--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বুবাচী মহাযোগৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ তৰফৰ পৰাও 'প্রণাম' নামেৰে প্ৰথমবাৰৰ বাবে কামাখ্যা ৰেল ষ্টেছন, পাণ্ডু প'র্ট, ভূতনাথ, কামাখ্যা নামনি আৰু আদাবাৰীত ৫টা আদৰণী কক্ষ স্থাপন কৰি ভক্তসকলক আদৰণি জনোৱাৰ ব্যৱস্থা কৰিছে

ডিজিটেল ডেস্কঃ এইবাৰৰ অম্বুবাচী মহাযোগলৈ ৰাজ্যখনৰ বাহিৰৰ পৰা অহা ভক্তসকলক অসমবাসীৰ হৈ উষ্ম আদৰণি জনোৱাৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে যাতে বাহিৰৰ পৰা অহা ভক্ত তথা পর্যটকসকলে আতিথ্যৰ এক বিশেষ বার্তা কঢ়িয়াই লৈ যাব পাৰে।


ইয়াৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সোমবাৰে গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেছনত আবেলি উপস্থিত হৈ অম্বুবাচী মহাযোগলৈ অহা ভক্তসকলক অসমবাসীৰ হৈ উষ্ম আদৰণি জনোৱাৰ লগতে মত-বিনিময় কৰে।


অতিথিসকলক আদৰণি জনোৱাৰ লগতে মন্ত্ৰী গৰাকীয়ে আদৰণী পৰ্বত নিয়োজিত বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকর্তাসকলকো উৎসাহিত কৰে। উল্লেখযোগ্য যে অম্বুবাচী মহাযোগৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ তৰফৰ পৰাও 'প্রণাম' নামেৰে প্ৰথমবাৰৰ বাবে কামাখ্যা ৰেল ষ্টেছন, পাণ্ডু প'র্ট, ভূতনাথ, কামাখ্যা নামনি আৰু আদাবাৰীত ৫টা আদৰণী কক্ষ স্থাপন কৰি ভক্তসকলক আদৰণি জনোৱাৰ ব্যৱস্থা কৰিছে।


তদুপৰি পৰ্যটন বিভাগৰ তৰফৰ পৰা ৪টা ভাষাত ছপোৱা আদৰণী পুস্তিকা আদি বিতৰণৰো দিহা কৰা হৈছে। ইতিমধ্যে সহস্রাধিক ভক্তই মা কামাখ্যা মন্দিৰৰ দুৱাৰদলিত প্রতিঘণ্টাত প্ৰৱেশ কৰি আছে। সকলো ভক্তকে যাতে এষাৰ মাত লগাব পৰা যায় তাৰ বাবে বিভিন্ন দল-সংগঠনৰ কার্যকর্তাসকলে 'অতিথি দেৱো ভৱঃ' মনোভাৱেৰে প্ৰয়াস অব্যাহত ৰাখিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ