--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুটখা সেৱনৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু অসম আৰক্ষীৰ বিষয়াৰ

ডিজিটেল ডেস্কঃ কাছাৰত এগৰাকী আৰক্ষী বিষয়াৰ শোকাৱহ মৃত্যু। গুটখা সেৱনৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু অসম আৰক্ষীৰ বিষয়াৰ। পেকেটেৰে ঢালি দিওঁতে ডিঙিত লাগি ধৰিছিল গুটখা।


ঘটনাৰ বিৱৰণী মতে, কাছাৰৰ বিহাৰা আউটপ'ষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঙিয়াৰ সুৰজিৎ ডেকাক বাৰে বাৰে ফ'ন কৰিও উত্তৰ নোপোৱাত তেওঁক বিচাৰি যোৱাত কোঠাত অচেতন অৱস্থাত উদ্ধাৰ হয়। কাছাৰ জিলাৰ বিহাৰা আৰক্ষী আউটপ'ষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰজিৎ ডেকাক নিজৰ কোৱাৰ্টাৰৰ দুৱাৰ ভাঙি অচেতন অৱস্থাত উদ্ধাৰ কৰি লৰালৰিকৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হয় যদিও তেওঁক বচাব পৰা নগ'ল। ডেকাৰ মৃত্যুৰ কাৰণ কোনেও সঠিককৈ ক'ব পৰা নাই। চিকিৎসকৰ মতে, মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ ৰহস্য পোহৰলৈ আহিব। কালাইন থানাৰ বিষয়া মিৰাজ দলেক এই সন্দৰ্ভত সোধাত তেওঁ কয় যে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ কাৰণ জানিব পৰা যাব। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, গুটখাই ভাৰপ্ৰাপ্ত বিষয়াজনৰ প্ৰাণ কাঢ়ি নিছে। ইফালে, ঘটনাৰ পাছত তেওঁক আউটপ'ষ্টৰ দায়িত্বত থকা আৰক্ষীয়ে বিক্ৰমপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্রত উপস্থিত হোৱাৰ লগে লগে আন এক ঘটনা সংঘটিত হয়। চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া মঞ্জুৰুল হকে অক্সিজেন চিলিণ্ডাৰ ফিট কৰিব নাজানে বুলি অভিযোগ উত্থাপিত হৈছে। ইয়াৰ ফলত অক্সিজেন নোহোৱাকৈ শিলচৰ মেডিকেল কলেজ হস্পিটেললৈ তেওঁক নিব লগা হৈছিল। চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে মৃত্যু হয় আৰক্ষী বিষয়াজনৰ।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান