যর্থ কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষী। 


চীন আৰু তুৰস্কত নির্মাণ কৰা অস্ত্র-শস্ত্ৰ ড্ৰ'নৰ জৰিয়তে ভাৰতলৈ প্ৰেৰণ কৰি আছিল পাকিস্তানে। দিল্লী আৰক্ষীয়ে শনিবাৰে এটা আন্তঃৰাষ্ট্ৰীয় অবৈধ অস্ত্র-শস্ত্ৰৰ চোৰাং ব্যৱসায়ৰ চক্ৰ উৎখাত কৰে। পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আয়ে সীমাৰ সিপাৰৰ পৰা ভাৰতক ৰক্তাক্ত কৰাৰ বাবে ড্ৰ'নৰ জৰিয়তে ভাৰতলৈ অস্ত্র-শস্ত্র পঠিয়াই আছিল। 


দিল্লী আৰক্ষীয়ে প্রকাশ কৰা মতে, এই সন্দর্ভত সন্ত্রাসবাদী চক্ৰটোৰ চাৰিটা মূল সদস্যক গ্রেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত এটা ম'ষ্ট ৱাণ্টেড অপৰাধীও আছে। আৰক্ষীয়ে পঞ্জাবৰ ম'ষ্ট ৱাণ্টেড মনদ্বীপ আৰু তাৰ দুটা সহযোগী উত্তৰ প্ৰদেশৰ ৰোহণ আৰু মনুকো গ্রেপ্তাৰ কৰিছে। আৰক্ষীয়ে সন্ত্রাসবাদী তথা অস্ত্ৰৰ অবৈধ সৰবৰাহকাৰীকেইটাৰ পৰা ১০টা অত্যাধুনিক পিষ্টল আৰু ৯২টা সজীৱ গুলী জব্দ কৰিছে। মনদীপৰ বিৰুদ্ধে হত্যাকাণ্ডৰ লগতে কেইবাটাও গোচৰ আছে। অনুসন্ধানত প্রকাশিত তথ্যৰ মতে, মনোনীত অঞ্চলত ড্র'নেৰে এই অস্ত্র-শস্ত্ৰবোৰ পাকিস্তানৰ পৰা ভাৰতত অৱতৰণ কৰোৱা হয়। অস্ত্র-শস্ত্ৰবোৰ কাৰ্বন পেপাৰেৰে মেৰাই থোৱাৰ ফলত স্কেনাৰেও ইয়াক ধৰা পেলাব নোৱাৰে। অস্ত্ৰবোৰ অৱতৰণ কৰোৱা অঞ্চললৈ এই সন্ত্রাসবাদী তথা সৰবৰাহকাৰীকেইটাক পঠোৱা হয় আৰু সিহঁতে অস্ত্র-শস্ত্ৰবোৰ সংগ্ৰহ কৰি দিল্লীলৈ আনে। দিল্লীৰ পৰাই সমগ্র ৰাজ্যসমূহত এই অবৈধ অস্ত্র-শস্ত্ৰবোৰ যোগান ধৰা হয়। 


আৰক্ষীয়ে এতিয়া তদন্ত কৰি আছে যে কিমান অস্ত্র-শস্ত্ৰ ভাৰতৰ কি কি স্থানত ইতিমধ্যে সৰবৰাহ কৰা হৈছে। ভাৰতক ৰক্তাক্ত কৰিবলৈ লোৱা সন্ত্রাসবাদীৰ গেংটোৰ আৰু অধিক সদস্যৰ সন্ধানত দিল্লী আৰক্ষীয়ে তদন্ত চলাই আছে। 


উল্লেখযোগ্য যে এই সন্ত্রাসবাদী চক্ৰটোৰ মাষ্টাৰমাইণ্ড তথা খালিস্তানী সন্ত্রাসবাদী জছল্লীত ওৰফে জাছা আমেৰিকাত আছে। বিদেশৰ পৰাই অবৈধ অস্ত্র-শস্ত্ৰ সৰবৰাহৰ কার্য নিয়ন্ত্ৰণ কৰি আছে জছল্লীতে। দিল্লীৰ বিস্ফোৰণৰ পাছতেই অধিক সক্রিয় হোৱা দিল্লী আৰক্ষীয়ে এই চক্ৰটোৰ ম'বাইল ফ'ন, বেংকৰ বিশদ তথ্য আৰু ছ'চিয়েল মিডিয়া বেকর্ড পৰীক্ষা কৰি আছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু