--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০১৩ চনৰ পৰা তাঁতশালত ধর্মগ্রন্থ বৈ থকা হেমপ্রভা চুতীয়াই ইতিমধ্যে গুণমালা, নামঘোষা, ভাগৱত গীতা সংস্কৃত আৰু ভাগৱত গীতা ইংৰাজীত বৈ উলিয়াইছে

ডিজিটেল ডেস্ক: পদ্মশ্রী বঁটাৰে সন্মানিত মৰাণৰ শিপিনী হেমপ্রভা চুতীয়াৰ অন্য এক সৃষ্টি সম্পূৰ্ণ হোৱাৰ পথত। তাঁতশালত পুনৰ ব'বলৈ আৰম্ভ কৰিছে তেওঁ এইবাৰ ষষ্ঠখন ধৰ্মগ্রন্থ নামঘোষাৰ ইংৰাজী আৰু হিন্দী সংস্কৰণ। তাঁতশালত নিখুঁতভাৱে ব'বলৈ ধৰিছে ধৰ্মগ্রন্থখন।


২০১৩ চনৰ পৰা তাঁতশালত ধর্মগ্রন্থ বৈ থকা হেমপ্রভা চুতীয়াই ইতিমধ্যে গুণমালা, নামঘোষা, ভাগৱত গীতা সংস্কৃত আৰু ভাগৱত গীতা ইংৰাজীত বৈ উলিয়াইছে। ইয়াৰ বাবে তেওঁক ২০২২ বৰ্ষত ৰাজ্য চৰকাৰে অসম গৌৰৱ বঁটা আৰু ২০২৩ বৰ্ষত ভাৰত চৰকাৰে পদ্মশ্রী বঁটা প্ৰদান কৰিছিল।


শেহতীয়াকৈ তেওঁ এই ষষ্ঠখন ধর্মগ্রন্থ বৈ অন্য এক চমক সৃষ্টিৰ বাবে হাতে- কামে লাগি গৈছে। অন্যহাতে, হেমপ্রভা চুতীয়াৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে কাজী শিপিনীগৰাকীয়ে। এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে চৰকাৰৰ ওচৰত আৱেদন কৰি কৰি ভাগৰি গৈছে শিপিনীগৰাকী।


চুতীয়া উন্নয়ন পৰিষদৰ এটা পুঁজিৰে কাৰ্যালয় নিৰ্মাণ হ'ল যদিও সংগ্রহালয় নিৰ্মাণৰ বাবে অসম চৰকাৰে আজিও কোনো সঁহাৰি দিয়া নাই। যাৰ বাবে কোনো কোনো সময়ত থমকি ৰ'ব লগা হৈছে শিপিনীগৰাকী। তেওঁ মুখ্যমন্ত্ৰীগৰাকীক এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে আহ্বান জনাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ