--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০১৩ চনৰ পৰা তাঁতশালত ধর্মগ্রন্থ বৈ থকা হেমপ্রভা চুতীয়াই ইতিমধ্যে গুণমালা, নামঘোষা, ভাগৱত গীতা সংস্কৃত আৰু ভাগৱত গীতা ইংৰাজীত বৈ উলিয়াইছে

ডিজিটেল ডেস্ক: পদ্মশ্রী বঁটাৰে সন্মানিত মৰাণৰ শিপিনী হেমপ্রভা চুতীয়াৰ অন্য এক সৃষ্টি সম্পূৰ্ণ হোৱাৰ পথত। তাঁতশালত পুনৰ ব'বলৈ আৰম্ভ কৰিছে তেওঁ এইবাৰ ষষ্ঠখন ধৰ্মগ্রন্থ নামঘোষাৰ ইংৰাজী আৰু হিন্দী সংস্কৰণ। তাঁতশালত নিখুঁতভাৱে ব'বলৈ ধৰিছে ধৰ্মগ্রন্থখন।


২০১৩ চনৰ পৰা তাঁতশালত ধর্মগ্রন্থ বৈ থকা হেমপ্রভা চুতীয়াই ইতিমধ্যে গুণমালা, নামঘোষা, ভাগৱত গীতা সংস্কৃত আৰু ভাগৱত গীতা ইংৰাজীত বৈ উলিয়াইছে। ইয়াৰ বাবে তেওঁক ২০২২ বৰ্ষত ৰাজ্য চৰকাৰে অসম গৌৰৱ বঁটা আৰু ২০২৩ বৰ্ষত ভাৰত চৰকাৰে পদ্মশ্রী বঁটা প্ৰদান কৰিছিল।


শেহতীয়াকৈ তেওঁ এই ষষ্ঠখন ধর্মগ্রন্থ বৈ অন্য এক চমক সৃষ্টিৰ বাবে হাতে- কামে লাগি গৈছে। অন্যহাতে, হেমপ্রভা চুতীয়াৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে কাজী শিপিনীগৰাকীয়ে। এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে চৰকাৰৰ ওচৰত আৱেদন কৰি কৰি ভাগৰি গৈছে শিপিনীগৰাকী।


চুতীয়া উন্নয়ন পৰিষদৰ এটা পুঁজিৰে কাৰ্যালয় নিৰ্মাণ হ'ল যদিও সংগ্রহালয় নিৰ্মাণৰ বাবে অসম চৰকাৰে আজিও কোনো সঁহাৰি দিয়া নাই। যাৰ বাবে কোনো কোনো সময়ত থমকি ৰ'ব লগা হৈছে শিপিনীগৰাকী। তেওঁ মুখ্যমন্ত্ৰীগৰাকীক এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে আহ্বান জনাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ