--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসমৰ পর্যটন, ফিট ইণ্ডিয়া আন্দোলনৰ প্রচাৰ কৰি ‘ভল্গাৰ পৰা ব্ৰহ্মপুত্ৰলৈ’ চাইকেল যাত্ৰা কৰি গৃহভূমিত উপস্থিত হ'লহি ৰাকেশ

ডিজিটেল ডেস্কঃ ছয় হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি ৰাকেশে এখন ভৰিৰে চাইকেল চলাই ভ্ৰমণ কৰিলে ৫খন দেশ।


অসমৰ পর্যটন, ফিট ইণ্ডিয়া আন্দোলনৰ প্রচাৰ কৰি ‘ভল্গাৰ পৰা ব্ৰহ্মপুত্ৰলৈ’ চাইকেল যাত্ৰা কৰি গৃহভূমিত উপস্থিত হ'লহি ৰাকেশ। প্ৰায় ৬ হাজাৰ কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰি আজি গুৱাহাটীত উপস্থিত হ'ল।


নেহেৰু ষ্টেডিয়ামত ফুলাম গামোচা চেলেঙেৰে উষ্ম আদৰণি জনালে ৰাকেশ বণিকক। আদৰণি জনাই বিশিষ্ট সাংবাদিক,ক্ৰীড়া সংগঠক প্ৰণয় বৰদলৈ,মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত,অসম পৰ্যটন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰাৰ লগতে কেইবাগৰাকীও ক্ৰীড়া সংগঠকে।


‘ভল্গাৰ পৰা ব্ৰহ্মপুত্ৰলৈ’ শীৰ্ষক তিনিমাহ জোৰা চাইকেল যাত্ৰা সামৰি পেৰাচাইক্লিষ্টগৰাকীয়ে ক’লে যাত্ৰাকালৰ বহু ভয়াৱহ অভিজ্ঞতাৰ কথা। মস্কোৰ পৰা গুৱাহাটীলৈ উভতি দীর্ঘ দূৰত্ব অতিক্ৰম কৰা ৰাকেশ বনিকেই হৈছে প্ৰথমগৰাকী ভাৰতীয়। এই অভিযান কালত ৰাকেশ বনিকে ভ্ৰমণ কৰিছে ৰাছিয়া, কাজাখস্তান, কিৰগিস্তান, আফগানিস্তান আৰু নেপাল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ