--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বুবাচী মহাযোগৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ তৰফৰ পৰাও 'প্রণাম' নামেৰে প্ৰথমবাৰৰ বাবে কামাখ্যা ৰেল ষ্টেছন, পাণ্ডু প'র্ট, ভূতনাথ, কামাখ্যা নামনি আৰু আদাবাৰীত ৫টা আদৰণী কক্ষ স্থাপন কৰি ভক্তসকলক আদৰণি জনোৱাৰ ব্যৱস্থা কৰিছে

ডিজিটেল ডেস্কঃ এইবাৰৰ অম্বুবাচী মহাযোগলৈ ৰাজ্যখনৰ বাহিৰৰ পৰা অহা ভক্তসকলক অসমবাসীৰ হৈ উষ্ম আদৰণি জনোৱাৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে যাতে বাহিৰৰ পৰা অহা ভক্ত তথা পর্যটকসকলে আতিথ্যৰ এক বিশেষ বার্তা কঢ়িয়াই লৈ যাব পাৰে।


ইয়াৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সোমবাৰে গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেছনত আবেলি উপস্থিত হৈ অম্বুবাচী মহাযোগলৈ অহা ভক্তসকলক অসমবাসীৰ হৈ উষ্ম আদৰণি জনোৱাৰ লগতে মত-বিনিময় কৰে।


অতিথিসকলক আদৰণি জনোৱাৰ লগতে মন্ত্ৰী গৰাকীয়ে আদৰণী পৰ্বত নিয়োজিত বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকর্তাসকলকো উৎসাহিত কৰে। উল্লেখযোগ্য যে অম্বুবাচী মহাযোগৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ তৰফৰ পৰাও 'প্রণাম' নামেৰে প্ৰথমবাৰৰ বাবে কামাখ্যা ৰেল ষ্টেছন, পাণ্ডু প'র্ট, ভূতনাথ, কামাখ্যা নামনি আৰু আদাবাৰীত ৫টা আদৰণী কক্ষ স্থাপন কৰি ভক্তসকলক আদৰণি জনোৱাৰ ব্যৱস্থা কৰিছে।


তদুপৰি পৰ্যটন বিভাগৰ তৰফৰ পৰা ৪টা ভাষাত ছপোৱা আদৰণী পুস্তিকা আদি বিতৰণৰো দিহা কৰা হৈছে। ইতিমধ্যে সহস্রাধিক ভক্তই মা কামাখ্যা মন্দিৰৰ দুৱাৰদলিত প্রতিঘণ্টাত প্ৰৱেশ কৰি আছে। সকলো ভক্তকে যাতে এষাৰ মাত লগাব পৰা যায় তাৰ বাবে বিভিন্ন দল-সংগঠনৰ কার্যকর্তাসকলে 'অতিথি দেৱো ভৱঃ' মনোভাৱেৰে প্ৰয়াস অব্যাহত ৰাখিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান