--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এডমন্টন চহৰৰ চিটাডেল থিয়েটাৰত কালি সন্ধিয়া এই গ্ৰন্থখন যুটিয়া ভাৱে উন্মোচন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন আৰু চলচ্ছিত্ৰ পৰিচালক ৰিমা দাসে

ডিজিটেল ডেস্ক : কানাডাৰ এডমন্টন চহৰত অনুষ্ঠিত হোৱা ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’ উন্মোচন কৰা হয়৷


এডমন্টন চহৰৰ চিটাডেল থিয়েটাৰত কালি সন্ধিয়া এই গ্ৰন্থখন যুটিয়া ভাৱে উন্মোচন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন আৰু চলচ্ছিত্ৰ পৰিচালক ৰিমা দাসে৷ গ্ৰন্থখন প্ৰকাশ কৰিছে আমেৰিকাৰ ব্লুমছ বেৰী একাডেমীকে৷ গ্ৰন্থখন উন্মোচন কৰি আদিল হুছেইনে কয় “পাৰ্থজিৎ বৰুৱাৰ কষ্ট আৰু ত্যাগক আমি শলাগ লৈছো আৰু এই গ্ৰন্থখনে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ চিনেমাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিছে৷ এই গ্ৰন্থখন ভাৰতীয় চিনেমা ইতিহাসৰ এক নতুন সংযোজন”৷


গ্ৰন্থখন উন্মোচন কৰি ৰিমা দাসে কয়, “ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উত্তৰ-পূৰ্বাঞ্চল চিনেমাৰ বিষয়ে এই গ্ৰন্থখনৰ জৰিয়তে জানিব পাৰিব৷” এইখিনিতে উল্লেখ কৰিব পৰা যায় যে ভাৰতৰ ভৌগলিক চাৰিসীমাৰ বাহিৰত চিনেমা বিষয়ক গ্ৰন্থ উন্মোচন হোৱা এইখনেই উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমখন গ্ৰন্থ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ