--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুটখা সেৱনৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু অসম আৰক্ষীৰ বিষয়াৰ

ডিজিটেল ডেস্কঃ কাছাৰত এগৰাকী আৰক্ষী বিষয়াৰ শোকাৱহ মৃত্যু। গুটখা সেৱনৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু অসম আৰক্ষীৰ বিষয়াৰ। পেকেটেৰে ঢালি দিওঁতে ডিঙিত লাগি ধৰিছিল গুটখা।


ঘটনাৰ বিৱৰণী মতে, কাছাৰৰ বিহাৰা আউটপ'ষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঙিয়াৰ সুৰজিৎ ডেকাক বাৰে বাৰে ফ'ন কৰিও উত্তৰ নোপোৱাত তেওঁক বিচাৰি যোৱাত কোঠাত অচেতন অৱস্থাত উদ্ধাৰ হয়। কাছাৰ জিলাৰ বিহাৰা আৰক্ষী আউটপ'ষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰজিৎ ডেকাক নিজৰ কোৱাৰ্টাৰৰ দুৱাৰ ভাঙি অচেতন অৱস্থাত উদ্ধাৰ কৰি লৰালৰিকৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হয় যদিও তেওঁক বচাব পৰা নগ'ল। ডেকাৰ মৃত্যুৰ কাৰণ কোনেও সঠিককৈ ক'ব পৰা নাই। চিকিৎসকৰ মতে, মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ ৰহস্য পোহৰলৈ আহিব। কালাইন থানাৰ বিষয়া মিৰাজ দলেক এই সন্দৰ্ভত সোধাত তেওঁ কয় যে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ কাৰণ জানিব পৰা যাব। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, গুটখাই ভাৰপ্ৰাপ্ত বিষয়াজনৰ প্ৰাণ কাঢ়ি নিছে। ইফালে, ঘটনাৰ পাছত তেওঁক আউটপ'ষ্টৰ দায়িত্বত থকা আৰক্ষীয়ে বিক্ৰমপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্রত উপস্থিত হোৱাৰ লগে লগে আন এক ঘটনা সংঘটিত হয়। চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া মঞ্জুৰুল হকে অক্সিজেন চিলিণ্ডাৰ ফিট কৰিব নাজানে বুলি অভিযোগ উত্থাপিত হৈছে। ইয়াৰ ফলত অক্সিজেন নোহোৱাকৈ শিলচৰ মেডিকেল কলেজ হস্পিটেললৈ তেওঁক নিব লগা হৈছিল। চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে মৃত্যু হয় আৰক্ষী বিষয়াজনৰ।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ