--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসম সাহিত্য সভাই শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে স্বীকৃতিপ্রাপ্ত ৩৩খন জিলা সাহিত্য সভা আৰু এহেজাৰখন শাখা সাহিত্য সভাৰ জৰিয়তে কাইলৈৰ পৰা কাৰ্যসূচী অনুষ্ঠিত কৰিব। ইয়াৰ উপৰি দেশে বিদেশে থকা শাখা সাহিত্য সভাসমূহৰ উদ্যোগতো কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।

ডিজিটেল ডেস্কঃ আজি বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্মদিন। জন্ম-শতবার্ষিকী উপলক্ষে সোমবাৰৰ পৰা ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।  অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সোমবাৰে শিল্পীগৰাকীৰ জন্ম দিন উপলক্ষে জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পুৱা ৯ বজাৰ পৰা হবলগীয়া এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।


অসম সাহিত্য সভাই শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে স্বীকৃতিপ্রাপ্ত ৩৩খন জিলা সাহিত্য সভা আৰু এহেজাৰখন শাখা সাহিত্য সভাৰ জৰিয়তে কাইলৈৰ পৰা কাৰ্যসূচী অনুষ্ঠিত কৰিব। ইয়াৰ উপৰি দেশে বিদেশে থকা শাখা সাহিত্য সভাসমূহৰ উদ্যোগতো কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আজি সভাই গুৱাহাটী কাৰ্যালয়ৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে।



গুৱাহাটীৰ খানাপাৰা ফিল্ডত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’ব ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী।সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনসমূহে আয়োজন কৰিছে সুধাকণ্ঠৰ জন্ম শতবার্ষিকী অনুষ্ঠান। ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব মূল শতবাৰ্ষিকীৰ কাৰ্যসূচী, য’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইফালে পিতৃৰ জন্ম শতবার্ষিকী উদযাপন কৰিবলৈ পত্নী-পুত্ৰসহ গুৱাহাটীত উপস্থিত হৈছে ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা।



উল্লেখ্য যে  ড॰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত। তেওঁৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। ড॰ হাজৰিকাই শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰা লাভ কৰিছিল সংগীতৰ পৰিৱেশ।



এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। ড° হাজৰিকাক এগৰাকী বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয়। 


অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গীতত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও অসম তথা ভাৰতক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে। হাজৰিকাই সংগীত, সাহিত্য, পৰিৱেশ্য কলা, চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়নচক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, চমৰখন্দ, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ-পূব এছিয়া, জাপান, অষ্ট্ৰেলিয়া আদি ভ্ৰমণ কৰিছিল।


সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত ড॰ হাজৰিকা অসমকে ধৰি দেশ-বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় সংগীত নাটক একাডেমী বঁটাৰ উপৰিও তেখেতে ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। ড॰ হাজৰিকাই ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিৱেশনৰ সভাপতিত্ব কৰিছিল। সংগীত নাটক একাডেমীৰ চেয়াৰমেন পদ লাভ কৰোঁতা হাজৰিকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি।


বৃক্কৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ড॰ হাজৰিকাই ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে।


তেখেতে আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৯ চনত তেখেতক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান