--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মৰাণসকলৰ দীৰ্ঘদিনীয়া দাবীৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মৰাণ জনজাতিৰ কেউটা সংগঠনৰ সহযোগত এই বৃহৎ প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়।

ডিজিটেল ডেস্ক : খিলঞ্জীয়া ভূমিপুত্র মৰাণসকলৰ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদানৰ দাবীত কালি হাতে হাতে জোঁৰ লৈ কাকপথাৰৰ ৰাজপথলৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক।


মৰাণসকলৰ দীৰ্ঘদিনীয়া দাবীৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মৰাণ জনজাতিৰ কেউটা সংগঠনৰ সহযোগত এই বৃহৎ প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়। কাকপথাৰ ৰাধাকৃষ্ণণ একাডেমিৰ সন্মুখৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাহিৰ কৰা এই জোঁৰ সমদল অসম আৰক্ষীৰ বেহু ফালি ৰাজপথেৰে আগবাঢ়ি কাকপথাৰ থানা চাৰিআলিত সমাপ্ত কৰে।


মূলতঃ প্রতিখন চৰকাৰে নিৰ্বাচনৰ সময়ত মৰাণসকলক জনজাতিকৰণ কৰা হ'ব বুলি প্রতিশ্রুতি দি আহিছে যদিও চৰকাৰ গঠন কৰাৰ পাছত তেওঁলোকে জনজাতিকৰণ প্রক্রিয়াটো আগবঢ়াই নিয়াৰ প্ৰাথমিক কাম-কাজখিনিতো হাত নিদিয়ে বুলি মৰাণ জনগোষ্ঠীটোৰ প্রতিনিধিসকলে অভিযোগ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দিয়ে।


মৰাণসকলক জনজাতিকৰণ প্ৰদান কৰাৰ দাবীত কালি বৃহত্তৰ কাকপথাৰ, ডিৰাক, পূর্বাঞ্চল, লেকাং, ফিল'বাৰী, ন-দিহিং আদি অঞ্চলৰ সহস্রাধিক মৰাণ ৰাইজ ওলাই আহি হাতে হাতে জোঁৰ লৈ সমদল কৰি চৰকাৰখনক সকীয়াই দিয়ে। মৰাণসকলক জনজাতিকৰণ নকৰা পৰ্যন্ত সংগ্রামখন চলাই যোৱা হ'ব বুলি মৰাণ ছাত্ৰ সন্থাই স্পষ্ট কৰি দি কয় যে ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে আমি আমাৰ আমাৰ প্ৰাপ্য অধিকাৰৰ আঁজুৰি আনিবই লাগিব। সেয়ে এই দিঘলীয়া সংগ্ৰামখনত প্ৰতিগৰাকী মৰাণ লোকে সাক্ষী হৈ সহযোগিতা আগবঢ়াই যাবলৈ অনুৰোধ জনায়। আনহাতে ৰাজনৈতিক দৃষ্টিকোণলৈ নাচাই নিজৰ জাতীয় চেতনাৰ উন্মেষ ঘটাবলৈ গণতান্ত্রিক আন্দোলন গঢ়ি তুলিবলৈ মৰাণসকল বাধ্য বুলি আজি কাকপথাৰ থানা চাৰিআলিৰ ৰাজপথত হোৱা প্ৰতিবাদী সভাই মতপোষণ কৰে।


প্ৰতিবাদী ৰাইজে বৰ্তমানৰ বিজেপি চৰকাৰখনক সমালোচনা কৰি, বৰ্তমানৰ চৰকাৰখনে শাসনলৈ অহাৰ আগমুহূর্তত প্রতিশ্রুতি দিছিল যে তেওঁলোকে চৰকাৰ গঠন কৰিলে মৰাণসকলক জনজাতিকৰণ প্ৰদান কৰা হ'ব। কিন্তু তেনেস্থলত কিয় আজি পর্যন্ত চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ হাতত মৰাণ জাতিৰ জনজাতিকৰণৰ বাবে কোনো প্রস্তাব প্রদান কৰা নাই বুলি প্রশ্ন উত্থাপন কৰে। সহস্রাধিক লোকৰ উপস্থিতিত ৰাজপথত এখন প্রতিবাদী সভা অনুষ্ঠিত কৰি কেউটা সংগঠনৰ নেতৃবৃন্দই জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসনৰ দাবী জনায়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ